Logo
image

ৰামমন্দিৰ উদ্বোধনত মোদীয়ে নিষেধ কৰিলে মুখ্যমন্ত্ৰীবৃন্দক

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৭ ডিচেম্বৰঃ অহা ২২ জানুৱাৰীত অযোধ্যাত উদ্বোধন হ’ব ৰামমন্দিৰ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাম লালাক মন্দিৰৰ গৰ্ভত প্ৰতিষ্ঠা কৰিব৷ সেই উপলক্ষ্যে অযোধ্যাত বিশাল আয়োজন চলিছে৷ শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টে ইতিমধ্যে দেশৰ বহুতো আগশাৰীৰ শাসক-বিৰোধী শীৰ্ষ নেতালৈ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানলৈ আনুষ্ঠানিক আমন্ত্ৰণী-পত্ৰ প্ৰেৰণ কৰিছে৷ এইসকলৰ ভিতৰত বিশেষকৈ কংগ্ৰেছৰ ৰাষ্ট˜ীয় সভাপতি মল্লিকাৰ্জুন খৰ্গে, ছোনিয়া গান্ধী, প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং,এইচ ডি দেৱেগৌড়া, প্ৰাক্তন ৰাষ্ট˜পতি প্ৰতিভা পাটিল, ৰামনাথ ক’বিন্দ, চি পি এমৰ নেতা সীতাৰাম য়েচুৰী, চিপিআই নেতা ডি ৰাজা, বিএছপি নেত্ৰী মায়াৱতীৰ নাম থকা বুলি জানিব পৰা গৈছে৷ আপৰ প্ৰধান দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালকো ইতিমধ্যে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা বুলি জানিব পৰা গৈছে৷ ইফালে, শাসকীয় বিজেপিৰ ৰাম মন্দিৰ আন্দোলনৰ দুই উল্লেখযোগ্য মুখ লালকৃষ্ণ আদৱাণী আৰু মুৰুলী মনোহৰ যোশীক শাৰীৰিক অসুস্থতাৰ বাবে ভিডিঅ’ কনফাৰেন্স যোগেদি উপস্থিত থকাৰ বাবে আমন্ত্ৰণ জনাইছে ট্ৰাষ্টে৷ উদ্যোগপতি গৌতম আদনী, মুকেশ আম্বানী, মেগাষ্টাৰ অমিতাভ বচ্ছন, ৰজনীকান্ত, মাধুৰী দীক্ষিত, ৰামায়ন ‘ধাৰাবাহিক’ৰ অভিনেতা-অভিনেত্ৰীসকলকো প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে৷ সকলো মিলি ২২ জানুৱাৰীত সৰযু নদীৰ পাৰত ৰাম মন্দিৰৰ এক নতুন ইতিহাস নিৰ্মাণ হ’ব৷ কিন্তু এই প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা নাই দেশৰ বিভিন্ন ৰাজ্যৰ ৰাজ্যপালসকলক৷ শেহতীয়াকৈ ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিষেধ কৰিছে দেশৰ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰো উপস্থিতি৷ জানিব পৰা মতে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত কেৱল গৃহৰাজ্য হোৱাৰ বাবে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথহে উপস্থিত থাকিব পাৰিব৷ কাজেই মোদীৰ এই সিদ্ধান্তই অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাকে ধৰি আন বহুতো বিজেপিৰ নেতাৰ আশাত চেঁচাপানী ঢালিলে৷ ইতিমধ্যে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত উপস্থিত থাকিবৰ বাবে বিজেপিৰ মুখ্যমন্ত্ৰীসকৰ লগতে বহুতো শীৰ্ষ নেতাই বৃহৎ প্ৰস্তুতি চলাইছিল৷ ইফালে, ২২ জানুৱাৰীৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনা আৰএছএছে সমগ্ৰ ৰাজ্যতে মঠ-মন্দিৰ, নামঘৰত ধূপ-ধূনা, চাকি জ্বলাই পূজা-প্ৰাৰ্থনা কৰাৰ লগতে ঘৰে ঘৰে বন্তি জ্বলাবলৈও আহ৩ান জনাইছে৷ উল্লেখ্য, গুজৰাটৰ অণুভাই সোমপুৰাৰ নেতৃত্বত নিৰ্মাণ হোৱা ৰাম মন্দিৰৰ কাৰুকাৰ্যই সকলোকে মোহিত কৰিছে৷ আৰএছএছ-বিজেপিৰ পৃষ্ঠপোষকতাত দেশত সৰ্বত্ৰ আৰম্ভ হৈছে ৰামময় পৰিৱেশৰ৷ তেওঁলোকৰ মতে ২০২৪ৰ লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে ভাৰতত আৰম্ভ হ’ব এক ৰামায়নী দস্তাবেজৰ নতুন যুগ৷