Logo
image

অৰণ্যত আলফাৰ গৰ্জন, গুৱাহাটীত ডিজিপিৰ জৰুৰী বৈঠক

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক ২২ ডিচেম্বৰঃ বিদ্ৰোহী সংগঠন আলফা স্বাধীনে উজনি অসমত ধাৰাবাহিক গ্ৰেনেড বিস্ফোৰণ সংঘটিত কৰাৰ পাছতেই ৰাজ্যৰ আইন-শৃংখলাজনিত পৰিস্থিতিক লৈ উদ্বিগ্ন হৈ পৰিছে স্মাৰ্ট অসম আৰক্ষী৷ শিৱসাগৰ, যোৰহাট আৰু তিনিচুকীয়াত    আলফাই কেইবাটাও গ্ৰেনেড বিস্ফোৰণ সংঘটিত কৰি আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙক ‘শিক্ষা’ দিয়াৰ বাবেই অভিযান চলোৱা বুলিও সকীয়াই দিছিল৷ তদুপৰি  আলফা স্বাধীনে ইচ্ছা কৰিলে যিকোনো স্থানতেই অভিযান চলাব পাৰে বুলিও হুংকাৰ দিছিল৷ অৱশ্যে আলফাৰ এই মুকলি ভাবুকিৰ পাছতেই আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে গ্ৰেনেড বিস্ফোৰণ কৰি সাধাৰণ লোকক টাৰ্গেট কৰাতকৈ তেওঁকেই টাৰ্গেট কৰিবলৈ আলফাক প্ৰত্যাহ্বান জনাইছিল৷ অৱশ্যে আলফা আৰু ডিজিপিৰ বাকযুদ্ধ বন্ধ  হ’লেও আলফাৰ গ্ৰেনেড বিস্ফোৰণৰ ঘটনাৰ তদন্তত নামি পৰিছে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ নিয়া৷ তাৎপৰ্যপূৰ্ণভাৱে অৰণ্যত আলফাৰ গৰ্জনৰ ফলত নিয়াৰ তদন্তয়ো আস্বস্ত কৰিব পৰা নাই অসম আৰক্ষীক৷ যাৰ বাবে বৃহস্পতিবাৰে অসম আৰক্ষী মুখ্য কাৰ্যালয়ত ৰাজ্যৰ আইন শৃংখলাজনিত পৰিস্থিতি পৰ্যালোচনা কৰে৷ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত অংশ লয় প্ৰতিখন জিলাৰ অতিৰিক্ত আৰক্ষী অধ্যক্ষকে৷ এই বৈঠকতে আলফাৰ সাম্ভাব্য কূটাঘাতক লৈ প্ৰতিখন জিলাৰে আৰক্ষীক সষ্টম হৈ থাকিবলৈ নিৰ্দেশ দিয়ে৷ ইয়াৰোপৰি গণৰাজ্য দিৱস পৰ্যন্ত আলফাই যাতে আৰু কূটাঘাত সংঘটিত কৰিব নোৱাৰে তাৰ বাবে আলফাৰে যোগাযোগ ৰখা যুৱকৰ ওপৰত তীক্ষ্ণ নজৰ ৰখাৰ বাবেও নিৰ্দেশ প্ৰদান কৰিছে৷ বৈঠকত আৰক্ষীৰ চোৰাংচোৰাক শক্তিশালী কৰাৰ দিশটোতো গুৰুত্ব আৰোপ কৰে আৰক্ষী সঞ্চালক প্ৰধানে৷ ইফালে উজনি অসমৰ গ্ৰেনেড বিস্ফোৰণৰ পাছতেই  আলফাৰ সন্দেহত আৰক্ষীয়ে কেইবাজনো যুৱকক গ্ৰেপ্তাৰ কৰিলেও ধৃত কোনো এজন যুৱকেৰে আলফাৰ লগত সম্পৰ্ক নাই বুলি স্পষ্ট কৰি দিছে বিদ্ৰোহী সংগঠনটোৱে৷ আলফাৰ নামত অসম আৰক্ষীয়ে নিৰীহ যুৱকক গ্ৰেপ্তাৰ কৰাৰ অভিযোগ কৰি আলফা স্বাধীনৰ প্ৰচাৰ বিভাগৰ সদস্য কেপ্টেইন ৰুমেল অসমে এটা ই-মেইল বিবৃতিত কয়–সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন) সংগঠনৰ দ্বাৰা বিগত ২২ নৱেম্বৰ, ৯ ডিচেম্বৰ আৰু ১৪  ডিচেম্বৰত  কাকপথাৰ, শিৱসাগৰ আৰু যোৰহাটত যিকেইটা সামৰিক অভিযান ৰূপায়ণ কৰা হৈছিল, উক্ত অভিযানত সহযোগিতা আগবঢ়োৱাৰ সন্দেহত  ১৬ ডিচেম্বৰৰ পৰা গুৱাহাটীকে আদি কৰি অসমৰ বিভিন্ন অঞ্চলৰ পৰা যিকেইজন নিৰীহ যুৱকক অসম আৰক্ষীয়ে প্ৰথমে সোধ-পোছৰ বাবে আটক কৰি পিছত গ্ৰেপ্তাৰৰ ৰূপ দিছে; সেই বিষয়ত  সংযুক্ত মুক্তি বাহিনীয়ে স্পষ্ট কৰি দিব বিচাৰোঁ যে- ‘‘সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)’’ সংগঠনৰ সহযোগকাৰীৰূপে বা উল্লিখিত অভিযান সমূহৰ সন্দৰ্ভত গ্ৰেপ্তাৰ আৰু আটকাধীন যুৱকসকল কোনো প্ৰকাৰে জড়িত নহয়৷ এই সময়চোৱাত সেইসকল নিৰীহ যুৱকক আটক আৰু গ্ৰেপ্তাৰ কৰি অসম আৰক্ষীয়ে যি আত্মসন্তুষ্টি লাভ কৰিব বিচাৰিছে সেয়া প্ৰকৃততে অসম আৰক্ষীয়ে নিজৰ বিফলতাৰ দোষ ঢাকিবলৈ কৰা এক বিনিৰ্জিত প্ৰয়াস মাথোঁ৷ অসম আৰক্ষীৰ এনে কৰ্ম গৰিহণাৰ যোগ্য আৰু নিন্দনীয়৷

চাবুৱাৰ ৪ যুৱকক গ্ৰেপ্তাৰ, যোৰহাটৰ জুমন জে’ললৈ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, যোৰহাটঃ যোৰহাটস্থ সেনা বাহিনীৰ ৪১ ছাব এৰিয়াৰ চৌহদত আলফা স্বাধীনে শক্তিশালী বিস্ফোৰণ ঘটোৱাৰ পাছত যোৰহাট আৰক্ষীয়ে আলফা সংক্ৰান্তীয় পুৰণি গোচৰ খুচৰিছে৷ সেইমৰ্মে আজি আলফাৰে যোগসূত্ৰ থকাৰ অভিযোগত যোৰহাট আৰক্ষীয়ে চাবুৱাৰ পৰা চাৰিজন যুৱকক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে ইতিপূৰ্বে গ্ৰেপ্তাৰ কৰা যোৰহাট চিনামৰাৰ জুমন বৰা নামৰ এজন যুৱকক জে’ল হাজোতলৈ প্ৰেৰণ কৰা হয়৷ বিদ্ৰোহী সংগঠন আলফাৰ সৈতে দীৰ্ঘদিন সম্পৰ্ক ৰক্ষা কৰা, আলফাৰ প্ৰচাৰ পত্ৰ বিতৰণ কৰা আৰু আলফাৰ সমৰ্থনত সামাজিক মাধ্যমত পোষ্ট দিয়াকে ধৰি কেইবাটাও পুৰণি গোচৰত জুমনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা বুলি যোৰহাট জিলাৰ আৰক্ষী অধীক্ষক মোহনলাল মীনাই প্ৰকাশ কৰিছে৷  ইয়াৰ পূৰ্বেও আলফাত যোগদানৰ বাবে অৰুণাচল প্ৰদেশলৈ যোৱাৰ পথত একাধিক বাৰ তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল বুলি আৰক্ষী অধীক্ষকজনে প্ৰকাশ কৰিছে৷ কিন্তু ইয়াৰ পিছতে তেওঁ আলফাত যোগদান কৰা বুলি সামাজিক মাধ্যমত পোষ্ট দি কিছুদিন আত্মগোপন কৰিছিল৷ প্ৰায় দুবছৰৰ পূৰ্বে তেওঁৰ প্ৰেমিকাই নিৰ্যাতনৰ গোচৰ তৰিছিল আৰু সেয়ে তেওঁ আত্মগোপন কৰিছিল বুলিও আন এক সূত্ৰই প্ৰকাশ কৰিছে৷ ইফালে লিচুবাৰীৰ সেনা শিবিৰত গ্ৰেনেড বিস্ফোৰণৰ পাছতে আৰক্ষীয়ে আলফা সংক্ৰান্তীয় গোচৰবোৰ খুচৰিবলৈ আৰম্ভ কৰে আৰু জুমন বৰাক গ্ৰেপ্তাৰ কৰে৷ অৱশ্যে তেওঁক এই বিস্ফোৰণ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হোৱা নাই বুলি আৰক্ষী অধীক্ষকজনে প্ৰকাশ কৰিছে৷ আলফা সংক্ৰান্তীয় এনে পুৰণি গোচৰতে আজি যোৰহাট আৰক্ষীয়ে চাবুৱাৰ শশাংক ৰাজখোৱা, বুলিন গোহাঁই, সৌৰভজ্যোতি ফুকন আৰু ডেভিদ মাউত নামৰ চাৰিজন যুৱকক গ্ৰেপ্তাৰ কৰা বুলি আৰক্ষী অধীক্ষকজনে প্ৰকাশ কৰিছে৷ আৰক্ষীয়ে জনোৱা মতে, আটাইকেইজনেই আলফাৰ লিংকমেন হিচাপে কাম কৰি আছিল৷