Logo
image

বিনা প্ৰতিদ্বন্দিতাৰে ৰাজ্যসভালৈ বাট মুকলি বিশ্বজিত দৈমাৰীৰ

আমাৰ অসম, ১৮ ফেব্ৰুৱাৰীঃ বিনা প্ৰতিদ্বন্দিতাৰে ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাৰ বাট মুকলি হ'ল বিশ্বজিত দৈমাৰীৰ। ৰাজ্যসভাৰ খালি হৈ থকা এখন আসনৰ বৃহস্পতিবাৰে বিয়লি ৩ বজাত অন্ত পৰিল মনোনয়নপত্ৰ দাখিল পৰ্ব। মাত্ৰ এজন প্ৰাৰ্থীয়েহে দাখিল কৰিলে ৰাজ্যসভাৰ একমাত্ৰ আসনখনৰ বাবে মনোনয়ন। উক্ত আসনখনৰ বাবে ১৫ ফেব্ৰুৱাৰীত বিজেপিৰ প্ৰাৰ্থী হিচাপে মনোনয়ন দিছিল প্ৰাক্তন সাংসদ দৈমাৰীয়ে। আন দুগৰাকী ব্যক্তিয়ে মনোনয়ন সংগ্ৰহ কৰিছিল যদিও অন্তিম মুহূৰ্তত দাখিল নকৰিলে মনোয়ন পত্ৰ। মনোনয়ন পত্ৰ সংগ্ৰহ কৰিছিল প্ৰাক্তন বিধায়ক তথা বিপিএফৰ নেতা চন্ডি বসুমতাৰীয়ে। শুকুৰবাৰে পৰীক্ষা কৰা হ'ব বিশ্বজিত দৈমাৰীৰ মনোনয়ন পত্ৰ। মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ২২ ফেব্ৰুৱাৰী। ২২ ফেব্ৰুৱাৰীৰ দিনাই ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিব ৰিৰ্টাৰিং বিষয়াই। অহা ১ মাৰ্চত অনুষ্ঠিত হোৱাৰ কথা আছিল ৰাজ্যসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। মাত্ৰ এগৰাকীয়ে মনোনয়ন পত্ৰ দাখিল কৰাৰ হেতু ভোট গ্ৰহণৰ পূৰ্বে বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হ'ব বিশ্বজিত দৈমাৰী।


২০০৮ চনত প্ৰথমবাৰ বিপিএফৰ প্ৰাৰ্থী হিচাপে কংগ্ৰেছৰ সহযোগত ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল দৈমাৰী। ২০১৪ চনত পুনৰ কংগ্ৰেছৰ সহযোগত বিপিএফৰ প্ৰাৰ্থী হিচাপে দ্বিতীয়বাৰলৈ দৈমাৰী নিৰ্বাচিত হয় ৰাজ্যসভালৈ। ২০২০ চনত বিজেপিৰ সহযোগত বিপিএফৰ প্ৰাৰ্থী হিচাপে ৰাজ্যসভালৈ তৃতীয় বাৰ নিৰ্বাচিত হয় দৈমাৰী। কিন্তু বিটিচি নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত বিপিএফ ত্যাগ কৰি বিজেপিত যোগ দিয়ে বিশ্বজিত দৈমাৰীয়ে। যোৱা ২১ নৱেম্বৰত ৰাজ্যসভাৰ সদস্য পদৰ পৰা পদত্যাগ কৰিছিল দৈমাৰীয়ে। ইয়াৰ পিছৰেপৰা ৰাজ্যসভাত খালী হৈ আছিল অসমৰ এখন আসন। এইবাৰ বিজেপিৰ প্ৰাৰ্থী হিচাবে মনোনয়ন দাখিল কৰে বিশ্বজিত দৈমাৰীয়ে।