Logo
image

হাগ্ৰামাৰ দাবীঃ '২৪ত কোকৰাঝাৰত বিপিএফৰ প্ৰাৰ্থীৰ জয় নিশ্চিত

ডিজিটেল সংবাদ, গোসাঁইগাঁৱৰ প্ৰতিনিধিঃ সমাগত লোকসভা নিৰ্বাচন। নিৰ্বাচনৰ দিন ঘোষণা হোৱা নাই যদিও শাসক-বিৰোধীয়ে সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ উঠি পৰি লাগিছে। একেদৰে পিছ পৰি থকা নাই বিটিচি। বিটিচিৰ লোকসভা সমষ্টিৰ ভিতৰত কোকৰাঝাৰ লোকসভা সমষ্টিটো অতি গুৰুত্বপূৰ্ণ। শাসক-বিৰোধীয়ে দিনে-নিশাই চলাই গৈছে সভা-সমিতি, দলত যোগদান কাৰ্যসূচী।

এই ক্ষেত্ৰত পিছপৰি থকা নাই বিপিএফ দল। কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত তথা গোসাঁইগাঁও মহকুমাৰ বিটিচিৰ কচুগাঁও সমষ্টিৰ গামভাৰীবিলত দেওবাৰে বিয়লি বিপিএফ দলৰ এখন জনসভা অনুষ্ঠিত হয়। উক্ত দলীয় সভাত বিপিএফৰ কেন্দ্ৰীয় নেতৃত্বত উপস্থিত থাকে। আগন্তুক লোকসভাক লৈ বিভিন্ন দিশ সামৰি দলীয় আলোচনা কৰে কেন্দ্ৰীয় নেতৃত্বতই। এই সভাত ইউপিপিএলৰ ৪ শতাধিক,  কংগ্ৰেছৰ শতাধিক,  বিজেপি দলৰ প্ৰায় দুই শতাধিক আদি কৰি বিভিন্ন ৰাজনৈতিক দলৰ প্ৰায় ৮ শতাধিক নেতা-কৰ্মী মুকলিকৈ বিপিএফ দলত যোগদান কৰে। লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত অন্যান্য ৰাজনৈতিক দলৰ নেতা-কৰ্মীসকলে বিপিএফত যোগদান কৰা ঘটনাই ৰাজনৈতিক মহলত চর্চা লাভ কৰিছে। ইপিনে, দলীয় ভেটি মজবুত কৰিবলৈ বিপিএফ দলে সকলো স্তৰতে দৈনিক সভা-সমিতি অব্যাহত ৰাখিছে। এই যোগদান কাৰ্যসূচীত বিপিএফ দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰী উপস্থিত থাকি যোগদান কৰা নেতা-কৰ্মীক ফুলাম গামোচাৰে আদৰণি জনায়।

যোগদান কাৰ্যসূচীৰ অন্তত বিপিএফ দলৰ প্ৰধান তথা প্ৰাক্তন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী সংবাদ মাধ্যমৰ আগত কয় যে অহা ২০২৪ৰ লোকসভা নিৰ্বাচনত কোকৰাঝাৰত বিপিএফ দলৰ প্ৰাৰ্থীৰ জয় নিশ্চিত। লোকসভা নিৰ্বাচনত সমষ্টিটোত বিপিএফ দলৰ ভাল হ'ব। বিভিন্ন ৰাজনৈতিক দলৰ পৰা আহি বিপিএফ দলত যোগদান কৰাৰ ঘটনাই এয়া প্ৰমাণিত কৰিছে। জাতি, ধৰ্ম, জনগোষ্ঠী নিৰ্বিশেষে সকলোৱে পুনৰ বিপিএফ দলত যোগদান কৰাটো এটা ভাল লক্ষণ হৈ পৰিছে। ৰাইজৰ সহায়-সহযোগিতাই বিপিএফ দলৰ ভৱিষ্যৎ ফলাফল স্পষ্ট কৰি তুলিছে। বিগত ২০২০ চনৰ বিটিচি নিৰ্বাচনত কচুগাঁও সমষ্টিটো দখল কৰিব পৰা নাছিলোঁ। কিন্তু অহা বিটিচি নিৰ্বাচনত কচুগাঁও সমষ্টি পুনৰ বিপিএফ দলে দখল কৰাটো নিশ্চিত। ইউপিপিএল চৰকাৰে কোনো উন্নয়ন কৰা নাই। ধন আত্মসাৎ কৰি আহিছে। উন্নয়নৰ নামত ৰাইজক বঞ্চিত কৰাই নহয়, প্ৰৱঞ্চনা কৰিহে আহিছে। বিটিচিৰ আন জাতি-জনগোষ্ঠীৰ বাবে একো কৰিব পৰা নাই। বিভিন্ন জাতি-জনগোষ্ঠীৰ পৰা অভিযোগ উত্থাপন হৈ আছে। বিটিচি অঞ্চলৰ উন্নয়ন আৰু জনতাৰ উন্নতি কল্পে ইউপিপিএল চৰকাৰৰ কোনো আঁচনি নাই। প্ৰমোদ বড়ো বিটিচিত কেৱল তিনিটা আঁচনিৰ কাম কৰি আহিছে। সেই কেইটা আঁচনি হৈছে- ইউপিপিএল দলৰ সভাত নগ'লে চৰকাৰী ঘৰ নাপাব, দলৰ সভাত নাহিলে অৰুণোদয় কটা যাব  আৰু ১৭ হাজাৰ টকা কেতিয়াও লাভ নকৰে। এই তিনিটা আঁচনি বৰ্তমান বিটিচি চৰকাৰৰ। বিটিচি অঞ্চলৰ বিধস্ত হোৱা বাট-পথ দলং, কালভাৰ্ট আদি নিৰ্মাণ কৰাৰ ক্ষেত্ৰত কোনো আঁচনি লোৱা নাই। মানুহক বিভিন্ন প্ৰকাৰে আভুৱা ভাৰী দলীয় সভা-সমিতিত লৈ যায়। ইউপিপিএল চৰকাৰখন কেনেকুৱা আৰু তিনিটা বছৰে কি উন্নয়ন কাম কৰি আহিছে সেয়া ৰাইজে বুজিব পাৰি এতিয়া পূৰ্বৰ দললৈ ঢাপলি মেলিছে। প্ৰতিদিনে ব্লক, জিলা, সমষ্টি পৰ্যায়ত হাজাৰ হাজাৰ লোকে যোগদান কৰি আহিছে।

এই সভাত বিধায়ক ৰবিৰাম নাৰ্জাৰী উপস্থিত থাকি ইউপিপিএল দলৰ নেতা-কৰ্মীৰ লগতে বিটিচি প্ৰধান প্ৰমোদ বড়োক তীব্ৰ সমালোচনা কৰে। ৰাইজৰ উন্নয়ন কৰিব নোৱাৰা প্ৰমোদ বড়ো সভা-সমিতিত ভাষণ মাৰি গৈছে। আজিও বিটিচি অঞ্চলৰ বহু বাট-পথ, দলং, কালভাৰ্ট, চিকিৎসালয় বিধ্বস্ত হৈ পৰিছে। ইয়াৰে দুই এখন নতুনকৈ বনোৱা দেখুৱাই দিয়ক। কেৱল মুখেৰে কৈ যোৱা নেতাগৰাকীৰ ওপৰত বিটিচি অঞ্চলৰ ৰাইজে বিশ্বাস হেৰুৱাই পেলাইছে। অহা লোকসভা, বিটিচি নিৰ্বাচনত ইয়াৰ ফল ভুগিব লাগিব ইউপিপিএলে।