Logo
image

ৰাহুল গ’ল, আহিব প্ৰিয়ংকা

আমাৰ অসম, ১৬ ফেব্ৰুৱাৰীঃ বিধানসভা নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই অসমলৈ  মৰম উথলি উঠিছে সকলো ৰাজনৈতিক দলৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ৷ সেয়া শাসকীয় দল বিজেপিয়ে হওক অথবা বিৰোধী দল কংগ্ৰেছেই হওক৷ অসম ভ্ৰমণ সামৰি কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী গ’ল৷ ৰাহুল গান্ধীৰ পিছে পিছে অসমলৈ আহি আছে ছোনিয়া তনয়া প্ৰিয়ংকা গান্ধী৷ উত্তৰ অসমত প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে অসমলৈ আহিব প্ৰিয়ংকা গান্ধী৷ কংগ্ৰেছৰ এটা শীৰ্ষ সূত্ৰ মতে প্ৰিয়ংকা গান্ধীয়ে ২৩ ৰ পৰা ২৫ ফেব্ৰুৱাৰীৰ ভিতৰত অসমলৈ আহিব৷ তেজপুৰ আৰু বিশ্বনাথ চাৰিআলিৰ ভিতৰত কোনো ঠাইত জনসভাত ভাগ ল’ব ছোনিয়া তনয়াগৰাকীয়ে৷ দেওবাৰে ৰাহুল গান্ধীয়ে শিৱসাগৰত লক্ষাধিক লোকৰ সমাৱেশত ভাগ লৈছিল ৰাহুল গান্ধীয়ে৷ কংগ্ৰেছৰ সূত্ৰটোৰ মতে ছত্তিশগড়ৰৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল ১৯ ফেব্ৰুৱাৰীত অসমলৈ আহিব৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ইটোৰ পাছত আনটো অসম ভ্ৰমণৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ সমান্তৰালভাৱে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্বই অসমৰ ৰাজনীতি গৰম কৰি থকা কথাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে৷