Logo
image

আৰক্ষীয়ে হেলমেট নিপিন্ধিলে বিভাগীয় ব্যৱস্থা

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৪ ডিচেম্বৰঃ আইন সদায় সৰ্ব সাধাৰণ লোকৰ বাবেহে নেকি? একেই আইন আৰক্ষীৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় কিয়? চকুৰ সন্মুখত আৰক্ষীয়ে আইন ভংগ কৰা দেখিলে সততে ৰাইজৰ মনত এই প্ৰশ্নই উদয় হৈ আহিছে৷ বিশেষকৈ সাধাৰণ ৰাইজে বাইক-স্কুটী চলালে হেলমেট নিপিন্ধিলে যান-বাহন আৰক্ষী তথা পৰিবহণ বিভাগে ১০০০ টকা জৰিমনা বিহি আহিছে৷ একেদৰে চাৰিচকীয়া বাহন চলাওঁতে ছিট বেল্ট নামাৰিলেও যান-বাহন আইন অনুসৰি ১০০০ টকা জৰিমনা সংগ্ৰহ কৰি আহিছে৷ হেলমেট পৰিধান নকৰিলে আৰু ছিট বেল্ট নামাৰিলে আৰক্ষী কিম্বা পৰিবহণ বিভাগে সাধাৰণ লোকক ই-চালান প্ৰেৰণ কৰি জৰিমনা আদায় দিবলৈ বাধ্য কৰোৱাই আহিছে৷ অথচ সেই একেই যান-বাহন আইন উলংঘনৰ অপৰাধ আৰক্ষীয়ে সংঘটিত কৰিলে কৰ্তব্যৰত যান-বাহন আৰক্ষী আৰু পৰিবহণ বিষয়াই¸ দেখিও নেদেখাৰহে ভাও ধৰি আহিছে৷ যাৰ বাবে ক্ষুব্ধ একাংশ লোকে ৰাজপথত আৰক্ষীয়ে হেলমেট পৰিধান নকৰা কৈ বাইক স্কুটী চলোৱা দেখিলে মোবাইলত ভিডিঅ’ ৰেক’ৰ্ড কৰি সামাজিক মাধ্যমত আপলোড কৰি নিজৰ ক্ষোভ ব্যক্তয়ো কৰে৷ এনে একাংশ যান-বাহন আইন ভংগকাৰী আৰক্ষীৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হোৱাত এইবাৰ আইন ভংগকাৰী আৰক্ষীৰ বিৰুদ্ধে কঠোৰ হ’বলৈ বাধ্য হৈছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান৷ এতিয়াৰে পৰা যিকোনো আৰক্ষীৰ বিষয়া-জোৱান বা আৰক্ষী বাহনৰ চালকে চৰকাৰী বাহন বা ব্যক্তিগত বাহন চলাওঁতে যান-বাহন আইন উলংঘন কৰিলে সাধাৰণ লোকৰ দৰেই আইন অনুসৰি জৰিমনা তথা শাস্তিৰ সন্মুখীন হ’ব৷ আৰক্ষীয়ে দুচকীয়া বাহন চলাওঁতে হেলমেট নিপিন্ধিলে বা চাৰিচকীয়া বাহন চলাওঁতে ছিট বেল্ট নামাৰিলে প্ৰথমবাৰৰ অপৰাধৰ বাবে যান-বাহন আইন অনুসৰি ১০০০ টকাকৈ জৰিমনা ভৰিব৷ সংশ্লিষ্ট আৰক্ষী জোৱান, বিষয়া বা চালকে দ্বিতীয়বাৰ একেটা ভুলকে কৰিলে এতিয়াৰে পৰা বিভাগীয় শাস্তিৰ সন্মুখীন হ’ব৷ এই সন্দৰ্ভত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ পৰা কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে৷ আৰক্ষী মহাপৰিদৰ্শক (আইন-শৃংখলা) বিবেক ৰাজ সিঙে ২১ ডিচেম্বৰত এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰি সকলো আৰক্ষীকে সতৰ্ক কৰি দিছে৷