Logo
image

বিশ্বৰ ভিতৰতে ইন্ধনত সৰ্বাধিক কৰ ভাৰতত

যত দোষ, নন্দ ঘোষ৷ বালক কৃষ্ণই কৰা সকলো দোষৰ ভাগী তেওঁক লালন পালন কৰা নন্দ ঘোষ, কিয়নো কৃষ্ণ হৈছে ভগৱানৰ অৱতাৰ, তেওঁ দোষ কৰিবই নোৱাৰে৷ দ্বাপৰ যুগৰ পৰাই চলি থকা সেই বিশ্বাস কালক্ৰমত আধুনিক যুগত প্ৰবচনত পৰিণত হৈছে৷ 

ঠিক সেইদৰে দেশত পে’ট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিৰ বাবে সকলো দোষ পূৰ্বৰ চৰকাৰৰ, কাৰণ নৰেন্দ্ৰ মোদী চৰকাৰে দেশবাসীৰ ক্ষতি কৰিবই নোৱাৰে এয়া কোনো কল্প-কাহিনীৰ আৰম্ভণি নহয়, স্বয়ং প্ৰধানমন্ত্ৰী মোদীৰ বক্তব্যৰ সাৰাংশহে৷ দেশত পে’ট্ৰল আৰু ডিজেলৰ মূল্যই শতকৰ ঘৰ অতিক্ৰম কৰি ইতিহাস সৃষ্টি কৰাৰ সময়ত ইন্ধনৰ মূল্যবৃদ্ধিৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ চৰকাৰৰ ওপৰৰ পৰা সকলো দায়-দায়িত্ব জোকাৰি পেলাইছে৷ প্ৰধানমন্ত্ৰী মোদীয়ে বুধবাৰে তামিলনাডুৰ এটা তেল আৰু গেছ প্ৰকল্প উদ্বোধন  কৰি দিয়া বক্তব্যত এতিয়া দেশত পে’ট্ৰল-ডিজেলৰ মূল্য আকাশলংঘী হোৱাৰ বাবে তেওঁৰ পূৰ্বৰ চৰকাৰক দোষাৰোপ কৰিছে৷ মোদীৰ দাবী–যদি পূৰ্বৰ চৰকাৰে দেশৰ ইন্ধন আমদানিৰ নিৰ্ভৰতা হ্ৰাস কৰিলেহেঁতেন তেন্তে এতিয়া দেশবাসীয়ে পে’ট্ৰল-ডিজেলৰ বাবে ইমান ধন ব্যয় কৰিবলগীয়া নহ’লহেঁতেন৷ পে’ট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিৰ বাবে দায়ী পূৰ্বৰ চৰকাৰ৷ দেশৰ সাম্প্ৰতিক চৰকাৰৰ ব্যৰ্থতাৰ বাবে যিদৰে মোদী চৰকাৰৰ সদায় পূৰ্বৰ চৰকাৰৰ ওপৰতে দোষ জাপি দিয়াৰ প্ৰবণতা আছে, ঠিক পে’ট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিৰ ক্ষেত্ৰতো একেই–য’ত দোষ, নন্দ ঘোষ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সম্প্ৰতি পে’ট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিৰ বাবে পূৰ্বৰ চৰকাৰক দোষাৰোপ কৰিলেও কিন্তু তেওঁৰ কাৰ্যকালতে যে কেন্দ্ৰীয় চৰাকৰে পে’ট্ৰল-ডিজেলৰ ওপৰত বিশ্বৰ ভিতৰতে সৰ্বোচ্ছ কৰ জাপি দিছে, সেই বিষয়ে ঘূনাক্ষৰেও উল্লেখ নকৰিলে৷ মিডিয়াৰ চৰম উৎকৰ্ষৰ দিনত এতিয়া কোনো পৰিসংখ্যা লুকাই নাথাকে, যিদৰে লুকাই থকা নাই মোদী চৰকাৰৰ শাসনকালত ভাৰতবৰ্ষত বিশ্বৰ ভিতৰতে পে’ট্ৰলত সৰ্বাধিক কৰ আৰোপ কৰাৰ তথ্য৷

হয়, ভাৰতেই পৃথিৱীৰ একমাত্ৰ স্বাধীন দেশ, য’ত স্বাধীন নাগৰিকৰ ওপৰত সেই দেশৰ নিজৰ চৰকাৰে পে’ট্ৰল-ডিজেলৰ ওপৰত ৬৯.৩ শতাংশ কৰ আৰোপ কৰিছে৷ অৰ্থাৎ প্ৰতি ১০০ টকাৰ পে’ট্ৰল ক্ৰয় কৰিলে স্বাধীন ভাৰতৰ নাগৰিকে চৰকাৰক কৰ হিচাপে প্ৰদান কৰিব লাগে ৬৯ টকা ৩০ পইচা৷ স্বাধীন দেশত নিজৰেই চৰকাৰে আজিৰ বিশ্বত সকলোৰে বাবে অপৰিহাৰ্য হৈ পৰা ইন্ধন অৰ্থাৎ পে’ট্ৰল-ডিজেলত ৬৯.৩ শতাংশ কৰা আৰোপ কৰাৰ উদাহৰণ নাই৷ সৰ্বাধিক ইন্ধন-কৰ আৰোপ কৰা দেশ হিচাপে শীৰ্ষস্থানত থকা ভাৰতৰ পিছত স্থান লৈছে উন্নত ইউৰোপীয় দেশ ক্ৰমে ইটালি [৬৪%], ফ্ৰান্স [৬৩%], জাৰ্মানী [৬৩%], ব্ৰিটেইন [৬২%], যিসমূহ দেশৰ নাগৰিকৰ জনমুৰি আয় ভাৰতীয়ৰ তুলনাত অস্বাভাৱিকভাৱে অধিক৷ 

২০২০ চনত ৬ মে’ত কেন্দ্ৰীয় চৰকাৰে ক’ভিড-১৯ৰ অতিমাৰী আৰু লকডাউনত দেশ স্তব্ধ হৈ থকাৰ সময়তে বৃহৎ প্ৰতিকৰ আৰোপ কৰাৰ লগে লগে  নৰেন্দ্ৰ মোদীৰ শাসনাধীন ভাৰতবৰ্ষ বিশ্বৰ ভিতৰত পে’ট্ৰল-ডিজেলত সৰ্বোচ্ছ কৰ আৰোপ কৰা দেশত পৰিগণিত হয়৷ অথচ নৰেন্দ্ৰ মোদীৰ চৰকাৰ শাসনৰ গাদীত বাহৰ আগলৈকে পে’ট্ৰলত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ মিলি কৰ আৰোপ কৰিছিল ২৫.৯ শতাংশ [কেন্দ্ৰৰ ১৪%, ৰাজ্যৰ ১১.৯%] আৰু ডীলাৰৰ কমিছন ২ শতাংশ৷ সম্প্ৰতি পেট্ৰলত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ উভয়ে আদায় কৰে ৬৯.৩ শতাংশ কৰ য’ত ডীলাৰে কমিছন হিচাপে লাভ কৰে ৪ শতাংশ৷

এনেদৰে বৃহৎ হাৰত দেশবাসীৰ ওপৰত পে’ট্ৰল-ডিজেলৰ কৰ আৰোপ কৰি থকা স্বত্বেও কেন্দ্ৰীয় চৰকাৰে কৰ হ্ৰাস কৰি দেশৰ জনতাক সকাহ নিদিয়ে বুলি ঘোষণা কৰিছে৷ কেন্দ্ৰীয় পে’ট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে লোকসভাত এই বিষয়ে ঘোষণা কৰি কৈছে যে, নিকট ভৱিষ্যতত মোদী চৰকাৰৰ পে’ট্ৰল-ডিজেলৰ কৰ, উপকৰ, প্ৰতিকৰ হ্ৰাসৰ কোনো পৰিকল্পনা নাই৷ ধৰ্মেন্দ্ৰ প্ৰধানে এই ঘোষণা কৰাৰ সপ্তাহটোতে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ গাৰ পৰা সকলো দোষ জোকাৰি পেলাই দিয়াৰ তিনিদিন পাছত আজি শুকুৰবাৰেও একেৰাহে ১১ দিন ধৰি দেশত পে’ট্ৰল-ডিজেলৰ মূল্য বৃদ্ধি হৈছে৷ ইতিমধ্যে কংগ্ৰেছ শাসিত ৰাজস্থান আৰু বিজেপি শাসিত মধ্যপ্ৰদেশত পে’ট্ৰলৰ মূল্যই ১০০ টকা অতিক্ৰম কৰাৰ পাছত দেশৰ প্ৰায় প্ৰতিখন ৰাজ্যতে যিকোনো দিনাই পে’ট্ৰলৰ মূল্যই ১০০টকা অতিক্ৰম কৰা নিশ্চিত হৈছে৷ 

পে’ট্ৰল-ডিজেলৰ এই মূল্যবৃদ্ধিৰ বাবে যে শাসনাধিষ্ঠিত বিজেপি মুঠেই চিন্তিত বা উদ্বিগ্ন নহয়, সেয়া প্ৰমাণ কৰি মধ্য প্ৰদেশৰ বিজেপি চৰকাৰৰ এজন মন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এই মূল্যবৃদ্ধিৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে৷ মধ্যপ্ৰদেশৰ স্বাস্থ্য শিক্ষামন্ত্ৰী বিশ্বাস সাৰংগই  প্ৰধানমন্ত্ৰীক অভিনন্দন জনোৱাতো কোনো কটাক্ষ নহয়, বৰং আন্তৰিকভাৱেই তেওঁ পে’ট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিৰ বাবে অভিনন্দন জনাইছে৷ মন্ত্ৰী সাৰংগই কয়–‘মই বিশ্বাস কৰো এতিয়াৰ পৰা দেশবাসীয়ে পে’ট্ৰল-ডিজেললৈ পিঠি দি সৌৰশক্তি, বিদ্যুতশক্তি ব্যৱহাৰত মন দিব৷ তাৰ বাবে নিশ্চিতভাৱে প্ৰধানমন্ত্ৰী মোদীজীৰ প্ৰতি অভিনন্দন জনাবাই লাগিব৷ মই মোদীজীক অভিনন্দন জনাইছো, কিয়নো তেওঁ খাৰুৱা তেলৰ বিশ্বৰ বজাৰ সৌৰশক্তিৰ ব্যৱহাৰেৰে নিয়ন্ত্ৰণ কৰি পেলাব৷’

কেন্দ্ৰত শাসনাধিষ্ঠিত বিজেপি চৰকাৰো স্বাভাৱিকতে পে’ট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিত সন্তুষ্ট৷ কিয়নো বৰ্ধিত মূল্যৰ বাবে সেই হাৰত কৰৰ বাবদ লাভ কৰিবলগীয়া অংকও বৃদ্ধি পাব৷ বৰ্ধিত মূল্যৰ বাবে ২০২১-২২ বিত্তীয় বৰ্ষত বিগত বিত্তীয় বৰ্ষতকৈ ১.৯ লাখ কোটি অতিৰিক্ত টকা এইবাৰ মোদী চৰকাৰে লাভ কৰিব৷ বিগত বৰ্ষত পে’ট্ৰল-ডিডেলৰ মূল্য কম হোৱাৰ বাবে কৰ হিচাপে কেন্দ্ৰই লাভ কৰিছিল ২.৬৭ লাখ কোটি টকা৷ এইবাৰ সেই সংখ্যা হ’ব ৩.৬১ লাখ কোটি টকা৷