Logo
image

মোদী, অমিত শ্বাহৰ আগমনৰ পাছতেই ৰাজ্যত নিৰ্বাচন ঘোষণা

আমাৰ অসম, ১৭ ফেব্ৰুৱাৰীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আগন্তুক অসম ভ্ৰমণৰ পাছতেই ঘোষণা হ’ব বিধানসভাৰ আগন্তুক নিৰ্বাচনৰ দিন-বাৰ৷ উল্লেখ্য, শেহতীয়াভাৱে চৰকাৰী কাৰ্যসূচী লৈ সঘন অসম ভ্ৰমণলৈ আহিছে প্ৰধানমন্ত্ৰী মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ৷ ২৫ ফেব্ৰুৱাৰীত অমিত শ্বাহ পুনৰ অসমলৈ আহিব৷ সেইদিনা তেওঁ বটদ্ৰৱা সত্ৰত সেৱা লোৱাৰ উপৰি ১৮৮ কোটি টকা ব্যয়সাপেক্ষ প্ৰস্তাৱিত বটদ্ৰৱা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব৷ ইয়াৰ পূৰ্বে ২৪ জানুৱাৰীত কোকৰাঝাৰ আৰু নলবাৰী ভ্ৰমণসূচী লৈ অমিত শ্বাহ৷ কোকৰাঝাৰত বিটিআৰ চুক্তিৰ প্ৰথম বৰ্ষপূৰ্তি উদ্বোধনী অনুষ্ঠানত অংশ লোৱাৰ উপৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ ৮টাকৈ আধাৰশিলা ৰিম’ট কণ্ট্ৰ’লৰ জৰিয়তে স্থাপন কৰিছিল৷ ১১ ফেব্ৰুৱাৰীত সম্পূৰ্ণ ব্যক্তিগত কাৰ্যসূচী লৈ অমিত শ্বাহ চিৰাং ভ্ৰমণলৈ আহিছিল৷ অমিত শ্বাহৰ সমান্তৰালভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও চৰকাৰী কাৰ্যসূচী লৈ সঘনে অসম ভ্ৰমণলৈ আহি আছে৷ ২৩ জানুৱাৰীত শিৱসাগৰৰ জেৰেঙা পথাৰ আৰু ৭ ফেব্ৰুৱাৰীত ঢেকীয়াজুলিলৈ চৰকাৰী ভ্ৰমণসূচী লৈ আহিছিল মোদী৷ জেৰেঙা পথাৰৰ সভাত ৰাজ্যৰ ৰ লাখ খিলঞ্জীয়া লোকক মাটিৰ পট্টা দিয়া কাৰ্যসূচীৰ শুভাৰম্ভ কৰিছিল মোদীয়ে৷ আনহাতে, ঢেকীয়াজুলিত ৩৪,০০০ কোটি টকাৰ অসম মালা প্ৰকল্প, বিশ্বনাথ আৰু চৰাইদেউত চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিছিল৷ ২২ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী মোদী পুনৰ অসম ভ্ৰমণলৈ আহিব৷ এইবাৰ তেওঁ ধেমাজিৰ চিলাপথাৰত এক চৰকাৰী কাৰ্যসূচীত অংশ ল’ব৷ লক্ষণীয়ভাৱে প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ বৰ্তমানলৈ এই সঘন অসম ভ্ৰমণৰ প্ৰতিটো কাৰ্যসূচীয়েই আছিল চৰকাৰী৷ কিন্তু বিজেপি দলে অতি কৌশলেৰে এই চৰকাৰী কাৰ্যসূচীসমূহক দলৰ নিৰ্বাচনী প্ৰচাৰ সভাত পৰিণত কৰিছিল৷ প্ৰধানমন্ত্ৰী বা গৃহমন্ত্ৰী নিৰ্বাচনী প্ৰচাৰলৈ অহাটো নিতান্তই স্বাভাৱিক৷ এনে নিৰ্বাচনী প্ৰচাৰ সভাসমূহৰ সমস্ত ব্যয় আৰু আয়োজনৰ দায়িত্বত থাকে প্ৰদেশ বিজেপি৷ বাজপেয়ী ভৱনৰ পৰা ব্যয় কৰিব লাগে এনে জনসভাৰ সমস্ত খৰচ৷ কিন্তু বিজেপি দলে নিজৰ পুঁজিৰ পৰা প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ কাৰ্যসূচীসমূহৰ ব্যয় বহন কৰাৰ পৰিৱৰ্তে ৰাজ্য চৰকাৰেহে এই ব্যয় বহন কৰি আছে৷ কেৱল ব্যয় বহন কৰাই নহয়, নিৰ্বাচনী প্ৰচাৰ সভালৈ পৰ্যবসিত এই চৰকাৰী কাৰ্যসূচীসমূহৰ আয়োজন আৰু তদাৰকৰ দায়িত্বতো আছে ৰাজ্য প্ৰশাসন৷ এনে প্ৰতিখন জনসভাৰ নামত ৰাজকোষৰ পৰা ব্যয় হৈ আছে কোটি কোটি টকা৷ প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী চৰকাৰী কাৰ্যসূচী লৈ সঘন অসম ভ্ৰমণৰ আঁৰত লুকাই আছে আন এক ৰহস্য৷ বিজেপিৰ এই দুজন শীৰ্ষ নেতাৰ ভ্ৰমণ কাৰ্যসূচী শেষ হোৱাৰ পাছতেই ঘোষণা হ’ব নিৰ্বাচনী দিন-বাৰ৷ প্ৰধানমন্ত্ৰী মোদী আৰু অমিত শ্বাহৰ আগন্তুক অসম ভ্ৰমণেই হয়তো অন্তিম চৰকাৰী কাৰ্যসূচী হ’ব৷ ফেব্ৰুৱাৰীৰ শেষৰটো সপ্তাহত বা মাৰ্চৰ প্ৰথমটো সপ্তাহত অসমৰ নিৰ্বাচনী অধিসূচনা ঘোষণা হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷ সেইসূত্ৰে এপ্ৰিলৰ প্ৰথম আৰু দ্বিতীয় সপ্তাহত দুটা পৰ্যায়ত অসমত নিৰ্বাচন অনুষ্ঠিত হোৱাটো নিশ্চিত৷ নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ পাছতেই প্ৰধানমন্ত্ৰীয়েই হওক বা কেন্দ্ৰীয় গৃহমন্ত্ৰীয়েই হওক, কোনেও চৰকাৰী কাৰ্যসূচী হাতত লৈ অসমলৈ আহিব নোৱাৰিব৷ তেনেক্ষেত্ৰত বাজপেয়ী ভৱনৰ পৰা বহন কৰিব লাগিব প্ৰধানমন্ত্ৰী মোদী বা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্বাচনী প্ৰচাৰ সভাৰ সমস্ত ব্যয়৷ এই ব্যয়ৰ পৰা হাত সাৰিবলৈকে বিজেপি দলে অতি কৌশলেৰে নিৰ্বাচনী অধিসূচনা জাৰিৰ পূৰ্বেই চৰকাৰী কাৰ্যসূচীৰ জৰিয়তে মোদী আৰু অমিত শ্বাহৰ অধিকাংশ ভ্ৰমণ সম্পন্ন কৰাৰ পৰিকল্পনা কৰিছে৷ সেয়ে তেওঁলোকৰ দ্বাৰা এই সময়ছোৱাৰ ভিতৰতে বিভিন্ন চৰকাৰী আঁচনি আৰম্ভ কৰাৰ লগতে আধাৰশিলা স্থাপনৰ কাম সম্পন্ন কৰিব বিচাৰিছে বিজেপি দলে৷