Logo
image

কয়লা-গৰু-চুপাৰিৰ দৰে অবৈধ গাহৰি সৰবৰাহ ছিণ্ডিকেট আৰম্ভ

নিষেধাজ্ঞা ভাঙি অসমত বহিঃৰাজ্যৰ শ শ গাহৰিৰ ট্ৰাক

আমাৰ অসম, ২০ ফেব্ৰুৱাৰীঃ কয়লা, চুপাৰী বা গৰু ছিণ্ডিকেটৰ সমান্তৰালভাৱে এইবাৰ ৰাজ্যত চলিছে গাহৰিৰ ছিণ্ডিকেট৷ গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ লগতে ৰাজ্য চৰকাৰৰ নিষেধাজ্ঞাৰ পাছতো পঞ্জাৱ-হাৰিয়ানাৰ পৰা অসমলৈ দৈনিক অবৈধভাৱে ট্ৰাকে ট্ৰাকে সৰবৰাহ হৈছে গাহৰি৷ কোনো নথি-পত্ৰ অবিহনে শ্ৰীৰামপুৰ গেট হৈ গুৱাহাটীলৈ কঢ়িয়াই অনা তিনি ট্ৰাক গাহৰি শুকুৰবাৰে ৰাইজৰ হেঁচাত জব্দ কৰিবলৈ বাধ্য হয় পশুপালন বিভাগে৷ আফ্ৰিকান ছোৱাইন ফিভাৰৰ পৰিপ্ৰেক্ষিতত চলিত বৰ্ষৰ ২০ জানুৱাৰীত পশুপালন বিভাগে অসমলৈ বহিঃৰাজ্যৰ গাহৰি আমদানিত নিষেধাজ্ঞা আৰোপ কৰিছিল৷ আনকি থলুৱা গাহৰি আন্তঃজিলা সৰবৰাহ তথা ব্যৱসায়ত প্ৰতিবন্ধকতা আৰোপ কৰিছিল পশুপালন বিভাগে৷ লক্ষণীয়ভাৱে আফ্ৰিকান ছোৱাইন ফিভাৰৰ বাবেই মন্ত্ৰী অতুল বৰাৰ নেতৃত্বাধীন পশুপালন বিভাগৰ নিৰ্দেশত ৰাজ্যৰ প্ৰায় ১০ লাখ গাহৰি হত্যা কৰিবলৈ বাধ্য হৈছিল থলুৱা পালকসকলে৷ অৱশ্যে মাৰাত্মক ভাইৰাছ বিধৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত চাংসাৰিৰ ৰুণা ৰফিক আৰু তন্ময় জে নাথ নামৰ ব্যৱসায়ীদ্বয়ৰ ফাৰ্মৰ লগতে পশুপালন বিভাগৰ খানাপাৰাস্থিত ফাৰ্মৰ গাহৰি চৰকাৰীভাৱে নিধন কৰিছিল৷ আশ্চৰ্যজনকভাৱে অতুল বৰাৰ নিৰ্দেশত পশুপালন বিভাগে কেৱল চাংসাৰিৰ ব্যৱসায়ীদ্বয়ক ক্ষতিপূৰণ দিয়ে যদিও অসমৰ আন কোনো থলুৱা ব্যৱসায়ীক ক্ষতিপূৰণ দিয়াৰ বাবে আজিও ব্যৱস্থা নকৰিলে৷ অথচ পশুপালন বিভাগৰ অধীনস্থ মনোজ শইকীয়াৰ নেতৃত্বাধীন পশুধন নিগমে গুৱাহাটীত কোটি টকা ব্যয় কৰি নিৰ্বাচনৰ পূৰ্বে কৃষক-পালকৰ পৰা হাজাৰ মাইল আঁতৰত মেলা পাতি চৰকাৰী ধনৰ অপব্যৱহাৰ কৰাৰহে অভিযোগ উঠিছে৷ বিভাগীয়ভাৱে কোনো সহায় নোপোৱাৰ বাবেই সম্প্ৰতি থলুৱা গাহৰি পালকসকলৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে৷ কিন্তু, থলুৱা পালকক সকাহ দিয়াৰ পৰিৱৰ্তে গাহৰি ছিণ্ডিকেট চক্ৰৰ পৰা কমিচন সংগ্ৰহত নামি পৰিছে অতুল বৰাৰ পশুপালন বিভাগ৷ আৰক্ষী আৰু পশুপালন বিভাগক মেনেজ কৰি ছিণ্ডিকেট চক্ৰই পঞ্জাৱ-হাৰিয়ানাৰ পৰা দৈনিক গড়ে প্ৰায় ২ কোটি টকাৰ মূল্যৰ গাহৰিৰ সৰবৰাহ কৰিছে অসমলৈ৷ অসমৰ চুবুৰীয়া নাগালেণ্ড, মেঘালয়, অৰুণাচল আদি ৰাজ্যৰ দোহাই দি মন্ত্ৰীৰ আশীৰ্বাদপুষ্ট বিশেষ ছিণ্ডিকেট চক্ৰই দৈনিক বিশাল বিশাল ট্ৰাকেৰে বহিঃৰাজ্যৰ পৰা অসমলৈ আনিছে ৫০০-১০০০ কৈ বিলাতী গাহৰি৷ শুকুৰবাৰে শ্ৰীৰামপুৰ গেট হৈ গুৱাহাটীৰ লগতে তেজপুৰলৈ প্ৰায় সাতখন তিনিমহলীয়া ট্ৰাকত নথি-পত্ৰ অবিহনে গাহৰি সৰবৰাহ কৰে ছিণ্ডিকেট চক্ৰই৷ গুৱাহাটীৰ ১৪ মাইলস্থিত দুখন ফাৰ্মত পঞ্জাৱ-হাৰিয়ানাৰ পৰা অনা ৫৭৫টা গাহৰি ট্ৰাকৰ পৰা আনলোড কৰি থকাৰ কথা থলুৱা একাংশ ব্যৱসায়ীয়ে জানিব পাৰি পশুপালন বিভাগৰ লগতে মন্ত্ৰী অতুল বৰা আৰু আৰক্ষী সঞ্চালক প্ৰধানকো অভিযোগ কৰে৷ ইপিনে থলুৱা ব্যৱসায়ীসকলৰ হেঁচাত সেও মানি পশুপালন বিভাগৰ এটা দলে ১৪ মাইলত উপস্থিত হৈ চালান অবিহনে সৰবৰাহ হোৱা গাহৰিবোৰ জব্দ কৰি যোৰাবাট থানাত চমজাই দিয়ে৷ আশ্চৰ্যজনক বিষয়টো হৈছে বহিঃৰাজ্যৰ পৰা অসমলৈ গাহৰি ভৰ্তি ট্ৰাক শ্ৰীৰামপুৰ গেটৰ লগতে প্ৰতিখন জিলাত আৰক্ষী আৰু পশুপালন বিভাগৰ তালাচীৰ সন্মুখীন হ’ব লাগে৷ কিন্তু আৰক্ষী বা পশুপালন বিভাগৰ কোনো বাধা অবিহনে গাহৰি ভৰ্তি ট্ৰাক গুৱাহাটী আৰু তেজপুৰত উপস্থিত হোৱা কাৰ্যই ছিণ্ডিকেট চক্ৰৰ হাতোৰা কিমান ডাঙৰ, সেয়া স্পষ্ট কৰিছে৷ গাহৰি ট্ৰাক শ্ৰীৰামপুৰ গেট পাৰ হৈ অসমত প্ৰৱেশ কৰাৰ অনুমতি দিয়াৰ বিনিময়ত ছিণ্ডিকেট চক্ৰই কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰৌচনক কেইবা লাখ টকা কমিচন দিব লগা হয় বুলিও অভিযোগ উঠিছে৷