Logo
image

১৫ ফেব্ৰুৱাৰীৰ পৰা চিবিএছইৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৩ ডিচেম্বৰঃ অৱশেষত ঘোষণা হ’ল কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ চি বি এছ ইৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা সময়সূচী প্ৰকাশ কৰা হৈছে৷ মঙলবাৰে চি বি এছ ইয়ে প্ৰকাশ কৰা সময়সূচী অনুসৰি ২০২৪ বৰ্ষৰ দশম শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষা ১৫ ফেব্ৰুৱাৰীৰ পৰা ১৩ মাৰ্চলৈ অনুষ্ঠিত হ’ব৷ আনহাতে দ্বাদশ শ্ৰেণীৰ ব’ৰ্ডৰ পৰীক্ষা ১৫ ফেব্ৰুৱাৰীত আৰম্ভ হৈ ২ এপ্ৰিলত অন্ত পৰিব৷ দশম শ্ৰেণীৰ পৰীক্ষা পুৱা ১০ বজাৰ পৰা দিনৰ ১২ বজালৈ অনুষ্ঠিত হ’ব৷ সময়সূচী অনুসৰি দশম শ্ৰেণীৰ বাংলা, অসমীয়া আদি ভাষা বিষয়ক পৰীক্ষা অনুষ্ঠিত হ’ব ২০ ফেব্ৰুৱাৰীত৷ ২১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব হিন্দী পৰীক্ষা৷ একেদৰে ২৬ ফেব্ৰুৱাৰীত ইংৰাজী, ২ মাৰ্চত বিজ্ঞান আৰু ১১ মাৰ্চত গণিতৰ পৰীক্ষা অনুষ্ঠিত হ’ব৷ আনহাতে দ্বাদশ শ্ৰেণীৰ বিজ্ঞান শাখাৰ পৰীক্ষাসূচী অনুসৰি ২২ ফেব্ৰুৱাৰীত ইংৰাজী, ২৭ ফেব্ৰুৱাৰীত ৰসায়ন বিজ্ঞান, ৪ মাৰ্চত পদাৰ্থ বিজ্ঞান, ৯ মাৰ্চত গণিতৰ পৰীক্ষা অনুষ্ঠিত হ’ব৷ আনহাতে বাণিজ্য শাখাৰ পৰীক্ষাসূচী অনুসৰি ২২ মাৰ্চত ইংৰাজী, ৯ মাৰ্চত গণিত, ১৮ মাৰ্চত অৰ্থনীতি, ২৩ মাৰ্চত একাউণ্টটেন্সি আৰু ২৭ মাৰ্চত বিজনেছ ষ্টাডিজৰ পৰীক্ষা অনুষ্ঠিত হ’ব৷ একেদৰে কলা শাখাত ১৯ ফেব্ৰুৱাৰীত ঐচ্ছিক বিষয়, ২২ ফেব্ৰুৱাৰীত ঐচ্ছিক ইংৰাজী, ২৯ ফেব্ৰুৱাৰী ভূগোল, ১৪ মাৰ্চত স্থানীয় ভাষা, ১৮ মাৰ্চত অৰ্থনীতি, ২২ মাৰ্চত ৰাজনীতি বিজ্ঞান আৰু ১ এপ্ৰিলত সমাজ তত্বৰ পৰীক্ষা অনুষ্ঠিত হ’ব৷ উল্লেখ্য মুঠ ৫৫ দিন ধৰি চলিব দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা৷ অৱশ্যে এইবাৰৰ পৰা চি বি এছ ই পৰীক্ষাত ডিভিজন আৰু ডিষ্টিংশ্বনৰ ব্যৱস্থা নাথাকিব৷