Logo
image

এনআৰচিৰ বাবেই হয়তো ৰঞ্জন গগৈৰ বিৰুদ্ধে চক্ৰান্ত

যৌন নিৰ্যাতনৰ গোচৰ খাৰিজ কৰি উচ্ছতম ন্যায়ালয়ৰ নিৰীক্ষণ

আমাৰ অসম, ১৯ ফেব্ৰুৱাৰীঃ উচ্ছতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে উত্থাপন হোৱা যৌন নিৰ্যাতনৰ অভিযোগৰ আঁৰত বৃহৎ ষড়যন্ত্ৰ থাকিব পাৰে৷ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে উত্থাপিত যৌন নিৰ্যাতনৰ গোচৰ সন্দৰ্ভত কি অন্তৰ্নিহিত উদ্দেশ্য থাকিব পাৰে– এই সন্দৰ্ভত দেশৰ মহাধিবক্তা তুষাৰ মেহতাৰ অনুৰোধত উচ্ছতম ন্যায়ালয়ত নিজাববীয়াকৈ ৰুজু হোৱা গোচৰ আজি খাৰিজ কৰে উচ্ছতম ন্যায়ালয়ে৷ সৰ্বোচ্ছ ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জয় কৃষাণ কৌল, এ এম বোপান্না আৰু ভি ৰাম সুব্ৰমণিয়মৰ ডিভিজন বেঞ্চে গোচৰটো খাৰিজ কৰি কেতবোৰ গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণ দিয়ে৷

এই গোচৰ খাৰিজ কৰি আদালতে কয়–‘সত্যাসত্য পৰীক্ষা কৰা প্ৰাক্তন ন্যায়াধীশ পাটনায়কে নিজৰ ৰিপ’ৰ্টত কৈছে যে প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে ষড়যন্ত্ৰ থকা বিষয়টো একেবাৰে নুই কৰিব নোৱাৰি৷ কিন্তু ঘটনাটোৱে প্ৰায় দুই বছৰ অতিক্ৰম কৰিলে৷ সেই সংক্ৰান্তত বৈদ্যুতিন তথ্য আৰু প্ৰমাণ এতিয়া উদ্ধাৰ কৰাটো সম্ভৱ নহয়৷ আদালতৰ আভ্যন্তৰীণ কমিটীয়ে যিহেতু আগেয়েই গগৈক ক্লিনশ্বিট দিছে৷ গতিকে নিজাববীয়াকৈ ৰুজু হোৱা এই গোচৰটো চলাই যোৱাটো অৰ্থহীন৷ এই গোচৰটো খাৰিজ কৰা হ’ল৷’’

ইণ্টেলিজেন্স ব্যুৰ ডিৰেক্টৰৰ ৰিপ’ৰ্টৰ উল্লেখ কৰি আদালতে জনায় যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীসহ কিছু প্ৰশাসনিক বিষয়ে কঠিন সিদ্ধান্ত গ্ৰহণ কৰিছিল প্ৰাক্তন মুখ্য ন্যায়াধীশ গগৈয়ে৷ যাৰ বাবে তেওঁক ফচোৱাৰ চক্ৰান্ত থাকিব পাৰে৷ কিন্তু ৰঞ্জন গগৈৰ বিৰুদ্ধে উত্থাপিত যৌন নিৰ্যাতন গোচৰৰ অভিযোগৰ সত্যাসত্য চাবলৈ নহয় বৰং তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ চলিছে নেকি ইয়াক চোৱাৰ বাবেহে যে দুই বছৰ আগেয়ে যে পাটনায়ক কমিটী গঠন কৰা হৈছিল, সেয়া বৃহস্পতিবাৰৰ উচ্ছতম ন্যায়ালয়ৰ ৰায়তহে স্পষ্ট হ’ল৷

আজিৰ উচ্ছতম ন্যায়ালয়ৰ ৰায়ক লৈ উচ্ছতম ন্যায়ালয়ক তীব্ৰ সমালোচনা কৰিছে তৃণমূল কংগ্ৰেছৰ সাংসদ মহুয়া মৈত্ৰই৷ ব্যংগৰ সুৰত তেওঁ টুইটাৰত লিখিছে– ‘প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে অভিযোগ পৰীক্ষাৰ বাবে নহয়, তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ চলিছে নাই এই কথা চাবৰ বাবেহে কমিটী গঠন কৰা হৈছিল৷ ঠিকেই মহামান্য আদালত, যৌন নিৰ্যাতনৰ চিকাৰ হোৱা সকলেই মিলি এই ষড়যন্ত্ৰৰ জাল গুঠিছিল৷’’

উল্লেখ্য যে, ৰঞ্জন গগৈৰ বিৰুদ্ধে উত্থাপিত যৌন নিৰ্যাতনৰ গোচৰকলৈ কিছুদিন পূৰ্বে সংসদৰ মজিয়াত সৰৱ হৈছিল সাংসদ মহুৱা মৈত্ৰ৷ তেওঁ অভিযোগ কৰিছিল যে উচ্ছতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হৈ থাকোতে ৰঞ্জন গগৈয়ে একাধিক গোচৰৰ ৰায় বিজেপিৰ পক্ষত দিছিল৷ ইয়াৰ বাবেই অৱসৰৰ পাছত বিজেপিয়ে তেওঁক ৰাজ্য সভাৰ সাংসদ পদ দিছে৷ সংসদৰ মজিয়াত মহুৱা মৈত্ৰই দিয়া উদাত্ত ভাষণত কৈছিল– ‘যিদিনা এজন প্ৰাক্তন বিচাৰপতিয়ে নিজৰ বিৰুদ্ধে উঠা যৌন নিৰ্যাতনৰ গোচৰৰ বিচাৰ কৰিছিল, সেই দিনাই দেশৰ বিচাৰ ব্যৱস্থাৰ পৱিত্ৰতা নষ্ট হৈছিল৷’

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে ২০১৯ চনৰ প্ৰথমাৰ্ধত উচ্ছতম ন্যায়ালয়ত কৰ্মৰত এগৰাকী মহিলাই সেই সময়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ গুৰুতব অভিযোগ উত্থাপন কৰিছিল৷ তেতিয়া তৎক্ষণাৎ ন্যায়াধীশ এ ববড়ে [এতিয়াৰ মুখ্য ন্যায়াধীশ], ইন্দু মালহোত্ৰা আৰু ইন্দিৰা বেনাৰ্জীৰ তিনিজনীয়া তদন্ত কমিটী গঠন কৰি দিয়া হৈছিল৷ কমিটীখনে তদন্তৰ অন্তত গগৈক দোষমুক্ত কৰিছিল৷ আনহাতে অভিযোগকাৰী মহিলা গৰাকীক ২০২০ চনৰ জানুৱাৰী মাহত উচ্ছতম ন্যায়ালয়ত চাকৰিত যোগদান কৰিবলৈ অনুমতি প্ৰদান কৰা হৈছিল৷

অভিযোগৰ আঙুলি যাৰ ওপৰত উঠিছিল, সেই গগৈয়ে নিজেই নিজৰ বিৰুদ্ধে উঠা অভিযোগৰ শুনানি কেনে ধৰণে কৰিব পাৰে ইয়াকলৈ বিতৰ্ক আৰম্ভ হৈছিল৷ এই বিতৰ্কিত পৰিস্থিতিৰ মাজতে এগৰাকী আইজীৱিয়ে বিচাৰ ব্যৱস্থাৰ স্বাধীনতাত হস্তক্ষেপ হোৱা বুলি আদালতত এক হলফনামা দাখিল কৰিছিল৷ সেই সংক্ৰান্তত কেতবোৰ গোপন তথ্যও উক্ত আইনজীৱি গৰাকীয়ে বন্ধ খামত আদালতত দাখিল কৰিছিল৷ সেই আইনজীৱিৰ গাত ভেঁজা দি এই সন্দৰ্ভত এটা নিজাববীয়া গোচৰ ৰুজু কৰাৰ অনুৰোধ জনাইছিল মহাধিবক্তা তুষাৰ মেহতাই৷ ইয়াৰ পাছতে উচ্ছতম ন্যায়ালয়ৰ অৰুণ মিশ্ৰ নেতৃত্বাধীন তিনিজনীয়া ডিভিজন বেঞ্চত গোচৰটো উঠে৷ অভিযোগ পৰীক্ষাৰ বাবে আদালতে প্ৰাক্তন ন্যায়াধীশ এ কে পাটনায়কক দায়িত্ব দিছিল৷ অৱশ্যে হলফনামা দাখিল কৰা আইনজীৱি গৰাকীয়ে যে ৰঞ্জন গগৈৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ অন্তৰ্নিহিত কাৰণহে জানিব বিচাৰিছিল, সেয়া তেতিয়া জানিব পৰা হোৱা নাছিল৷ ২০১৯ চনৰ অক্টোবৰতেই তদন্তৰ ৰিপ’ৰ্ট আদালতত জমা দিয়ে পাটনায়কে৷ তাৰ পাছত ইমানদিনে এই গোচৰৰ কোনো শুনানি হোৱা নাছিল উচ্ছতম ন্যায়ালয়ত৷ বৃহস্পতিবাৰে প্ৰায় এবছৰ ন মাহৰ অন্তত আদালতত গোচৰটোৰ শুনানি গ্ৰহণ কৰি গোচৰটো খাৰিজ কৰে দেশৰ সৰ্বোচ্ছ ন্যায়ালয়ে৷

উল্লেখ্য যে, উচ্ছতম ন্যায়ালয়ে ৰঞ্জন গগৈৰ বিৰুদ্ধে উত্থাপিত যৌন নিৰ্যাতনৰ অভিযোগ খাৰিজ কৰি তেওঁক ক্লীনশ্বিট দিয়াই নহয় তেওঁৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ অনা পক্ষৰ গাত এনআৰচিৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰাৰহে গোন্ধ পালে৷ ইয়াকলৈ সমগ্ৰ দেশতে এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ জাঙুৰ খাই উঠিছে দেশৰ বিভিন্ন নাৰী সংগঠন, নাৰীবাদী নেত্ৰী