লুক-ঢাক নাই, দুই বিধায়ক ব্যস্ত কয়লা ছিণ্ডিকেটত
আমাৰ অসম, ১৭ ফেব্ৰুৱাৰীঃ ৰাজ্যত যিমানেই বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি আহিছে সিমানেই বৃদ্ধি পাইছে চোৰাং কয়লাৰ সৰবৰাহ৷ ৰাজনৈতিক পৃষ্ঠপোষতাত বৰাক-ব্ৰহ্মপুত্ৰ সকলোতে এতিয়া চোৰাং কয়লা সৰবৰাহৰ ধুম উঠিছে৷ উজনি অসমৰ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত সম্প্ৰতি কয়লা চুৰে অভিলেষ সৃষ্টি কৰিছে৷ সমষ্টিটোৰ বিজেপি বিধায়ক ভাস্কৰ শৰ্মাৰ পৃষ্ঠপোষকতাত নিৰ্বাচনী পুঁজি সংগ্ৰহৰ লক্ষ্যৰে এতিয়া অঞ্চলটোত ধুম-ধামেৰে চলিছে চোৰাং কয়লাৰ সৰবৰাহৰ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশত গঠিত তদন্ত আয়োগে মাৰ্ঘেৰিটাৰ চোৰাং কয়লা সৰবৰাহৰ বিৰুদ্ধে তদন্ত প্ৰক্ৰিয়া চলাই থকাৰ মাজতো অঞ্চলটোত কয়লা মাফিয়াৰ দৌৰাত্ম্য দেখি চকু কপালত উঠিছে স্থানীয় ৰাইজৰ৷ আৰক্ষীৰ পৃষ্ঠপোষকতাত চলা অবৈধ কয়লাৰ এই ছিণ্ডিকেটৰ নেতৃত্বত স্বয়ং সমষ্টিটোৰ বহু বিতৰ্কিত বিধায়ক ভাস্কৰ শৰ্মাৰ নাম সৰ্বজনবিদিত৷ কিছুদিন পূৰ্বে উগ্ৰ সাম্ৰদায়িক ভাষণ দি ৰাইজৰ গৰিহণাৰ পাত্ৰ হৈ পৰা এইজন বিধায়ক ভাস্কৰ শৰ্মাৰ নেতৃত্বতে এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে পুঁজি সংগ্ৰহৰ লক্ষ্যৰে মাৰ্ঘেৰিটাত এতিয়া কয়লাৰ মুকলি ছিণ্ডিকেট চলা বুলি সৰ্বত্ৰে চৰ্চা লাভ কৰিছে৷ উল্লেখ্য, ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত মোদীৰ পৰিৱৰ্তনৰ ঢৌত উঠি সমষ্টিটোৰ গাদী দখল কৰা বিধায়ক ভাস্কৰ শৰ্মাৰ বাবে এইবাৰ প্ৰাৰ্থিত্ব লাভৰ ক্ষেত্ৰত সৃষ্টি হৈছে বৃহৎ প্ৰত্যাহ্বান৷ যাৰ বাবে বিধায়ক ভাস্কৰ শৰ্মাই দলীয় প্ৰাৰ্থিত্ব নিজৰ দখলত ৰখাৰ উদ্দেশ্যে আৰম্ভ কৰিছে নতুন অংক৷ এক সূত্ৰই প্ৰকাশ কৰা মতে, বিধায়ক ভাস্কৰ শৰ্মা এতিয়া ব্যস্ত চোৰাং কয়লাৰ ধনেৰে নিৰ্বাচনী পুঁজি সংগ্ৰহত ৷ সূত্ৰটোৱে দাবী কৰা মতে, আগন্তুক এপ্ৰিল মাহত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনত বিধায়কজনে ৩০কোটিৰো অধিক টকা খৰচ কৰাৰ প্ৰতিশ্ৰুতি দিছে৷ যাৰ বাবে চোৰাং কয়লাৰ ছিণ্ডিকেটৰ জৰিয়তে এই ধন সংগ্ৰহ কৰাৰ বাবে প্ৰস্তুতি চলাইছে৷ সূত্ৰটোৱে প্ৰকাশ কৰা মতে, বিধায়ক ভাস্কৰ শৰ্মাই নিজৰ এজন আত্মীয়ৰ লগতে সুনীল গুৰুং নামৰ কয়লা মাফিয়াজনক মাৰ্ঘেৰিটা, লিডু, জাগুনৰ ইটাভাটাসমূহত চোৰাং কয়লা সৰবৰাহৰ বাবে দায়িত্ব প্ৰদান কৰিছে৷ ইতিমধ্যে মাৰ্ঘেৰিটা, লিডু আৰু জাগুনৰ নতুন ইটাভাটাসমূহৰ গৰাকীৰ সৈতে বুজাবুজি কৰি চোৰাং কয়লা সৰবৰাহৰ কাম পূৰ্ণগতিত চলিছে৷ মন কৰিবলগীয়া যে, স্থানীয় ইটাভাটাসমূহৰ সমান্তৰালকৈ নিশা ডাম্পাৰযোগে মাৰ্ঘেৰিটাৰ চোৰাং কয়লা মাকুম, তিনিচুকীয়া, চাবুৱা, ডিকম তথা ডিব্ৰুগড়পৰ্যন্ত একাধিক ইটাভাটালৈ সৰবৰাহ হৈছে৷ প্ৰতিনিশা ২ বজাৰ পাছত মাৰ্ঘেৰিটাৰ চাংলাং তিনিআলি পথেৰে নামডাং পাহাৰ আৰু অৰুণাচল প্ৰদেশৰ আৰাধাৰা পাহাৰৰ পৰা নিতৌ ডাম্পাৰে ডাম্পাৰে এতিয়া চোৰাং কয়লাৰ সৰবৰাহৰ দৃশ্যই চকু কপালত তুলিছে সচেতন মহলৰ৷ চাংলাং তিনিআলি পথেদি কয়লা পৰিবাহী ডাম্পাৰ পৰিৱহণত কিবা বাধা থাকিলে নামডাং চাহ বাগিচাৰ পথেৰেও নিশা কয়লা পৰিবাহী ডাম্পাৰসমূহ চলাচল কৰা বুলি একাংশ চাহ শ্ৰমিকে জানিবলৈ দিছে৷ বিধায়ক ভাস্কৰ শৰ্মাৰ নিৰ্দেশত মাৰ্ঘেৰিটাৰ নৱনিযুক্ত মহকুমা আৰক্ষী বিষয়া পোনা গগৈ আৰু মাৰ্ঘেৰিটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উৎপল বৰাৰ প্ৰত্যক্ষ সহযোগত চলা এই চোৰাং কয়লাৰ সৰবৰাহৰ দৃশ্য দেখি এতিয়া তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়াও চকু মুদা কুলিৰ ভাও ধৰিছে৷ কুখ্যাত কয়লা মাফিয়া সুনিল গুৰুঙৰ নেতৃত্বতে এতিয়া জাকিৰ হুছেইন, ভাস্কৰ চৌধুৰী [ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ খুলশালিয়েক], ৰিতু আলী, ৰাজীৱ সিং, ৰাজু ছেত্ৰীকে ধৰি একাংশই কয়লা চুৰিত জঁপিয়াই পৰিছে৷ তদুপৰি, সুনিল গুৰুঙৰ বিৰুদ্ধে বৰগোলাইৰ এটা কোক কল ভাটাৰ পৰা পঞ্জাৱ বডী ট্ৰাকেৰে চোৰাং কয়লা সৰবৰাহ কৰাৰো অভিযোগ উত্থাপন হৈছে৷ শেহ¸তীয়া অঞ্চলটোৰ বৰগোলাই, লিডু, লেখাপানী আৰু জাগুনৰ দুই-এক স্থানতো কয়লাৰ অবৈধ খনন আৰু সৰবৰাহ আৰম্ভ হৈছে৷ বৰ্তমানে একোখনকৈ কয়লা পৰিবাহী ডাম্পাৰৰ পৰা আৰক্ষীয়ে ৪৫ হাজাৰকৈ গুণ্ডাকৰ সংগ্ৰহ কৰিছে৷ কিছুদিন আগলৈকে এই মূল্য আছিল ৪০ হাজাৰ টকা৷ সততে দুৰ্নীতি, ছিণ্ডিকেটত জড়িত নহয় বুলি মেলে-মিটিঙে ডিঙিৰ সিৰ ফুলাই ভাষণ দিয়া বিধায়ক ভাস্কৰ শৰ্মাৰ গাত যদি কয়লাৰ ক’লা দাগ নাই তেনেহ’লে কয়লা ছিণ্ডিকেট বন্ধ কৰাৰ ক্ষেত্ৰত তৎপৰতা দেখুৱাবলৈ প্ৰত্যাহ্বান জনাইছে সমষ্টিবাসীয়ে৷ ইপিনে, সমান্তৰালভাৱে শদিয়াৰ বিধায়ক বলীন চেতিয়াও নামি পৰিছে অবৈধ কয়লা সৰবৰাহত৷ অহা নিৰ্বাচনত পুনৰ প্ৰাৰ্থিত্বপ্ৰত্যাশী চেতিয়াই সমগ্ৰ ৰাজ্যজুৰি অবৈধ কয়লা সৰবৰাহৰ ছিণ্ডিকেট সাজু কৰিছে৷ কেনেকৈ? পৰৱৰ্তী সংখ্যাত৷






