Logo
image

বাছ চলোৱাৰ পূৰ্বেই চালকৰ মুখেৰে ওলাইছিল, "আজি কি হ'ব ঠিক নাই" : বনভোজত যোৱা এগৰাকী যুৱতীয়ে ক'লে, "সম্পূৰ্ণ সুৰাসক্ত অৱস্থাত আছিল চালকজন"

ডিজিটেল সংবাদ, কমাৰবন্ধাৰ প্ৰতিবেদকঃ "আজি কি হ'ব ঠিক নাই, মই অকলে।" এই ভাষ্য আছিল দেৰগাঁৱৰ দুৰ্ঘটনাত পতিত বচা গাঁৱৰ পৰা যোৱা অভিশপ্ত বাছখনৰ চালক মৃদুল বৰাৰ। চালক মৃদুল বৰাৰ মুখেৰে যাত্ৰাৰ প্ৰাৰম্ভিক অৱস্থাতে এনে কথা শুনিবলৈ পাইছিল বনভোজ দলটোৰ একাংশ লোকে। ইয়াৰ পাছত যাত্ৰা আৰম্ভ হোৱাৰ লগে লগে বৃদ্ধি পাইছিল বাছখনৰ গতিবেগ৷

ফালে অভিশপ্ত বাছখনৰ যাত্ৰাৰ কিছু শিহৰণকাৰী মুহূৰ্ত বৰ্ণনা কৰিছে বনভোজ খাবলৈ যোৱা প্ৰিয়াক্ষী বৰা নামৰ এগৰাকী যুৱতীয়ে৷ যুৱতীগৰাকীয়ে কয় যে বাছখনৰ চালকজন সম্পূৰ্ণ নিচাত আছিল৷ মানুহজনক দেখাতেই লাগিছিল যে তেওঁ নিচাত আছিল৷ চালকজনৰ কাৰণেই এই দুৰ্ঘটনা সংঘটিত হ'ল৷ লগতে যুৱতীগৰাকীয়ে কয় যে চালকজনৰ এনে অৱস্থা দেখি আমি আধা ৰাস্তাতে নামি দিম বুলি কৈছিলোঁ৷ কিন্তু আমাৰ টোপনি আহিল বাবে আমি নামিব নোৱাৰিলোঁ। টোপনি অহাৰ কাৰণে দুৰ্ঘটনা কেনেকৈ সংঘটিত হ'ল, মই একো গম পোৱা নাছিলোঁ৷ মানুহখিনিয়ে চিঞৰ-বাখৰ কৰাতহে দুৰ্ঘটনাৰ কথা গম পাইছিলোঁ৷

যুৱতীগৰাকীৰ ভাষ্য অনুসৰি একমাত্ৰ বাছখনৰ চালকজনৰ বাবেই সংঘটিত হ'ল এই ভয়াৱহ দুৰ্ঘটনা৷ সম্পূৰ্ণ সুৰাসক্ত অৱস্থাত আছিল বাছ চালকজন৷ চালকজন সুৰাসক্ত অৱস্থাত থকা বুলিও জানিছিল বনভোজ দলটোত থকা অধিকাংশ লোকেই।