Logo
image

খোদ মহানগৰীতেই ৪০জনীয়া ভূ-মাফিয়া দলৰ তাণ্ডৱ, জ্বলাই দিলে ২৩টা ব্যৱসায় প্ৰতিষ্ঠান

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৭ ডিচেম্বৰঃ গুৱাহাটীত আৰক্ষী-প্ৰশাসনে ভূ-মাফিয়াৰ বিৰুদ্ধে কঠোৰ হৈ পৰাৰ সময়তে খোদ মহানগৰীৰ মাজ মজিয়াত ভূ-মাফিয়া তথা ভেৰোণীয়া গুণ্ডাবাহিনীয়ে একে নিশাৰ ভিতৰতে ২৩ খনকৈ ব্যৱসায় প্ৰতিষ্ঠান লণ্ড-ভণ্ড আৰু অগ্নিসংযোগ কৰাৰ ঘটনা সংঘটিত হৈছে৷ গুৱাহাটীৰ বশিষ্ঠ চাৰিআলিৰ কোঠাৰী মাৰ্কেটত সোমবাৰে নিশা এই কাৰ্য সংঘটিত কৰে প্ৰায় ৪০জনীয়া ভূ-মাফিয়া বাহিনীয়ে৷ দুজন ব্যক্তিৰ ভূমি বিবাদক কেন্দ্ৰ কৰি ভেৰোণীয়া গুণ্ডাবাহিনীৰ দলে ব্যৱসায় প্ৰতিষ্ঠান লণ্ড-ভণ্ড কৰাৰ লগতে সামগ্ৰী বাহিৰলৈ দলিয়াই দিয়াৰ উপৰি কম্পিউটাৰ-চি পি ইউ পৰ্যন্ত জ্বলাই দিয়াৰ দৰে কাৰ্যও সংঘটিত কৰে৷ আৰক্ষীয়ে গিজগিজাই থকাৰ পাছতো সংঘটিত এই ঘটনাত ৰাজদীপ আৰু ৰাণা তালুকদাৰ নামৰ দুজন  ছালফাৰ নামো সাঙোৰ খাই পৰিছে৷ অভিযোগ অনুসৰি বশিষ্ঠ চাৰিআলিৰ ওজা হোণ্ডাইৰ পিছফালে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৮ কঠা ভূমিক লৈ ৰাজেন্দ্ৰ কোঠাৰী আৰু সোমেশ্বৰ তিমুং নামৰ দুজন ব্যক্তিৰ সৈতে দীৰ্ঘদিনৰ পৰা বিবাদ আছিল৷ মালচান্দ কোঠাৰীৰ দখলত থকা উক্ত ভূমিত ৰাজেন্দ্ৰ কোঠাৰী আৰু অনিল কোঠাৰীয়ে বিল্ডিং নিৰ্মাণ কৰি ব্যৱসায় প্ৰতিষ্ঠানক ভাৰা দিছিল৷ কোঠাৰী মাৰ্কেট নাম দি কোঠাৰী ভাতৃয়ে ২৩ খন ব্যৱসায় প্ৰতিষ্ঠান ভাৰাত দিছিল৷ ২৫-৩০ বছৰ ধৰি ব্যৱসায় প্ৰতিষ্ঠান সমূহৰ পৰা ৰাজেন্দ্ৰ কোঠাৰীয়ে ভাৰা আদায় লৈ আহিছিল যদিও শেহতীয়াকৈ ভূমি বিবাদৰ আইনী গোচৰত জয়ী হৈছিল সোমেশ্বৰ তিমুং৷ ইয়াৰ পাছতেই ২২ ডিচেম্বৰত আৰক্ষী-প্ৰশাসনৰ লোকে সংশ্লিষ্ট ৮ কঠা ভূমি সোমেন্দ্ৰ কোঠাৰীক চমজাই দিয়ে৷ তাৎপৰ্যপূৰ্ণভাৱে আইনীভাৱে ভূমিখিনিৰ মালিকীস্বত্ব সোমেশ্বৰ তিমুংৰ হাতলৈ যায়৷ কিন্তু উক্ত মাটিত বছৰ বছৰ ধৰি ব্যৱসায় কৰি থকা ২৩ খন ব্যৱসায়িক প্ৰতিষ্ঠানক স্বত্বাধিকাৰীক কোনো জাননী তথা দোকান খালি কৰিবলৈ সময় নিদিয়াকৈ সোমবাৰে নিশাই ৪০-৫০জনীয়া ভেৰোণীয়া গুণ্ডা বাহিনীয়ে কোঠাৰী মাৰ্কেটত প্ৰৱেশ কৰি সকলো দোকান লণ্ড ভণ্ড কৰে৷ গুণ্ডা বাহিনীৰ দলটোৱে ব্যৱসায় প্ৰতিষ্ঠানৰ দোকানৰ তলা ভাঙি ভিতৰৰ সা-সামগ্ৰী লণ্ড-ভণ্ড কৰাৰ লগতে পূজা টায়াৰ নামৰ এখন দোকানৰ সকলো টায়াৰ বাহিৰলৈ দলিয়াই দিয়ে৷ তদুপৰি গুণ্ডাবাহিনীৰ দলটোৱে দোকান এৰি যাবলৈ ভাবুকি দিয়াতে ক্ষান্ত নাথাকি কেইবাখনো প্ৰতিষ্ঠানৰ কম্পিউটাৰ, চি পি ইউ, কেমেৰা পৰ্যন্ত জ্বলাই দিয়ে৷ পুৱা নিজৰ ব্যৱসায় প্ৰতিষ্ঠানৰ ৰূপ দেখা পাই হতভম্ব হৈ পৰা ভুক্তভোগী ব্যৱসায়ীসকলে ৰাজদীপ আৰু ৰাণা তালুকদাৰ নামৰ ছালফা আৰু কয়লা মাফিয়াৰ নেতৃত্বত গুণ্ডাবাহিনীৰ দলটোৱে এই কাৰ্য সংঘটিত কৰা বুলিও অভিযোগ কৰিছে৷ গুৱাহাটীৰ মাজমজিয়াত নিশাটোৰ ভিতৰতে ভেৰোণীয়া গুণ্ডা বাহিনীয়ে ২৩ খনকৈ ব্যৱসায় প্ৰতিষ্ঠান লণ্ড-ভণ্ড কৰাৰ দৰে দুষ্কাৰ্য সংঘটিক কৰাৰ আঁৰত ৰাজনৈতিক নেতা আৰু শীৰ্ষ আৰক্ষী বিষয়া জড়িত থকা বুলিও চৰ্চা লাভ কৰিছে৷ ৰাজনৈতিক নেতা আৰু আৰক্ষীৰ আশীৰ্বাদ নাথাকিলে গুৱাহাটীৰ মাজমজিয়াত ভেৰোণীয়া গুণ্ডাই এনেদৰে সন্ত্ৰাস চলাবলৈ যে সাহস কৰিব পাৰে, তাক লৈ স্থানীয় লোকেও প্ৰশ্ন উত্থাপন কৰিছে৷ কোনো আগতীয়াকৈ জাননী নিদিয়াকৈ ভেৰোণীয়া গুণ্ডাই ২৩ খনকৈ দোকান লণ্ড-ভণ্ড কৰি সা-সামগ্ৰী নষ্ট তথা জ্বলাই দিয়াৰ সন্দৰ্ভত ভুক্তভোগী ব্যৱসায়ীসকলে বশিষ্ঠ থানাতো এজাহাৰ দাখিল কৰে৷ তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে সোমেশ্বৰ তিমুঙৰ উক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ গাতে লাগি থকা ৮ কঠা মাটিৰ পাছফালে লাগি আছে ৰাজেন্দ্ৰ কোঠাৰীৰ প্ৰায় ৪২বিঘা ভূমিৰ এটা বিশাল এলেকা৷ সোমেশ্বৰ তিমুঙৰ মাটিৰ ওপৰৰে ৰাজেন্দ্ৰৰ উক্ত ৪২ বিঘা ভূমিলৈ যোৱা বাট আছিল যদিও এতিয়া ভেৰোণীয়া গুণ্ডা বাহিনীটোৱে একে নিশাৰ ভিতৰতে প্ৰৱেশ পথত বেৰা দি ভেটি  পেলায় অৰ্থাৎ ৰাজেন্দ্ৰ কোঠাৰী ৪২ বিঘা ভূমিলৈ যাবলৈ কোনো বাট নোহোৱা হৈ পৰিল৷ এই মুহূৰ্তত ৰাজেন্দ্ৰ কোঠাৰীয়ে ভেৰোণীয়া গুণ্ডাবাহিনীটোক নেতৃত্ব দিয়া আঁৰৰ ৰাজনৈতিক ভাৱে শাক্তিশালী চক্ৰটোক উক্ত ২৪ বিঘা ভূমি বিক্ৰী কৰাৰ বাহিৰে আন বিকল্প নোহোৱা হৈ পৰা বুলিও অভিযোগ উঠিছে৷ এক কথাত চৰকাৰৰ বসুন্ধৰা আঁচনিৰ সুবিধা লৈ ভেৰোণীয়া গুণ্ডা বাহিনীৰ আঁৰৰ চক্ৰটোৱে নিশাৰ আন্ধাৰৰ সুযোগ লৈ ভূমি দখলৰ ব্লুপ্ৰিণ্ট ৰচনা কৰা বুলিও খোদ প্ৰশাসনৰ লোকৰ মাজতেই চৰ্চা চলিছে৷ স্বাভাৱিকতেই সোমেশ্বৰ তিমুঙৰ ভূমিত কোনে অনাগত দিনত ব্যৱসায় কৰিব সেয়া হ’ব লক্ষণীয়৷