Logo
image

এনে দিন আৰু কেতিয়াও নাহকঃ দেৰগাঁৱত ভয়াৱহ দুৰ্ঘটনাত শিশুকে ধৰি একে পৰিয়ালৰ ৪জন নিহত

ডিজিটেল সংবাদ, দেৰগাঁওঃ নৱবৰ্ষক আদৰাৰ উখল মাখল পৰিৱেশৰ মাজতে বুধবাৰে নৱবৰ্ষৰ তৃতীয়টো দিনৰ পুৱা দেৰগাঁৱৰ বালিজান অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত ১২ জনকৈ লোক নিহত হোৱাৰ ঘটনাই ৰাজ্যজুৰি শোকৰ ছাঁ পেলাই। জানিব পৰা মতে, গোলাঘাটৰ কমাৰবন্ধা বচা ভৰলুৱা গাঁৱৰ পৰা তিনিচুকীয়াৰ টিলিঙা মন্দিৰলৈ এখন আল্ট্ৰা বাছেৰে আহি থকা বনভোজ দলৰ গাড়ীখনক বিপৰীত দিশৰ পৰা তীব্ৰ বেগেৰে আহি থকা এখন ট্ৰাকৰ মুখামুখি সংঘৰ্ষ হয়। যাৰ ফলত দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ চালকসহ অতি বিধ্বস্ত ৰূপ লোৱা আল্ট্ৰা বাছখনৰ ১২ জনকৈ লোকৰ মৃত্যু হয়। ইয়াৰ ভিতৰত ৭ বছৰীয়া, ১০বছৰীয়া আৰু ১৩বছৰীয়া তিনিটা শিশুকে  ধৰি একেটা পৰিয়ালৰ ৪জনসহ ১২জনকৈ লোকে অকাল মৃত্যুক সাৱটি ল'ব লগা হয়। দৈব্যক্ৰমে এই ভয়াবহ দুৰ্ঘটনাটোত এটি তিনি বছৰীয়া কন্যা শিশুসহ মাতৃ আৰু বাছখনৰ বাকী যাত্ৰীসকলৰ প্ৰাণ ৰক্ষা পৰে। 

কাল মৃত্যুৰ আহ্বান নেওচি প্ৰাণ ৰক্ষা পৰা বনভোজ দলটোৰ বিপদমুক্ত একাংশ সদস্যই জনোৱা মতে, গোলাঘাট কমাৰবন্ধা বছা ভৰলুৱা গাঁৱৰ পৰা পুৱা প্ৰায় ৩ বজাতে AS02AC 5083নম্বৰৰ এখন আল্ট্ৰা বাছেৰে তিনিচুকীয়াৰ টিলিঙা মন্দিৰ আৰু ঢলা শদিয়ালৈ বুলি আহি আছিল বনভোজ দলটো। গাঁৱৰ পৰা ওলাই অহাৰ প্ৰায় ১ঘন্টাৰ পিছতে দেৰগাঁৱৰ ৰাজপথত সংঘটিত হয় দুৰ্ঘটনাটো। ৩৫জনৰ আসন থকা বাছখনত মুঠ যাত্ৰী আহিছিল ৫০গৰাকী। উল্লেখযোগ্য যে দেৰগাঁৱৰ মাজেৰে যোৱা ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ চাৰিলেনযুক্ত পথলৈ উন্নীতকৰণ হ'ল যদিও নিৰ্মাণকাৰী পক্ষই ৰাষ্ট্ৰীয় পথৰ এইছোৱা পথ নিশা ওৱান ৱে কৰি থৈছিল। নাছিল কোনো পথ সংকেট। যাৰ বাবে নিজা পথেৰে গৈ থকা স্বত্বেও বাছখনেৰে বিপৰীত দিশৰ পৰা অহা কয়লা পৰিবাহী ট্ৰাকখনেৰে মুখামুখি সংঘৰ্ষ হয়। AS01PC0 648 নম্বৰৰ ট্ৰাকখনে কয়লা কঢ়িয়াই মাৰ্ঘেৰিটাৰ পৰা গুৱাহাটীৰ দিশেৰে আহি আছিল। বৰ্তমানলৈকে পোৱা তথ্য মতে, দুৰ্ঘটনাটোত নিহত হোৱাসকল ক্ৰমে-অনিমা শইকীয়া (৬০), শুভাংকুৰ শইকীয়া ( ১৩), নিহাৰিকা শইকীয়া (১০), দিপালী শইকীয়া (৩৭), নৱজিৎ শইকীয়া (৪০),পিংকী শইকীয়া (৪৮), ৰিংকি বৰা(১৮), মৃদুল বৰা (৩০)(বাছ চালক), নিত্যানন্দ বৰা(৪৮), প্ৰিঞ্চিপ্ৰিয়া বৰা(৭), সোমেশ্বৰ বৰা(৪৩) আৰু নুৰ আলম হক(৩৪) (ট্ৰাক চালক)। নিহতসকলৰ ভিতৰত দিপালী শইকীয়া আৰু শুভাংকুৰ শইকীয়া মাতৃ পুত্ৰ হোৱাৰ লগতে পিংকী শইকীয়া আৰু নিহাৰিকা শইকীয়া মাক-জীয়েক। একেটা পৰিয়ালৰ এই চাৰিজন থিতাতে মৃত্যু হোৱাৰ বিপৰীতে সেই পৰিয়ালৰে মাইনী শইকীয়া সংকটজনক অৱস্থাত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। এই পৰিয়ালটোৰ বসন্ত শইকীয়া আৰু দুল শইকীয়াৰ বাদে সকলোজনেই বনভোজ দলটোত আহিছিল। নিহত অনিমা শইকীয়াও এই পৰিয়ালৰে নিকট আত্মীয় আছিল বুলি জানিব পৰা গৈছে। 

ইপিনে, দুৰ্ঘটনাটোত দুয়োখন গাড়ীৰে চালক দুজনৰো মৃত্যু হয়। সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰা সকলৰ ভিতৰত শ্যামলী শইকীয়া নামৰ ৩ বছৰীয়া এটি শিশুসহ মাতৃ পূজা বৰা শইকীয়া আৰু অনান্যসকলৰ ভিতৰত একাংশ লোক সুকলমে গৃহাভিমুখে যাবলৈ সক্ষম হৈছে যদিও কুৰিজনতকৈও অধিক লোক এতিয়াও যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে। ঘটনাৰ পিছতে ঘটনস্থলীত উপস্থিত হৈ গোলাঘাটৰ জিলা আয়ুক্ত ডা: পি উদয় প্ৰবীণ, আৰক্ষী অধিক্ষক ৰাজেন সিং, অগপৰ মুখপাত্ৰ নুৰুল চুলতান, অসম আৰক্ষী সমন্বয় আয়োগৰ সদস্য ড০ মৃদুল কুমাৰ দত্ত প্ৰমুখ্যে জিলা প্ৰশাসনৰ বিষয়াসকলে ঘটনাৰ বুজ লয়। মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত আদিয়েও ফোনযোগে দুৰ্ঘটনাটোৰ বুজলৈ নিহতসকলৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে আহত সকলৰ আশুআৰোগ্য কামনা কৰে। বিয়লি,অসম আৰক্ষীৰ আইন শৃংখলা বিভাগৰ মহাপৰিদৰ্শক পি কে ভূঞাইয়ো দেৰগাঁৱৰ ঘটনাস্থলীলৈ আহি ঘটনাৰ বুজ লয়হি। উল্লেখযোগ্য যে,২০২৪বৰ্ষৰ আৰম্ভণিতেই সংঘটিত আজিৰ শোকাবহ দুৰ্ঘটনাটোকলৈ দেৰগাঁও শোকস্তব্ধ হৈ পৰে। দুৰ্ঘটনাস্থলীৰ পৰা উঠাই আনি দেৰগাঁও সামূহিক চিকিৎসালয় কক্ষত শাৰী শাৰীকৈ থোৱা মৃতদেহ চাই নিহতসকলৰ আত্মীয়ৰ হিয়াভঙা কান্দোন তথা সমবেত হোৱা অগনন লোকে চকুলো নিগৰোৱাৰ দৃশ্য আছিল অতি হৃদয় বিদাৰক। সচেতন ৰাইজ তথা দল সংগঠনসমূহে আজিৰ দুৰ্ঘটনাত নিহতসকলৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ প্ৰদান আৰু আহতসকলক উন্নত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনাইছে।