Logo
image

পৰেশ বৰুৱাই আঁতৰত থাকি ভাবুকি দি লাভ নাই

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৯ ডিচেম্বৰঃ ‘কোনো ৰাষ্ট্ৰবিৰোধী কাৰ্যকলাপ গ্ৰহণযোগ্য নহয়, ইয়াৰে মোকাবিলা কৰিবলৈ অসম আৰক্ষী সাজু আছে৷ আলফাই যদি অসমক ভাল পায় তেওঁলোকে অসমলৈ আহি অসমৰ উন্নয়নৰ বাবে কাম কৰক৷ এনেকৈ ভাবুকি দি থাকি লাভ নাই৷’ এই মন্তব্য অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্ৰধান হৰমিত সিঙৰ৷ আজি তেজপুৰ সদৰ আৰক্ষী থানাত আৰক্ষীৰ আভ্যন্তৰীণ নিৰীক্ষণৰ বাবে আহি সাংবাদিকে আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই শেহতীয়াকৈ অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জিপি সিঙক জনোৱা প্ৰত্যাহ্বান সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্ৰধান সিঙে কয় যে আলফাই আঁতৰত লুকাই থাকি এইদৰে ভাবুকি দি থাকিলে নহ’ব৷ ইয়াৰ পৰা একো লাভ নাই, অসম আৰক্ষীয়ে এই  প্ৰত্যাহ্বান  ল’বলৈ সাজু আছে৷ তেওঁ লগতে কয় যে, ধবংসাত্মক কাৰ্যকলাপৰ বাবে ক্ষতি অসমৰ ৰাইজৰহে হ’ব, আলফাও অসমলৈ ঘূৰি আহক বৰ্তমান হৈ থকা অৰ্থনৈতিক, সামাজিক উন্নয়নৰ কামত জড়িত হওক৷ বৰ্তমান চৰকাৰৰ দিনত ৰাজ্যত ভাল আৰু উন্নয়নৰ কাম হৈছে৷ ‘তেওঁ লগতে কয় যে ক’ৰবাত লুকাই কৈ থাকিলে কি হ’ব, অসমলৈ আহক আৰু কিবা ক’বলগীয়া থাকিলে কওক৷ উল্লেখ্য, আজি তেজপুৰ সদৰ আৰক্ষী থানা পৰিদৰ্শন কৰি বিশেষ আৰক্ষী সঞ্চালকপ্ৰধানজনে সদৰি কৰে যে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নিদ্দেৰ্শ অনুসৰি মৈত্ৰী আঁচনিৰ অধীনত অসমৰ থানাসমূহৰ উন্নীতকৰণ প্ৰক্ৰিয়া চলি আছে৷ উক্ত আঁচনিৰ অধীনত বত্তৰ্মানলৈকে ৰাজ্যখনত ৭৬খন থানা উন্নীতকৰণ কৰা হৈছে আৰু তিনিশখন থানা মৈত্ৰী আঁচনিৰ অধীনত উন্নীতকৰণ প্ৰক্ৰিয়া চলি আছে৷ আৰক্ষী থানাসমূহ পূৰ্বতকৈ ভাল হৈছে আৰু অপৰাধৰ সংখ্যা ৫০ শতাংশ হ্ৰাস পোৱা বুলিও তেওঁ মন্তব্য কৰে৷