Logo
image

গুণোৎসৱত ৪৩ হাজাৰ স্কুলৰ ৪০ লাখ ছাত্ৰ-ছাত্ৰী

‘আমাৰ অসম’ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদক, ৩ জানুৱাৰীঃ বুধবাৰৰ পৰা ৰাজ্যত আৰম্ভ হ’ব গুণোৎসৱ৷ তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব গুণোৎসৱ৷ আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অনুষ্ঠিত সংবাদমেলত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এই বিষয়ে উল্লেখ কৰি কয়– এই   গুণোৎসৱত সামৰি লোৱা হৈছে ৰাজ্যৰ চৰকাৰী, প্ৰাদেশীকৃত, চাহ বাগিচা মডেল স্কুল, কস্তুৰবা গান্ধী বালিকা বিদ্যালয়, আৱাসিক বিদ্যালয়, আদৰ্শ বিদ্যালয় আৰু চাহ বাগিচাৰ দ্বাৰা পৰিচালিত স্কুলসমূহকে ধৰি ৪৩,৪৯৮খন বিদ্যালয়ক৷ প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈকে ৰাজ্যৰ ৩৯,৬৩,৫৪২ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব গুণোৎসৱত৷ ১৮,০৯৮জন মূল্যায়নকাৰীয়ে গুণোৎসৱত অংশগ্ৰহণ কৰিব৷ প্ৰথমবাৰৰ বাবে এইবাৰ অ’এমআৰ শ্বীটৰ পৰিৱৰ্তে অনলাইন মাধ্যমত মূল্যায়নকাৰীয়ে আপলোড কৰিব লাগিব মতামত৷ বুধবাৰৰ পৰা ১২খন জিলাক সামৰি প্ৰথম পৰ্যায়ত গুণোৎসৱ অনুষ্ঠিত হ’ব৷ দ্বিতীয় পৰ্যায়ত ১৩খন আৰু তৃতীয় পৰ্যায়ত ১০খন জিলাত গুণোৎসৱ অনুষ্ঠিত হ’ব৷ গুণোৎসৱত মুখ্যমন্ত্ৰীৰ উপৰি ৰাজ্যৰ মন্ত্ৰী-বিধায়কৰ লগতে মুখ্য সচিবৰ পৰা আৰম্ভ কৰি প্ৰতিজন প্ৰশাসনীয় বিষয়াই অংশগ্ৰহণ কৰিব– মূল্যায়নকাৰী হিচাপে৷ গুণোৎসৱৰ জৰিয়তে বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ ওপৰতো গুৰুত্ব দিয়া হৈছে৷ বিগত সময়ছোৱাত ৮০০ কোটি টকা মোকলাই দিয়া হৈছে৷ সংবাদমেলত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড॰ পৰমানন্দ সোণোৱালো উপস্থিত থাকে৷