Logo
image

বৰদিনৰ পৰা মাঘবিহুলৈ অবিৰাম অভিযান চলিব সুৰাপায়ীৰ বিৰুদ্ধে

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৪ ডিচেম্বৰঃ বৰদিন, নৱবৰ্ষ, মাঘ বিহুৰ প্ৰাকমুহূৰ্তত সুৰাপায়ীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে ৰাজ্য চৰকাৰ৷ কাৰ্যতঃ বৰদিনৰ পৰা মাঘ বিহুলৈ ধাৰাবাহিকভাৱে ৰাজপথত সুৰাপায়ী বাহন চালকৰ বিৰুদ্ধে অভিযান চলাবলৈ সাজু হৈছে আৰক্ষী আৰু পৰিবহণ বিভাগ৷ বিশেষকৈ উৎসৱৰ এই সময়ছোৱাত আনন্দৰ নামত একাংশই টেটুলৈকে সুৰাপান কৰি গাড়ী চলোৱাৰ ফলত সংঘটিত হোৱা দুৰ্ঘটনা ৰোধ কৰাৰ স্বাৰ্থতেই মুখ্যমন্ত্ৰীয়ে সুৰাপায়ীৰ বিৰুদ্ধে অভিযান কঠোৰ কৰি তুলিবলৈ আৰক্ষী আৰু পৰিবহণ বিভাগক নিৰ্দেশ দিছে৷ কিয়নো নৱবৰ্ষৰ আদৰণি আৰু পুৰণিক বিদায় জনোৱাৰ লগতে মাঘ বিহুৰ উৰুকাত ডেকাৰ পৰা বুঢ়ালৈ সুৰাপানৰ হাৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত দুৰ্ঘটনাৰ উপৰি মাৰপিটৰ ঘটনাও অধিক হাৰত সংঘটিত হয়৷ সুৰাপান কৰি গাড়ী চলোৱাৰ ফলত সংঘটিত দুৰ্ঘটনাত নিৰীহ পথচাৰীও মৃত্যুৰ মুখত পৰে৷ এনে দুৰ্ঘটনা প্ৰতিৰোধৰ স্বাৰ্থতেই পূৰ্বৰ দৰে ই এইবাৰো আৰক্ষী-প্ৰশাসনেও ৰাজপথত অভিযান তীব্ৰতৰ কৰি তুলিছে৷ ইতিমধ্যে পৰিবহণ বিভাগে অসম আৰক্ষীক ১০খন ইণ্টাৰচেণ্টৰ বাহন আৰু ১৫০ টা ব্ৰেথ এনালাইজাৰ প্ৰদান কৰিছে৷ নৱবৰ্ষৰ এই সময়ছোৱাত দুৰ্ঘটনা প্ৰতিৰোধ আৰু সুৰাপায়ীক চিনাক্ত কৰাৰ বাবেই পৰিবহণ বিভাগে আৰক্ষীক ব্ৰেথ এনালাইজাৰ আৰু ইণ্টাৰচেপ্টৰ বাহন প্ৰদান কৰিছে৷ শুকুৰবাৰে পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই এই বাহন কেইখনক আনুষ্ঠানিকভাৱে আৰক্ষী সঞ্চালকপ্ৰধানক অৰ্পণ কৰে৷ তদুপৰি কামৰূপ মহানগৰ, কোকৰাঝাৰ, বঙাইগাঁও, নগাঁও, কাৰ্বি আংলং, যোৰহাট, তিনিচুকীয়া, শোণিতপুৰ আৰু কাছাৰ জিলাৰ আৰক্ষীক ১০ টাকৈ ব্ৰেথ এনালাইজাৰ প্ৰদান কৰে পৰিবহণ মন্ত্ৰীয়ে৷ ইফালে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত জিলাই জিলাই আৰক্ষী আৰু পৰিবহণ বিভাগে ৰাজপথত তালাচী বহোৱাই সুৰাপায়ীৰ বিৰুদ্ধে ইতিমধে অভিযান আৰম্ভ কৰিছে৷ শনিবাৰে কৰিমগঞ্জত সুৰাপায়ীৰ বিৰুদ্ধে ৰাজপথত নমা দেখা গ’ল জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকক৷ কৰিমগঞ্জৰ জিলা আয়ুক্ত মৃদুল যাদৱ আৰু আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম দাসে বদৰপুৰত প্ৰতিখন বাহনৰে চালকক ব্ৰেথ এনালাইজাৰৰ জৰিয়তে পৰীক্ষা কৰে৷ লক্ষ্যণীয়ভাৱে অসম আৰক্ষীয়ে বিগত ১১ মাহত সুৰাপান কৰি গাড়ী চলোৱাকে ধৰি যান-বাহন আইন উলংঘন কৰাৰ অপৰাধত ৭,০৮৮ খন ড্ৰাইভিং লাইচেন্স বাতিল কৰিছে৷ অৱশ্যে বৰদিনৰ পৰা মাঘ বিহুলৈ ৰাজপথত সুৰাপায়ীৰ বিৰুদ্ধে কঠোৰ হ’বলৈ আৰক্ষীক দিছপুৰে নিৰ্দেশ দিলেও বছৰৰ বাকী সময়ছোৱাত কিয় কঠোৰ নহয় বুলিও এতিয়া বিভিন্নজনে প্ৰশ্ন কৰা দেখা গৈছে৷