Logo
image

গৌৰৱক যোৰহাটত প্ৰাৰ্থী হোৱাৰ পৰামৰ্শ অখিলৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৭ ডিচেম্বৰঃ ‘গৌৰৱ গগৈ যোৰহাটৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব লাগে৷ যদিহে তেওঁ নগাঁৱৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে তেন্তে বিজেপিৰ বাবে সুবিধাহে হ’ব৷’– এই পৰামৰ্শ শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ৷ মঙলবাৰে এক সংবাদমেলত এনেদৰে মন্তব্য কৰি অখিল গগৈয়ে কয়– ‘বিৰোধী ঐক্যই কেৱল গুৱাহাটীত মিটিং কৰি থাকিলে নহ’ব৷ গাঁৱে-ভূঞে, চৰ-চাপৰিয়ে বিৰোধী ঐক্যমঞ্চ ৰাইজৰ মাজলৈ যাব লাগিব৷ এনে কৰিলে ৭০জন হিমন্ত বিশ্ব শৰ্মা থাকিলেও আমি জিকিম৷’ ইফালে, বিদ্যুৎ মাচুল বৃদ্ধিৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অখিল গগৈয়ে কয় যে ৩.৩০ পইচাৰ বিদ্যুৎ ১০.৫০ পইচাত কিনি জ্জটকা লাভ খোৱাই এপিডিচিএলৰ কাম৷ চৰকাৰৰ নিজাকৈ বিদ্যুৎ উৎপাদন নাই৷ গেদগীল ফৰ্মূলামতে কেন্দ্ৰৰ পৰা প্ৰাপ্য বিদ্যুতো আদায় কৰি আনিব নোৱাৰে হিমন্ত চৰকাৰে৷ মুকলি বজাৰৰ পৰা চৰা দামত বিদ্যুৎ ক্ৰয় কৰিব লাগে এপিডিচিএলে৷ বিদ্যুৎ মাচুল বৃদ্ধিৰ সপক্ষে ক’বলৈ ভৱেশ কলিতাৰ দৰে বহুৱাবোৰ আছেই৷ ইফালে, ‘উত্তৰ গুৱাহাটীলৈ গ’লে গম পাব কিমান মাটিৰ দালালে মাটি দখল কৰিছে’ বুলি মন্তব্য কৰি অখিল গগৈয়ে কয়– ‘বিজেপিতে মাটিৰ দালালে গিজগিজাই আছে৷’