Logo
image

বাৰাণসীত মুকলি বিশ্বৰ বৃহত্তম যোগকেন্দ্ৰ

বাৰাণসী, ১৯ ডিচেম্বৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে বিশ্বৰ বৃহত্তম ধ্যানকেন্দ্ৰ স্বৰভেদ মন্দিৰৰ দ্বাৰ মুকলি কৰে৷ বাৰাণসী ভ্ৰমণৰ দ্বিতীয় দিনা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথক লগতলৈ মোদীয়ে মুকলি কৰে বৃহৎ মন্দিৰটোৰ দুৱাৰ৷ সাত মহলীয়া এই বিশেষ মন্দিৰটোৰ প্ৰাচীৰত খোদিত কৰা হৈছে অপূৰ্ব কাৰুকাৰ্য৷ মন্দিৰৰ চূড়াত স্থাপন কৰা হৈছে বিশেষ কাৰু কাৰ্যৰে সজ্জিত ১২৫ টা পাঁহিযুক্ত পদুমফুল৷ তদুপৰি ২০,০০০ লোক একেলগে বহিব পৰা ব্যৱস্থা আছে মন্দিৰটোত৷ মুঠ ৩ লাখ বৰ্গফুট এলেকা সামৰি থকা এই স্বৰভেদ মন্দিৰৰ প্ৰাচীৰত লিপিৱদ্ধ কৰা হৈছে ৩,১৭৩টা শ্লোক৷ ১৫ জন ইঞ্জিনীয়াৰৰ তত্বাৱধানত ৬০০ নিৰ্মাণ শ্ৰমিকৰ দ্বাৰা নিৰ্মিত মন্দিৰটোত লগোৱা হৈছে মাৰবানা মাৰ্বল৷ মন্দিৰৰ বৃহৎ চৌহদত বিভিন্ন ঔষধি গুণ সম্পন্ন গছ ৰোপণ কৰাৰ লগতে আছে ১০১ টা ৱাটাৰ ফাউণ্টেইন৷ বাৰাণসীৰ পৰা ১২ কিলোমিটাৰ নিলগৰ উমৰাহত নিৰ্মাণ কৰা মন্দিৰটোৰ নামকৰণ সদগুৰু শ্ৰী সাদাফ¸ল দেওজী মহাৰাজে লিখা এখন আধ্যাত্মিক গ্ৰন্থ অনুসৰি ‘স্বৰভেদ মন্দিৰ’ কৰা হৈছে৷ উল্লেখ্য যে সদগুৰু শ্ৰী সাদাফল দেওজী বিহংগম যোগৰ প্ৰতিষ্ঠাক আছিল৷