বিশ্বনাথৰ জৱাহৰ নবোদয় বিদ্যালয়ত কৰ'না আতংক
আমাৰ অসম, ১৮ ফেব্ৰুৱাৰীঃ বৰ্তমান কৰ'না কেন্দ্ৰিক সমস্যা শেষ হোৱা বুলি সততে চৰ্চা চলি থকাৰ সময়তে বিশ্বনাথ চাৰিআলিৰ জৱাহৰ নবোদয় বিদ্যালয়ত ৬জনৰ দেহত ধৰা পৰিছে কৰ'না ভাইৰাছ। জ্বৰ কাঁহত ভুগি থকা লক্ষীমপুৰৰ এজন শিক্ষকৰ দেহত মঙলবাৰে কৰ'না সংক্ৰমণৰ তথ্য পোহৰলৈ আহে। লগে লগেই স্বাস্থ্য বিভাগে বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষা গুৰুৰ লগতে আন কৰ্মচাৰী সকলৰ ৰেপিড এন্টিজেন টেষ্ট কৰাত শিক্ষকৰ পুত্ৰ সহ আন এজন শিক্ষক আৰু তেওঁৰ পত্নী আৰু দুগৰাকী কন্যা ক'ভিড-১৯ পজিটিভ বুলি প্ৰমাণিত হয়। ইতিমধ্যে আক্ৰান্ত সকলক শীঘ্ৰে আছুতীয়াকৰণ কৰা হৈছে আৰু তিনিদিন বিদ্যালয়ৰ পাঠ দান বন্ধ ৰাখি চেনিটাইজেচন কৰাৰ ব্যৱস্থা কৰিছে। উল্লেখ্য যে, কেইদিন মান পূৰ্বেহে বিদ্যালয়ৰ পাঠ দান আৰম্ভ হৈছিল। সৌভাগ্যৰ কথা যে ৰেপিড এন্টিজেন টেষ্টত কোনো শিক্ষাৰ্থীৰ দেহত কৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰা নাই।