Logo
image

উত্তৰ-পূবৰ প্ৰথমখন এয়াৰক্ৰাফ্‌ট ৰেস্তোৰাঁ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২২ ডিচেম্বৰঃ বিমানত উঠি মাজ আকাশত এয়াৰ হোষ্টেজৰ পৰা খাদ্য খোৱাৰ সপোন পূৰণ নহ’লেও এতিয়া যিকোনো লোকেই এইখন অসমতে বিমানত বহি খাদ্যৰ জুতি ল’ব পাৰিব৷ এয়াৰ হোষ্টেছ নহয়, ৱেটাৰক খাদ্যৰ অৰ্ডাৰ দিব পৰা এখন বিশেষ বিমান ৰেস্তোৰাঁ মুকলি হ’ব ঐতিহ্যমণ্ডিত শিৱসাগৰ চহৰত৷ ২০২৪ চনৰ নৱবৰ্ষৰ আৰম্ভনিতে উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত শিৱসাগৰ চহৰত প্ৰথমখন এৰ’প্লেন ৰেস্তোৰাঁ মুকলি কৰা হ’ব৷ উজনি অসমৰ তিনিচুকীয়াত ৰে’লৰ ৰেস্তোৰাঁ আছে যদিও শিৱসাগৰৰ ভটিয়াপাৰত উত্তৰ পূৰ্বৰ ভিতৰত প্ৰথমখন এৰ’প্লেন ৰেস্তোৰাঁ মুকলিৰ বাবে পৰিকল্পনা কৰা হৈছে৷ এই অভিনৱ ৰেস্তোৰাঁখনৰ বাবে এখন ১১৮ফুট দৈৰ্ঘ্যৰ ইণ্ডিয়ান এয়াৰলাইনছৰ এয়াৰবাছ-৩২০ নিলামত ক্ৰয় কৰিছে এজন ব্যৱসায়ীয়ে৷ অসমত নতুন চিন্তাৰ ৰেস্তেৰাঁখনৰ স্বত্বাধিকাৰ হৈছে শিৱসাগৰ যুৱ ব্যৱসায়ী হৰিপ্ৰসন্ন হাজৰিকা৷ ইণ্ডিয়ান এয়াৰলাইনছ ক্ৰাফ্‌টখন নিলামত কিমান টকা দি ক্ৰয় কৰিছে সেই কথা ৰাজহুৱা কৰা নাই যদিও এয়াৰবাছ খনক ইতিমধ্যে মুম্বাইৰ পৰা অসম অভিমুখে আনি থকা হৈছে৷ ১০০ফুট দীঘল এখন ট্ৰেইলাৰ ট্ৰাকে কঢ়িয়াই অনা বিমানখন শিৱসাগৰত  আহি পোৱালৈ অতি কমেও ৪০দিন সময় লাগিব বুলিও জানিবলৈ দিছে৷ ১০০ফুট দীঘল ট্ৰেইলাৰ ট্ৰাকখন গুৱাহাটীৰ যোৰাবাট আৰু কাজিৰঙাৰ মাজেৰে শিৱসাগৰলৈ লৈ যোৱাত অসুবিধা হোৱাৰ আশংকা কৰি লখিমপুৰ-ডিব্ৰুগড় হৈ গন্তব্যস্থানলৈ নিয়াৰ বাবেও চিন্তা চৰ্চা কৰিছে ট্ৰেন্সপ’ৰ্ট কোম্পানীটোৱে৷ উল্লেখ্য এয়াৰক্ৰাফ্‌ট ৰেস্তোৰাঁখনত প্ৰকৃত বিমানৰ আসনত বহাৰ দৰেই অভিজ্ঞতা লাভ কৰিব আৰু কেবিন ক্ৰুৰ দৰে পোছাক পিন্ধা কৰ্মচাৰীয়ে খাদ্য যোগান ধৰিব গ্ৰাহকে৷ লক্ষণীয়ভাৱে ভাৰতত বৰ্তমানলৈ ৬খন এয়াৰ ক্ৰাফ্‌ট ৰেস্তোৰাঁ আছে৷ নতুনকৈ অসমত এইখন ৰেস্তোৰাঁ সংযোজন হ’ব৷ ব্যৱসায়ী হৰি প্ৰসন্ন হাজৰিকা মাৰুথাল ভ্ৰমণৰ সময়ত এনে এখন এৰ’প্লেন ৰেস্তোৰাঁৰ দেখাৰ পাছতেই নিজেও এখন পুৰণি বিমান ক্ৰয়ৰ চিন্তা মনলৈ অহা বুলি জানিবলৈ দিছে৷ অৱশ্যে বিমানখনত ইঞ্জিন নাথাকে যদিও হুল আৰু ককপিট থাকিব৷ উল্লেখ্য গুজৰাটত এনে এখন ৰেস্তোৰাঁ বিমান ১.৪০ কোটি টকাত ক্ৰয় কৰা হৈছিল৷ ইণ্ডিয়ান এয়াৰলাইছৰ উপৰি ইতিমধ্যে এয়াৰ ইণ্ডিয়াৰ কেইবাখনো পূৰণি বিমানকো -ৰেস্তোৰাঁ হিচাপে ব্যৱহাৰ কৰা হৈছে৷