Logo
image

লাখ লাখ টকাৰে ৰে’ল ষ্টেচনত মোদী ছেল্‌ফি পইণ্ট নিৰ্মাণ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৭ ডিচেম্বৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্মপ্ৰচাৰৰ প্ৰৱল হাবিয়াসৰ ফলত দেশৰ কৰদাতাৰ কোটি কোটি টকা অযথা পানীত পেলোৱা বুলি প্ৰৱল সমালোচনাৰ জোৱাৰ উঠিছে৷ প্ৰধানমন্ত্ৰী মোদীৰ ‘কাট আউট’ৰ সৈতে ফটো তোলাৰ বাবে ৰে’লৱে ষ্টেচনত চৰকাৰী ধনেৰে ‘ছেলফি কৰ্ণাৰ’ নিৰ্মাণ কৰাৰ বাবেই এই সমালোচনাৰ উদ্ভৱ হৈছে৷ ৰে’ল বিভাগে প্ৰকাশ কৰা অনুসৰি মধ্য ৰে’লৱে মণ্ডলৰ ৰে’লষ্টেচনত এনে অস্থায়ী আৰু স্থায়ী ‘ছেলফি কৰ্ণাৰ’ নিৰ্মাণ কৰা হৈছে৷ এনে ‘ছেলফি কৰ্ণাৰ’ নিৰ্মাণ কৰোঁতে অস্থায়ী কৰ্ণাৰত ১.২৫ লাখ টকাকৈ আৰু স্থায়ী কৰ্ণাৰত ৬.২৫ লাখ টকাকৈ ব্যয় হৈছে৷ এই ‘ছেলফি কৰ্ণাৰ’ৰ জৰিয়তে ৰে’ল যাত্ৰীৰ কি সুবিধা হ’ব বা সেয়া ৰে’ল যাত্ৰীৰ প্ৰতি কেনেধৰণৰ সেৱা, সেই লৈ ৰে’ল বিভাগ কিম্বা কেন্দ্ৰীয় ৰে’লৱে মন্ত্ৰণালয় অৱশ্যে নিমাত৷

দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেই মোদী চৰকাৰক এনেদৰে চৰকাৰী ভঁৰালৰ ধন নষ্ট কৰাৰ বাবে কঠোৰ ভাষাৰে সমালোচনা কৰিছে৷ খৰ্গেই কয়– ‘আত্মপ্ৰচাৰত লিপ্ত মোদী চৰকাৰে লজ্জাৰ সীমা অতিক্ৰম কৰি গৈছে৷ মোদীজীৰ ‘থ্ৰীডি ছেলফি পইণ্ট’ নিৰ্মাণ কৰি তেওঁৰ চৰকাৰে ৰাজহুৱা ধনৰ শ্ৰাদ্ধ পাতিছে৷ এয়া দেশৰ কৰদাতাৰ ধন৷ মোদী চৰকাৰে কিহৰ স্বাৰ্থত এনেদৰে ৰে’ল ষ্টেচনত ‘মোদী ছেলফি কৰ্ণাৰ’ নিৰ্মাণ কৰিছে? ইয়াৰ জৰিয়তে ৰে’লযাত্ৰীৰ কি স্বাৰ্থ পূৰণ হ’ব? এই পদক্ষেপে ৰে’লযাত্ৰীলৈ কি সেৱা আগবঢ়াব? ইয়াৰ পূৰ্বেও মোদী চৰকাৰে দেশৰ হৈ প্ৰাণ দিয়া শ্বহীদৰ তেজ আৰু ত্যাগক ৰাজনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰি সেনাবাহিনীক ৮২২টা ‘ছেলফি কৰ্ণাৰ’ স্থাপন কৰিবলৈ নিৰ্দেশ দিছিল৷ এয়া কেনেধৰণৰ শাসন চলাইছে মোদী চৰকাৰে? মোদীৰ ফটো ‘কাট আউট’ লগাই এনেদৰে ৰে’ল ষ্টেচনত ‘ছেলফি কৰ্ণাৰ’ নিৰ্মাণ কৰাৰ অধিকাৰ চৰকাৰে ক’ত পালে?’

উল্লেখ্য, ৰে’ল বিভাগে দেশৰ ১৯টা ৰে’ল মণ্ডলৰ প্ৰায়বোৰ ষ্টেচনতে এনেদৰে মোদীৰ ‘কাট-আউট’ ব্যৱহাৰ কৰি ‘ছেলফি কৰ্ণাৰ’ নিৰ্মাণৰ দায়িত্ব দিছে৷ অস্থায়ী আৰু স্থায়ী একোটাকৈ কৰ্ণাৰত ক্ৰমে ১.২৫ লাখ আৰু ৬.৭৫ লাখ টকা ব্যয় কৰিলে কেৱল ‘মোদী ছেলফি কৰ্ণাৰ’ৰ নামতে চৰকাৰে কেইবাশ কোটি টকা পানীত পেলাব৷