Logo
image

আবকাৰীমন্ত্ৰী, আৰক্ষীৰ সতৰ্কবাণী

‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদক, ৩১ ডিচেম্বৰঃ আজি বছৰটোৰ শেষ দিন৷ পুৰণি বছৰক বিদায় দি সমগ্ৰ বিশ্বৰ লগতে অসমতো উলাহ-মালহেৰে নৱবৰ্ষক আদৰা হ’ব৷ নতুন বছৰক আদৰাৰ নামত প্ৰতি বছৰে অঘটনা সংঘটিত হৈ আহিছে৷ এই অঘটন আৰু দুৰ্ঘটনা ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰ আৰু আৰক্ষী-প্ৰশাসনে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে৷ নতুন বছৰৰ আদৰাৰ নামত আইন উলংঘা কৰা লোকক কঠোৰ সতৰ্কবাণী প্ৰদান কৰে ৰাজ্য চৰকাৰ আৰু আৰক্ষী-প্ৰশাসনে৷ এই উপলক্ষে আজি জনতা ভৱনত পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই এক সংবাদমেলৰ আয়োজন কৰে৷ সংবাদমেল সম্বোধন কৰি মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কয় যে ৰোড ছেফটীৰ ওপৰত ৰাজ্য চৰকাৰে সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে৷ ৰোড ছেফটীৰ ওপৰত সমগ্ৰ অসমত সজাগতা সভা অনুষ্ঠিত কৰি ৰাইজক সজাগ কৰাৰ প্ৰয়াস কৰা হৈছে বুলি মন্ত্ৰীজনে ব্যক্ত কৰে৷ অধিক গতিত, ৰং চাইড ড্ৰাইভ, চিট বেল্ট পৰিধান নকৰা, সুৰাপান কৰি গাড়ী চলোৱাৰ বাবে, ম’বাইল ফোনত কথা পাতি, হেলমেট পৰিধান নকৰি গাড়ী চলোৱাৰ বাবে ৰাজ্যত পথ দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পাইছে৷ এই পথ দুৰ্ঘটনা ৰোধ কৰিবলৈ পৰিবহণ বিভাগ, আৱকাৰী বিভাগ আৰু আৰক্ষীয়ে মাঘ বিহুলৈকে ২৪ ঘণ্টাই সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযান চলাব৷ আইন উলংঘা কৰি গাড়ী চলোৱা লোকক জৰিমনা বিহিবলৈ নিৰ্দেশ দিয়া হৈছে৷ আনকি, সুৰাপান কৰি গাড়ী চলোৱা লোকৰ ফটো সংবাদ মাধ্যমত প্ৰকাশ কৰিব পাৰি নেকি তাৰ ওপৰত চৰ্চা চলি আছে৷ চলিত বৰ্ষত এপ্ৰিল মাহৰ পৰা নৱেম্বৰ মাহলৈকে ৫৫ কোটি টকা জৰিমণা সংগ্ৰহ কৰা হৈছে৷ যান-বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে এইবাৰ চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব৷– এইদৰে কয় মন্ত্ৰী শুক্লবৈদ্যই৷ ইপিনে, নৱবৰ্ষৰ প্ৰাকক্ষণত সষ্টম হৈ আছে মহানগৰ আৰক্ষী৷  যান বাহন আইন উলংঘা কৰা লোকৰ বিৰুদ্ধে কঠোৰ ব্যবস্থা গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰিছে আৰক্ষী আয়ুক্ত দিগন্ত বৰাই৷  আৰক্ষী আয়ুক্ত দিগন্ত বৰাই কয়– নতুন বছৰত স্ফুৰ্তি কৰক কিন্তু কোনো আনন্দৰ মাজত যাতে বিষাদ নাহে তাৰ বাবে সজাগ হব লাগিব মহানগৰবাসী৷ পৰীক্ষা সমাগত একাদশ, দ্বাদশ শ্ৰেণীৰ, গতিকে আনন্দ কৰোঁতে যাতে ছাত্ৰ ছাত্ৰী অসুবিধা নহয় তাৰ বাবে সজাগ হওক৷ ৰোগীয়া লোকৰো যাতে অসুবিধা নহয় সেইটো গুৰুত্ব দিব লাগিব৷  সুৰা পান কৰি গাড়ী নচলাব, আইন ভংগ নকৰিব৷ সুৰা পায়ীৰ বিৰুদ্ধে গুৱাহাটীৰ সকলো স্থানতে অভিযান চলিব৷ তদুপৰি সুৰা বিৰোধী অভিযানত অসামৰিক পোছাকত থাকিব আৰক্ষীৰ লোক৷ সুৰাপান কৰি ৰাজপথত ওলালে বাতিল হ’ব অনুজ্ঞাপত্ৰ আৰু গাড়ীৰ পঞ্জীয়ন৷ তদুপৰি ভৰিব লাগিব জৰিমনা, জে’ললৈ যাব লাগিব৷ বাৰ, ৰেঁষ্টোৰাসমূহৰ ক্ষেত্ৰতো বান্ধি দিয়া সময় মতে বন্ধ কৰিব লাগিব, নহলে কঠোৰ আইনগত ব্যৱস্থা লোৱা হ’ব বুলি আৰক্ষী আয়ুক্ত দিগন্ত বৰাই উল্লেখ কৰে৷

আজি পৰিবহন বিভাগৰ পথ-সুৰক্ষা জনসচেতনতা সভা আৰু সংকল্প যাত্ৰা

‘আমাৰ অসম’ৰ মহানগৰ বাৰ্তাঃ সমাজৰ বিভিন্ন ক্ষেত্ৰৰ ৰাইজৰ স্বতঃস্ফূৰ্ত সহযোগিতাত নতুন বছৰটোত অসমক পথ-দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ পণ লৈছে পৰিবহন বিভাগে৷ ইয়াৰ বাবে পৰিবহন বিভাগৰ উদ্যোগত ৩১ ডিচেম্বৰ, দেওবাৰে পুৱা ৭.৩০ বজাত জনতা ভৱন খেলপথাৰ প্ৰাংগণত ব্যাপক পথ-সুৰক্ষা জনসচেতনতা সভা আৰু সংকল্প যাত্ৰাৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে৷ ৰাজ্যৰ পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্যকে ধৰি ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰৰ ভালেকেইগৰাকী অগ্ৰণী ব্যক্তি  সভাখনত উপস্থিত থকাৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ শিল্পী প্ৰতিনিধিসকলৰ অংশগ্ৰহণেৰে সংকল্প যাত্ৰা উলিয়াই নতুন বছৰটোত অসমৰ ৰাজপথত সুৰক্ষিত যাতায়াত ব্যৱস্থা নিশ্চিত কৰাৰ বাবে সৰ্বস্তৰৰ ৰাইজৰ প্ৰতি আহ্বান জনোৱা হ’ব৷ অনুষ্ঠানত সমাজৰ সকলো শ্ৰেণীৰ ৰাইজৰ উপস্থিতি তথা দিহা-পৰামৰ্শ পৰিবহন বিভাগে কামনা কৰিছে৷