Logo
image

বহিষ্কৰণৰ মাজতে গণতন্ত্ৰ ৰক্ষাৰ আহ্বানেৰে বিৰোধীৰ বৃহৎ সমদল

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২২ ডিচেম্বৰঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধীনস্থ দিল্লী আৰক্ষীৰ শক্তিৰ ওপৰত আস্থা হেৰুৱাই নৰেন্দ্ৰ মোদী চৰকাৰে সংসদ ভৱনৰ নিৰাপত্তা সুৰক্ষিত কৰাৰ দায়িত্ব ‘চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটী ফ’ৰ্চ’ (কেন্দ্ৰীয় উদ্যোগিক সুৰক্ষা বাহিনী) অৰ্থাৎ চি আই এছ এফৰ হাতত তুলি দিছে৷ পাৰমাণৱিক শক্তিকেন্দ্ৰ, বিমানবন্দৰ, সমুদ্ৰ বন্দৰকে ধৰি দেশৰ ৩৫০ৰো সংবেদনশীল স্থানত চি আই এছ এফে নিৰাপত্তা প্ৰদান কৰে৷ যোৱা ১৩ ডিচেম্বৰত দুজন যুৱকে দিল্লী আৰক্ষীৰ ৫ তৰপীয়া নিৰাপত্তা ব্যৱস্থা ভেদ কৰি লোকসভাৰ ভিতৰত প্ৰৱেশ কৰি গেছ কেনিষ্টাৰ ব্যৱহাৰ কৰাৰ ঘটনাৰ ফলতে কেন্দ্ৰীয় চৰকাৰে দিল্লী আৰক্ষীৰ পৰা সংসদৰ নিৰাপত্তাৰ দায়িত্বৰ পৰা আঁতৰাই চি আই এছ এফৰ ওপৰত ন্যস্ত কৰে৷ সংসদৰ নিৰাপত্তা বিঘ্নিত কৰাৰ বাবে প্ৰতিবাদ কৰা বিৰোধী দলৰ ১৪৬জন সাংসদক শীতকালীন অধিৱেশনৰ পৰা বহিষ্কাৰ কৰাৰ প্ৰতিবাদত বৃহস্পতিবাৰে বিৰোধী ৰাজনৈতিক দলৰ জোঁট ‘ইণ্ডিয়া’ই সংসদ চৌহদৰ পৰা বিজয় চ’কলৈ প্ৰতিবাদী শোভাযাত্ৰা উলিয়াই ৰাজধানী উত্তাল কৰি তোলে৷ উল্লেখ্য, আজি বৃহস্পতিবাৰেও লোকসভাৰ পৰা অসংসদীয় আচৰণৰ বাবে তিনিজন বিৰোধী দলৰ সাংসদ ক্ৰমে, কংগ্ৰেছৰ ডি কে সুৰেশ, দীপৰ বৈজ আৰু নকুল নাথক নিলম্বিত কৰে৷ অৱশ্যে তাৰ পূৰ্বেই বিৰোধী জোঁট ‘ইণ্ডিয়া’ই সংসদ চৌহদৰ পৰা বিশাল প্ৰতিবাদী শোভাযাত্ৰা উলিয়াই ৰাজধানীৰ ক্ষমতাৰ কেন্দ্ৰ বিক্ষোভেৰে উত্তাল কৰি তোলে৷  হাতে হাতে প্লেকাৰ্ড লৈ বিৰোধী দলৰ নেতা-নেত্ৰীয়ে শোভাযাত্ৰা উলিয়াই মোদী চৰকাৰে গণতন্ত্ৰক কবৰ দিয়া বুলি শ্লোগান দিয়ে৷ কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গেই কয় যে, তেওঁলোকে সদনৰ নিৰাপত্তা বিঘ্নিত হোৱাৰ বিষয়ত প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ পৰা সদনত বিবৃতি দাবী কৰিছিল৷ তেওঁলোক দুয়ো সংসদৰ বাহিৰত থিয় হৈ এই সন্দৰ্ভত বিবৃতি দি আছে, কিন্তু একেটা কথাকে মোদী-শ্বাহে সদনৰ ভিতৰত কোৱাৰ পৰা বিৰত আছে৷ সদনত বিবৃতি দিলে সেয়া নথিভূক্ত হৈ পৰিব আৰু তেতিয়া সিয়েই মোদী চৰকাৰৰ দুৰ্বলতা হিচাপে পৰিগণিত হ’ব৷ সেই আশংকাতে দুয়ো বিৰোধী সাংসদৰ দাবী নাকচ কৰি সদনত বক্তব্য প্ৰদানৰ পৰা বিৰত আছে আৰু বিৰোধী সাংসদক গণ নিলম্বন কৰিছে৷

মঙলবাৰপৰ্যন্ত মুঠ ১৪১জন সাংসদক নিলম্বিত কৰাৰ পাছত বুধবাৰে লোকসভাৰ শীতকালীন অধিৱেশনৰ পৰা আৰু দুজন সাংসদক নিলম্বিত কৰা হয়৷ বুধবাৰে নিলম্বিত দুই সাংসদ কেৰালাৰ, ক্ৰমে– থমাছ ছাজিকাডম (কেৰালা কংগ্ৰেছ এম) আৰু এ এম আৰিফ (চিপিএম)৷ যোৱা ৪ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা অধিৱেশনত ১৪ ডিচেম্বৰত ১৪জন, সোমবাৰে ৭৮জন, মঙলবাৰে ৪৯জন, বুধবাৰে ২জন আৰু বৃহস্পতিবাৰে তিনিজন সাংসদক নিলম্বিত কৰা হয়৷ বিৰোধী দলৰ সাংসদে যোৱা ১৩ ডিচেম্বৰত লোকসভাৰ ভিতৰত দুজন যুৱকে প্ৰৱেশ কৰি প্ৰতিবাদ কৰা ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰা বিবৃতি দাবী কৰিছিল৷ বিৰোধী দলৰ সাংসদক বিশেষ আগ্ৰাসী নোহোৱা স্বত্ত্বেও প্লেকাৰ্ড প্ৰদৰ্শন কৰাৰ অপৰাধত নিলম্বিত কৰা হয়৷ ইয়াৰ ফলত ১৪২জন বিৰোধী সাংসদ থকা লোকসভাত বিৰোধীৰ সংখ্যা ৪৪জনলৈ হ্ৰাস হয় আৰু শাসক পক্ষৰ শক্তি অটুত থাকে ৩২৩জন সাংসদৰে৷ ৫৪৩জনীয়া লোকসভাত খালী আসনৰ সংখ্যা ২১লৈ বৃদ্ধি পোৱাত এতিয়া শাসক-বিৰোধীৰ মুঠ সাংসদৰ সংখ্যা হৈছে ৫২২৷ আনহাতে, ৰাজ্যসভাৰ মুঠ ২৫০ সাংসদৰ কেইবাখনো আসন খালী থকাত মুঠ সাংসদৰ সংখ্যা হৈছে ২৩৮জন৷ তাৰে ৯৩জন বিজেপিৰ৷ আনহাতে, ৪৬জনক নিলম্বিত কৰাত বিৰোধী সাংসদ আছেগৈ ১০০জন৷

১৪৬ সাংসদক নিলম্বনক লৈ সৰৱ ‘আপ’

লোকসভাত ১৪৬গৰাকী সাংসদক নিলম্বিত কৰাক লৈ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে আপ, অসম৷ চৰকাৰৰ এই কাৰ্যক সমালোচনা কৰি দলটোৱে এয়া গণতন্ত্ৰৰ কণ্ঠ ৰোধ কৰাৰ এক পদক্ষেপ বুলি অভিযোগ উত্থাপন কৰে৷ সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিযোগে আপৰ ৰাষ্ট্ৰীয় তত্বাৱধায়ক ৰাজেশ শৰ্মাই কয় যে সদনৰ মজিয়াৰ পৰা আগেয়ে কেতিয়াও ইমান সংখ্যক বিৰোধী সাংসদক নিলম্বিত কৰা হোৱা নাছিল৷ তদুপৰি এটা অতি প্ৰাসংগিক আৰু ন্যায়সংগত দাবী উত্থাপনৰ ক্ষেত্ৰত এনে ব্যৱস্থা গ্ৰহণ কৰাটো অতি অশুভ কথা৷ আপ, অসম ৰাজ্যিক সভাপতি ভবেন চৌধুৰীয়ে বিৰোধী সাংসদক নিলম্বন কৰি সংসদত যিধৰণে বিধেয়ক গৃহীত কৰা হৈছে, আমাৰ দেশত যেন এতিয়া কোনো গণতন্ত্ৰ নাই বুলি উল্লেখ কৰে৷