Logo
image

উৎসৱ আহিছে, ক’ভিডো আহিছে! কেন্দ্ৰৰ সতৰ্কবাণী

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৯ ডিচেম্বৰঃ বৰদিন, নৱবৰ্ষ তথা লোকসভা নিৰ্বাচনৰ  প্ৰাকমুহূৰ্তত দেশত এইবাৰ ক’ভিডৰ নতুন ভেৰিয়েণ্টৰ সংক্ৰমণ আৰম্ভ হৈছে৷ ক’ভিডৰ নতুন ছাব ভেৰিয়েণ্ট জে এন ৰ ৰ সংক্ৰমণক লৈ উদ্বিগ্ন হৈ পৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়৷ কেৰালাত এগৰাকী ৰোগীৰ নমুনা পৰীক্ষাত জে এন.ৰ ভেৰিয়েণ্ট ধৰা পৰাত সমগ্ৰ দেশতে সতৰ্কতা জাৰি কৰিছে স্বাস্থ্য মন্ত্ৰণালয়ে৷ আই চি এম আৰৰ সঞ্চালক ডাঃ ৰাজীৱ চেহেলে বিগত ৬ ডিচেম্বৰত কেৰালাৰ তিৰুৱনন্তপুৰম জিলাৰ কাৰাকুলামৰ এগৰাকী ৭৯ বছৰীয়া মহিলাৰ আৰ টি পি চি আৰ নমুনা পৰীক্ষাত ক’ভিডৰ উপ প্ৰজাতিটো ধৰা পৰাৰ কথা নিশ্চিত কৰিছে৷ আই চি এম আৰৰ এই প্ৰতিবেদনৰ পাছতেই কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে অসমৰ লগতে প্ৰতিখন ৰাজ্যলৈ জৰুৰী সতৰ্কতা জাৰি কৰিছে৷ বিশেষকৈ বৰদিন, নৱবৰ্ষৰ অনুষ্ঠানত জন সমাগমৰ প্ৰতি লক্ষ্য ৰাখি এই সতৰ্কতা জাৰি কৰিছে৷ ডিচেম্বৰত উৎসৱৰ নামত যাতে ক’ভিডৰ সংক্ৰমণ বৃদ্ধি নাপায়, তাক নিশ্চিত কৰাৰ বাবেও নিৰ্দেশ দিয়া হৈছে৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে ক’ভিডৰ লক্ষণ দেখা দিয়া ৰোগীক ততালিকে আৰ টি পি চি আৰ টেষ্টৰ কৰাৰ লগতে জিনম ছিকোয়েন্সিং কৰা বাবেও নিৰ্দেশ দিছে৷ তদুপৰি নমুনা পৰীক্ষাৰ প্ৰতিটো ৰিপ’ৰ্ট কেন্দ্ৰীয় চৰকাৰক অৱগত কৰিবলৈকো কোৱা হৈছে৷ স্বাস্থ্য মন্ত্ৰণালয় সচিবে অসম চৰকাৰৰ মুখ্য সচিবলৈ এই পত্ৰ প্ৰেৰণ কৰিছে৷ ইফালে কেন্দ্ৰীয় চৰকাৰৰ এই সতৰ্কতামূল্যক পাছতেই কৰ্ণাটক চৰকাৰে ৰাজ্যখনৰ বয়সস্থ লোকক মাস্ক পৰিধান কৰাৰ বাবে নিৰ্দেশ দিছে৷ কেৰালাত ডিচেম্বৰৰ প্ৰথম ১০ দিনতে ৮২৫ জন লোক ক’ভিডত আক্ৰান্ত হোৱাৰ লগতে এজন ৮২ বছৰীয়া বৃদ্ধৰ মৃত্যুৰ খবৰৰ পৰিপ্ৰেক্ষিততেই এই সতৰ্কতাৰ ব্যৱস্থা কৰিছে কৰ্ণাটক চৰকাৰ৷ লক্ষণীয়ভাৱে কেৰালাৰ ৭৯ বছৰীয়া মহিলাগৰাকী জে এন. ৰ আক্ৰান্ত হোৱাৰ পূৰ্বে ছিংগাপুৰত এগৰাকী ভাৰতীয় ভ্ৰমণকাৰীৰ শৰীৰত জে এন.১ ৰ সংক্ৰমণ ধৰা পৰিছিল৷ তামিলনাডুৰ তিৰুচিৰাপল্লী জিলাৰ বাসিন্দা এইগৰাকী ব্যক্তিয়ে যোৱা ২৫ অক্টোবৰত ছিংগাপুৰ ভ্ৰমণৰ বাবে গৈছিল৷ অৱশ্যে তামিলনাডুৰ তিৰুচিৰাপল্লী জিলাৰ এইগৰাকী ব্যক্তিৰ শৰীৰত ক’ভিডৰ এই নতুন চাব ভেৰিয়েণ্টবিধৰ অৱস্থিতি পোৱা গৈছিল যদিও ৰাজ্যখনৰ আন কোনো ঠাইত ইয়াৰ সংক্ৰমণৰ তথ্য পোহৰলৈ অহা নাই৷ অৱশ্যে কেৰালা আৰু তামিল নাডুৰ এই ঘটনাৰ  এতিয়ালৈকে ভাৰতৰ আন কোনো প্ৰান্তত জে এন.ৰ ভেৰিয়েণ্টত আক্ৰান্ত ৰোগী চিনাক্ত হোৱা নাই৷ উল্লেখ্য, ক’ভিড-১৯ ৰ উপ-প্ৰকাৰ জে এন.ৰ প্ৰথমে লাক্সেমবাৰ্গত চিনাক্ত কৰা হৈছিল৷ কেইবাখনো দেশলৈ বিয়পি পৰা এই সংক্ৰমণ পিৰোলো ফৰ্ম (BA.2.86)ৰ সৈতে সম্পৰ্কিত৷  বিশেষজ্ঞৰ মতে ইয়াত বিশেষকৈ স্পাইক প্ৰ’টিনত যথেষ্ট সংখ্যক অনন্য মিউটেচন থাকে, যিয়ে সংক্ৰমণ বৃদ্ধি কৰিব পাৰে৷প্ৰাথমিক তথ্য অনুসৰি ভেকচিন আৰু চিকিৎসাই  জে এন.ৰ চাবষ্ট্ৰেইনবিধৰ বিৰুদ্ধে সুৰক্ষা প্ৰদান কৰিব৷