Logo
image

চোৰে মৰিয়াই মাৰিলে বিজেপি কৰ্মীক, গোসাঁইগাঁৱত উত্তেজনা

‘আমাৰ অসম’ৰ গোসাঁইগাঁৱৰ প্ৰতিনিধি,৩ জানুৱাৰীঃ নৱবৰ্ষৰ প্ৰথমটো দিনতে গোসাঁইগাঁৱত চোৰে মৰিয়াই মৰিয়াই হত্যা কৰিলে এজন বিজেপি কৰ্মীক৷ বিজেপি কৰ্মীজনক চোকা অস্ত্ৰৰে হানি-খুঁচি হত্যা কৰা  ঘটনাই জোকাৰি গৈছে সমগ্ৰ গোসাঁইগাঁও৷ গোসাঁইগাঁৱৰ ২নং হুদুমখাতা গাঁৱত সংঘটিত হয় এই নৃশংস হত্যাকাণ্ড৷ হত্যাৰ বলি হোৱা বিজেপি কৰ্মী দীপাংকৰ ওৰফে খোকন সৰকাৰৰ (২৮) মূৰত চোকা অস্ত্ৰৰ আঘাতৰ চিন স্পষ্ট হৈ আছে৷ চোৰে বিজেপি কৰ্মীজনক হত্যা কৰি ঘৰৰ পিছফালে পেলাই ৰাখে মৃতদেহটো৷ মূৰৰ পিছফালে খুকুৰিৰে আঘাত কৰাৰ চিন স্পষ্ট হোৱাত এয়া হত্যাকাণ্ড বুলি নিশ্চিত হৈছে আৰক্ষী৷ মৃতদেহৰ কাষত পৰি আছে এটা পানী উত্তোলক মটৰ৷ পানী উত্তোলক মটৰ চুৰি কৰিবলৈ অহা চোৰে এই হত্যাকাণ্ড সংঘটিত কৰাৰ তথ্য আৰক্ষীক প্ৰাথমিক অনুসন্ধানত পোহৰলৈ আহিছে৷ পানী উত্তোলক মটৰ চুৰি কৰা কাৰ্যত বাধা দিয়াৰ বাবেই বিজেপি কৰ্মীজনক হত্যা কৰাৰ সন্দেহ কৰা হৈছে৷ বিজেপি কৰ্মী খোকন সৰকাৰৰ জয়মা বজাৰত এখন গেলামালৰ দোকান আছিল৷ ইফালে হত্যাৰ বলি হোৱা খোকনৰ পিতৃয়ে অভিযোগ কৰা মতে, খোকনে বিজেপি কৰাৰ বাবেই এনেদৰে প্ৰাণ হেৰুৱাবলগীয়া হ’ল৷ তেওঁক বিজেপি-বিৰোধী লোকে হত্যা কৰিছে৷ খোকন উক্ত অঞ্চলটোৰ এজন নিষ্ঠাৱান বিজেপিকৰ্মী আছিল৷ তেওঁক পৰিকল্পিতভাৱে হত্যা কৰি পেলাই থোৱাৰ অভিযোগ তুলিছে পিতৃয়ে৷ উপযুক্ত তদন্ত কৰি দোষীক শাস্তিৰ দাবী জনায় পৰিয়ালে৷ ইফালে গোসাঁইগাওঁ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিবলৈ লোৱাত স্থানীয় লোকসকল উত্তেজিত হৈ পৰে আৰু মৃতদেহ প্ৰেৰণত আৰক্ষীক বাধা প্ৰদান কৰে৷ পাছত আৰক্ষী স্নিফাৰ ডগ আনি তদন্ত আৰম্ভ কৰাত ৰাইজে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণৰ অনুমতি দিয়ে৷ ২৪ ঘণ্টাৰ ভিতৰত উক্ত হত্যাকাণ্ডৰে জড়িত ব্যক্তিক চিনাক্ত কৰি উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ স্থানীয় দল-সংগঠনে আৰক্ষীক সময়সীমা বান্ধি দিয়ে৷