Logo
image

অসমসহ উত্তৰ-পূবত পুনৰ ভূমিকম্পৰ জোকাৰণি

ডিজিটেল সংবাদ, গুৱাহাটীঃ অসমকে ধৰি উত্তৰ-পূবৰ কেইবাখনো ৰাজ্যত শনিবাৰে নিশা এটা মৃদু প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি যোৱাৰ পাছত মাত্ৰ ১৭ ঘণ্টাৰ ভিতৰত দেওবাৰে দুপৰীয়া পুনৰ আন এটা মৃদু ভূমিকম্পই জোকাৰি যায় অসমসহ উত্তৰ-পূবৰ কেইবাখনো ৰাজ্য। গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা অনুসৰি, ভাৰতীয় মান সময় মতে দুপৰীয়া ১২ বাজি ৪২ মিনিট  ৫২ ছেকেণ্ডত প্ৰায় ১১ ছেকেণ্ড মান সময়ৰ বাবে অনুভূত হোৱা ভূমিকম্পটোৰ ৰিখটাৰ স্কেলত প্রাবল্যৰ পৰিমাণ আছিল ৩.১ কম্পনাংক। আনহাতে ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল ধুবুৰী জিলাৰ উত্তৰ-পূব দিশত ১০ কিলোমিটাৰ গভীৰতাত। অৱশ্যে ভূমিকম্পটো মৃদু প্ৰাবল্যৰ হোৱা বাবে ক'তো ক্ষয়ক্ষতি হোৱাৰ বাতৰি অহা নাই। ইয়াৰ পূৰ্বে শনিবাৰে নিশা প্ৰায় ৭.৩০ বজাত ৰিখটাৰ স্কেলত ৩.৫ কম্পনাংকৰ এটা মৃদু প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গৈছিল অসমসহ উত্তৰ-পূবৰ কেইবাখনো ৰাজ্য। ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল অসমৰ গোৱালপাৰা জিলাৰ কাষৰীয়া মেঘালয়ৰ পূব গাৰো পাহাৰ জিলা।