Logo
image

অসমৰ প্ৰতীকপট এইবাৰ চাহশিল্প

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২১ ডিচেম্বৰঃ দেশৰ ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ দিল্লীৰ পেৰেডত এইবাৰ অসমৰ প্ৰতীক পট হিচাপে উজলি উঠিব ২০০ বছৰীয়া অসমৰ চহকী চাহ শিল্প৷ বিশ্ব সমাদৃত অসমৰ চাহে ইতিমধ্যে সগৌৰৱেৰে ২০০ বছৰীয়া সোণালী ইতিহাস ৰচনা কৰিছে৷ যাৰ বাবে ২০২৪ চনৰ ২৬ জানুৱাৰীৰ গণৰাজ্য দিৱসৰ নতুন দিল্লীৰ কেন্দ্ৰীয় পেৰেডত অসম চৰকাৰে চাহ শিল্পক প্ৰতীক পট হিচাপে উপস্থাপন কৰাৰ বাবে সাজু হৈছে৷ দেশৰ ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ দিল্লীৰ পেৰেডৰ বাবে এইবাৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে থীম হিচাপে নিৰ্বাচিত কৰিছিল বিকশিত ভাৰত৷ এই থীমৰ ভিত্তিতে অসম চৰকাৰৰ সাংস্কৃতিক বিভাগে প্ৰতিৰক্ষা মন্ত্ৰণালয়লৈ তিনিটা মডেল প্ৰেৰণ কৰিছিল৷ ইয়াৰে অন্যতম মডেল ২০০ বছৰীয়া অসমৰ চাহ শিল্পক বাছনি কৰিছে  প্ৰতিৰক্ষা মন্ত্ৰণালয়ে৷ দিল্লীৰ এটা আৰ্কিটেক প্ৰতিষ্ঠানে প্ৰতীক পটৰ মডেল প্ৰস্তুত কৰিছে৷ এই প্ৰতীক পটত বিশ্ববাসীৰ সন্মুখত অসমৰ চাহ বাগিচাৰ পৰা আৰম্ভ কৰি, পাত তোলা, কল ঘৰত চাহ প্ৰস্তুত কৰা আৰু চাহৰ ব্যৱসায়িক ৰপ্তানিলৈকে উপস্থাপন কৰা হ’ব৷ অসমৰ চাহ শিল্পৰ লগতে চাহ শ্ৰমিকসকলৰ ঝুমুৰ নৃত্যও দেখুওৱা হ’ব৷ প্ৰতীক পটৰ সৈতে শিল্পীৰ দলটোত থাকিব মুঠ ২১জন পুৰুষ-মহিলা শিল্পী৷ ইয়াৰে ১১জন প্ৰতীক পটত থাকিব আৰু বাকী ১২জনে ঝুমুৰ নৃত্য পৰিৱেশন কৰিব৷ উল্লেখ্য, ২০২৩ বৰ্ষৰ গণৰাজ্য দিৱসৰ পেৰেডত অসমে প্ৰতীক পট হিচাপে মহাবীৰ লাচিত বৰফুকন আৰু ৬০০ বছৰীয়া আহোম সাম্ৰাজ্যক উপস্থাপন কৰিছিল৷