Logo
image

মন্ত্ৰিত্ব এৰি মুখ্য কাৰ্যবাহী হ’ব নন্দিতা

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৯ ডিচেম্বৰঃ মন্ত্ৰিত্ব এৰি ডিমা হাচাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী হ’ব নেকি নন্দিতা গাৰ্লোছা? নে বিজেপিৰ নেতৃত্ব সন্তুষ্ট নহয় ডিমা হাচাও স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী দেবোলাল গাৰ্লোচাৰ কাম কাজত?– এয়া আজিৰ তাৰিখৰ বিজেপিৰ আভ্যন্তৰত চলা চৰ্চাৰ অন্যতম বিষয়৷ ৰাজ্যৰ শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোছাই দুটা পৰিষদীয় সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ প্ৰস্তুতি চলোৱাৰ পৰিপ্ৰেক্ষিততে এনে প্ৰশ্নৰ অৱতাৰণা  হৈছে৷ ‘আমাৰ অসম’ৰ হাতত পৰা তথ্য মতে ডিমা হাচাও পৰিষদীয় নিৰ্বাচনত মন্ত্ৰী নন্দিতা গাৰ্লোচাই মাইবং ইষ্ট আৰু গুঞ্জুং পৰিষদীয় সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব৷ ইতিমধ্যে তেওঁ পৰিষদীয় নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ যাৱতীয় কাম সম্পূৰ্ণ কৰিছে৷ উল্লেখ্য, ৮ জানুৱাৰীত অনুষ্ঠিত হ’ব ডিমা হাচাও স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন৷ সম্প্ৰতি বিজেপিৰ দখলত থকা পৰিষদখনত মুখ্য কাৰ্যবাহী হৈ আছে দেবোলাল গাৰ্লোচা৷ বিজেপিৰ এটা শীৰ্ষ সূত্ৰমতে দেবোলাল গাৰ্লোচাৰ কাম-কাজক লৈ সন্তুষ্ট নহয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ সেই বাবে তেওঁক মুখ্য কাৰ্যবাহী পদৰ পৰা আঁতৰ কৰিব বিচৰা হৈছে৷ পৰৱৰ্তী সময়ত পৰিষদখন মুখ্যমন্ত্ৰীৰ নিজৰ কব্জাত ৰখাৰ স্বাৰ্থত মুখ্য কাৰ্যবাহীৰ আসনত বহুৱাব বিচৰা হৈছে নন্দিতা গাৰ্লোচাক৷ সেই বাবে তেওঁক দুটা পৰিষদীয় সমষ্টিৰ পৰা নিৰ্বাচনী যুঁজত অৱতীৰ্ণ কৰাই আনিব বিচৰা হৈছে যাতে যিকোনো এটা সমষ্টিৰ পৰা হ’লেও তেওঁ জয়ী হৈ আহে৷ ইয়াকে লৈ কাৰ্বি পাহাৰত ব্যাপক চৰ্চা হৈছে৷

ডিমা হাচাওৰ নিৰ্বাচনত আমাৰ জয় অনিবাৰ্যঃ বিজেপি

‘আমাৰ অসম’ৰ মহানগৰ বাৰ্তাঃ ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীয়ে মঙলবাৰে দলৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয়ত সংবাদ মাধ্যমৰ জৰিয়তে কংগ্ৰেছ দলক  সমালোচনা কৰি কয়– শতিকা পুৰণি দল কংগ্ৰেছ দলে ভৰিৰ তলৰ মাটি হেৰুৱাবলৈ আৰম্ভ কৰিছে৷ যি সময়ত ভাৰতীয় জনতা পাৰ্টীয়ে ডিমা হাচাও স্বায়ত্ত্ব শাসিত পৰিষদীয় নিৰ্বাচনৰ হেতু দলৰ সাংগঠনিক শক্তিৰ সক্ৰিয়তা অধিক বৃদ্ধি কৰি তুলিছে, সেই সময়ত কিন্তু দেশৰ অন্যতম পুৰণি দল কংগ্ৰেছৰ অঞ্চলটোত কোনোধৰণৰ সাংগঠনিক শক্তি প্ৰত্যক্ষ হোৱা নাই৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, সাংসদ গৌৰৱ গগৈকে আদি কৰি কংগ্ৰেছৰ নেতাসকলক কটাক্ষ কৰি মুখপাত্ৰজনে কয় য়ে, সংগঠনবিহীন নেতাসকলে এতিয়া কাগজৰ বাঘ হৈয়েই নিৰ্বাচনী বৈতৰণী পাৰ হ’ব বিচাৰিছে৷ ইয়াৰ দ্বাৰা স্পষ্ট যে ডিমা হাচাও স্বায়ত্ত্ব শাসিত পৰিষদৰ ২৮টা সমষ্টিতে ভাৰতীয় জনতা পাৰ্টীয়ে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ’ব৷ কংগ্ৰেছ দল ৰাজতন্ত্ৰ আৰু পৰিয়ালতন্ত্ৰত বিশ্বাসী সেয়ে গৌৰৱ গগৈৰ দৰে কংগ্ৰেছী নেতাৰ মুখত ৰজা-ৰাণীৰ কথাই বেছিকৈ প্ৰাধান্যতা লাভ কৰে৷ কেৱল ভাৰতীয় জনতা পাৰ্টীক হেৰুৱাৰ স্বাৰ্থতহে তেওঁলোক একগোট হৈছে৷ তেওঁলোকে দেশ কেনেকৈ আগুৱাই নিব, ৰাইজৰ কেনেকৈ উন্নয়ন সাধন কৰিব সেই সম্পৰ্কত তেওঁলোকৰ কোনো ৰোডমেপ নাই৷ গোস্বামীয়ে আকৌ কয়, কংগ্ৰেছ দলে দীৰ্ঘদিন ধৰি সমাজক শোষণ কৰাৰ ফলতেই যুৱ সমাজে হাতত অস্ত্ৰ তুলি লৈছিল৷ এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সমগ্ৰ দেশত আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সমগ্ৰ ৰাজ্যত ব্যাপক হাৰত উন্নয়ন হোৱাটো তেওঁলোকে প্ৰত্যক্ষ কৰিছে সেয়ে তেওঁলোক শান্তিৰ চুক্তিৰ জৰিয়তে অস্ত্ৰ ত্যাগ কৰি সমাজৰ হৈ কাম কৰিবলৈ আগবাঢ়ি আহিছে৷ আজিৰ সংবাদ মেলত দলৰ জ্যেষ্ঠ নেতা ঋতুবৰণ শৰ্মাও উপস্থিত থাকে৷