Logo
image

তৃতীয়বাৰৰ বাবেও শপতনামা দিয়াত ব্যৰ্থ ৰাজ্য চৰকাৰ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৯ ডিচেম্বৰঃ এপিএছচি কেলেংকাৰিৰ অভিযুক্তক শ্ৰেণী বিভাজন কৰি তদন্ত কৰিলেও উচ্চ ন্যায়ালয়ত তদন্তৰ খতিয়ান দিয়াত ব্যৰ্থ হৈছে অসম চৰকাৰ৷ অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰিৰ সন্দৰ্ভত প্ৰাক্তন ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদন কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা স্থিতি আদালতক অৱগত কৰিবলৈ গৈ ৰহস্যজনক কাৰণত পিছ হোঁহকিব লগীয়া হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন গৃহ বিভাগ৷ ফাইট এগেইনষ্ট ইনজাষ্টিচ অৱ এপিএছচিৰ হৈ প্ৰীতম হাজৰিকা আৰু জোনজ্যোতি শৰ্মাই ন্যায়িক আয়োগৰ প্ৰতিবেদন কাৰ্যকৰী কৰাৰ লগতে প্ৰতিবেদন ৰাজহুৱা কৰাৰ আৰ্জিৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰুজু কৰা এটা ৰাজহুৱা স্বাৰ্থজড়িত গোচৰক লৈ গৃহ বিভাগ বিবুধিত পৰিছে৷ গোচৰীয়া পক্ষই ন্যায়িক আয়োগৰ প্ৰতিবেদনত অভিযুক্তৰ তালিকাত স্থান দিয়া বিষয়াক চৰকাৰে পদোন্নতি আৰু চৰকাৰী চাকৰি কৰি থাকিবলৈ সুযোগ দিয়া বিষয়টোও আদালতৰ দৃষ্টিগোচৰ কৰিছিল৷ এই গোচৰৰ শুনানি গ্ৰহণ কৰি ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে চৰকাৰক স্থিতি স্পষ্ট কৰিবলৈ নিৰ্দেশ দিছিল৷ সেই অনুসৰি চৰকাৰী পক্ষৰ অধিবক্তাক ইয়াৰ পূৰ্বে ন্যায়িক আয়োগৰ প্ৰতিবেদন কাৰ্যকৰীকৰণৰ সন্দৰ্ভত শপতনামা দাখিলৰ বাবে দুবাৰকৈ সময়সীমা ধাৰ্য কৰি দিয়া হৈছিল যদিও দুয়োবাৰেই ব্যৰ্থ হয়৷ সোমবাৰে তৃতীয়বাৰৰ বাবে শপতনামা দাখিল দিন ধাৰ্য কৰা হৈছিল যদিও চৰকাৰী পক্ষৰ অধিবক্তাই বিভিন্ন অজুহাতেৰে শপতনামা দাখিলৰ পৰাও বিৰত থাকে৷ যাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে চৰকাৰী পক্ষক শপতনামা দাখিলৰ বাবে অহা ১০ জানুৱাৰীলৈ সময় বান্ধি দিছে৷ শপতনামা দাখিলত চৰকাৰী পক্ষকৰ হোহোঁকা-পিচলা নীতিক সমালোচনা কৰি ফাইট এগেইনষ্ট ইনজাষ্টিচ অৱ এপিএছচিৰ প্ৰশাসক মানস প্ৰতীম বৰুৱাই মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ন্যায়িক আয়োগে অভিযুক্ত কৰা বিষয়াক এছআইটিয়ে শ্ৰেণী বিভাজন কৰি সুৰক্ষা দিয়াৰ বাবেই আদালতত শপতনামা দাখিলত ইচ্ছাকৃতভাৱে বিলম্ব কৰাও অভিযোগ কৰে৷ অৱশ্যে ন্যায়িক আয়োগৰ প্ৰতিবেদনক লৈ  গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ চলি থকাৰ সমান্তৰালভাৱে এছ আই টিৰো তদন্ত অব্যাহত আছে৷ সোমবাৰে জালিয়াতিৰে বাছনি লাভ কৰা আন এগৰাকী এপিএছ বিষয়া এছ আই টিৰ জেৰাৰ সন্মুখীন হয়৷ এছ আই টিয়ে দিনজোৰা জেৰা চলোৱা বিষয়াগৰাকী হৈছে আৰক্ষী সঞ্চালকপ্ৰধানৰ কাৰ্যালয়ৰ নিলম্বিত অতিৰিক্ত আৰক্ষী অধীক্ষক ৰুমিৰ তিমুংপি৷ ২০১৩ বৰ্ষৰ পৰীক্ষাত ৰুমিৰ তিমুংপিক টেবুলেশ্বন শ্বীটত ২০০ নম্বৰ বৃদ্ধি কৰি এপিএছ বাছনি কৰিছিল ৰাকেশ পালে৷ এপিএছচিৰ নিযুক্তি কেলেংকাৰিৰ গোচৰটোত প্ৰাক্তন বিজেপি সাংসদ আৰ পি শৰ্মাৰ ডি এছ পি কন্যা পল্লৱী শৰ্মা গ্ৰেপ্তাৰ হোৱাৰ পাছত এইবাৰ বিজেপি বিধায়ক বোৱাৰী, বিজেপি যুৱ মৰ্চাৰ উপ-সভাপতিৰ পত্নী তথা স্বায়ত্ব শাসিত পৰিষদৰ বিজেপি সদস্যৰ কন্যা ৰুমিৰ তিমুংপিয়ে আৰক্ষীৰ জেৰাৰ সন্মুখীন হোৱাৰ ঘটনাই বিশেষ তাৎপৰ্যবহন কৰিছে৷ ৰাজনীতি বিজ্ঞান, ইংৰাজী, সমাজতত্বৰ মুঠ ৪ খন উত্তৰ বহীত নম্বৰ বৃদ্ধি কৰা সৌভাগ্যশালী ৰুমিৰ তিমুংপি হৈছে কাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদৰ বিজেপি সদস্য মংগলছিং তিমুঙৰ কন্যা৷ বক্ৰ পথেৰে চাকৰি লোৱা ৰুমিৰ তিমুংপি বৰ্তমান বিজেপি বিধায়ক বিদ্যাচ্ছিং ইংলেঙৰ বোৱাৰী আৰু বিজেপি যুৱ মৰ্চাৰ উপ-সভাপতি ৰুকসেন ইংলেঙৰ পত্নী৷ ৰাজনৈতিকভাৱে প্ৰভাৱশালী হোৱাৰ বাবেই গৃহ বিভাগে ইমানদিনে ৰুমিৰ তিমুংপিক সুৰক্ষা দি ৰখাৰ লগতে বৰ্তমান নিলম্বন কৰিয়েই ৰেহাই দিয়াৰ চেষ্টা চলোৱা বুলিও খোদ তদন্তকাৰী আৰক্ষীৰ সূত্ৰই সদৰী কৰিছে৷ অৱশ্যে এবছৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হোৱা ৰুমিৰ তিমুংপিক জেৰাৰ অন্তত যাবলৈ দিয়ে যদিও এইবাৰ এছ আই টিয়ে তলব কৰিছে আন এজন অভিযুক্ত সহকাৰী সমবায় পঞ্জীয়ক বিকাশ শৰ্মাক৷