Logo
image

আজিৰ পৰা ৪৮ ঘণ্টাৰ বাবে অচল হৈ পৰিব বাছ-ট্ৰাক-টেক্সি

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৫ জানুৱাৰীঃ আজিৰ  পৰা সম্পূৰ্ণ দুটা দিনৰ বাবে ৰাজ্যৰ ৰাজপথত নুঘূৰিব বাণিজ্যিক বাহনৰ চকা৷ অট’ ৰিক্সাৰ পৰা চিটি বাছলৈ, দিবা-নৈশা ছুপাৰৰ পৰা মালবাহী ট্ৰাকলৈ, অ’লা-উবেৰৰ পৰা ইন্ধন পৰিবাহী টেংকাৰলৈ সকলো বাণিজ্যিক বাহনৰ চালক-কৰ্মচাৰীয়ে কেন্দ্ৰীয় চৰকাৰৰ ভাৰতীয় ন্যায় সংহিতাৰ হিট এণ্ড ৰানৰ গোচৰৰ শাস্তিৰ বিৰোধিতাৰে কৰ্মবিৰতি-প্ৰতিবাদ সাব্যস্ত কৰিব৷ অসমৰ বিভিন্ন মটৰ শ্ৰমিক সংগঠনৰ যৌথ মঞ্চই শুকুৰবাৰে পুৱা ৫ বজাৰ পৰা ৪৮ ঘণ্টাৰ বাবে বাণিজ্যিক যান-বাহনৰ চলাচল বন্ধৰ ধৰ্মঘট কাৰ্যসূচী ঘোষণা কৰিছে৷ কেন্দ্ৰীয় চৰকাৰে নতুনকৈ প্ৰৱৰ্তন কৰা হিট এণ্ড ৰান গোচৰৰ ক্ষেত্ৰত চালকক সৰ্বোচ্ছ ১০ বছৰ কাৰাদণ্ড আৰু ৭ লাখ টকা জৰিমনাৰ শাস্তিৰ বিধান ৰখাক লৈ ইতিমধ্যে সৰ্বভাৰতীয় ট্ৰাৰ্কাছ এছ’চিয়েশ্বনে দেশজুৰি ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিছিল৷ ট্ৰাক চালকৰ প্ৰতিবাদৰ ফলত পেট্ৰ’ল-ডিজেলৰ লগতে খাদ্য সামগ্ৰীৰ নাটনিয়ে দেখা দিয়াত কেন্দ্ৰীয় চৰকাৰে মঙলবাৰে অল ইণ্ডিয়া মটৰ ট্ৰেন্সপ’ৰ্ট এছ’চিয়েশ্বনৰ লগত বৈঠকত মিলিত হৈ আইনৰ শাস্তিৰ বিষয়টো পুনৰ বিবেচনা কৰাৰ আশ্বাস প্ৰদান কৰিছিল৷ কেন্দ্ৰীয় চৰকাৰৰ আশ্বাসত ট্ৰাক চালক সন্থাই ধৰ্মঘট প্ৰত্যাহাৰ কৰে যদিও অসমতো মটৰ শ্ৰমিকসকলে প্ৰতিবাদ অব্যাহত ৰাখে৷ ভাৰতীয় ন্যায় সংহিতাৰ বিতৰ্কিত চালক বিৰোধী দুটাকৈ ধাৰা প্ৰত্যাহাৰৰ দাবীত সমগ্ৰ অসমতে ৫-৬ জানুৱাৰীত সৰ্বাত্মক কৰ্ম বিৰতি পালন কৰাৰ কথা ঘোষণা কৰিছে মটৰ শ্ৰমিক সংগঠনৰ যৌথ মঞ্চই৷ আনকি প্ৰতিবাদৰ সময়ত মটৰ শ্ৰমিকসকলে বাহনৰ চাবি মালিকক চমজাই দিব বুলিও হুংকাৰ দিছে৷ এই সন্দৰ্ভত বৃহস্পতিবাৰে দিছপুৰ প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি মটৰ শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চৰ বিষয়বীয়া বীৰেন শৰ্মাই কয়–এই বন্ধৰ কাৰ্যসূচীলৈ সকলো বাহনৰ সংগঠনে সমৰ্থন কৰিছে৷ এইসময়ছোৱাত অসমত সকলো যাত্ৰীবাহী বাছ, মেজিক, অট’, চিটীবাছ, অ’লা, উৱেৰৰ বাহন, নৈশ বাছ, ট্ৰাক আদি বাণিজ্যিক বাহনৰ চলাচল বন্ধ থাকিব৷ বিজেপি নেতৃত্বাধীন চৰকাৰখনে ২০১৪ চনতে ‘‘ৰোড টেন্সপোৰ্ট এণ্ড ছেফটী বিল-২০১৪’’ ৰ জৰিয়তে মটৰ পৰিবহণ শ্ৰমিক, ক্ষুদ্ৰ মালিক আৰু স্ব-নিয়োজিত পৰিবহণ শ্ৰমিকক তথা সামগ্ৰীকভাৱে পৰিবহণ খণ্ডটোক ব্যক্তিগত কৰাৰ লক্ষ্যৰে বিভিন্ন শ্ৰমিক বিৰোধী আইন প্ৰণয়নৰ চেষ্টা চলাই আহিছে৷ ২০১৭ চনত এম ভি আইনখনৰ বিভিন্ন সংশোধন কৰি ক’ভিডৰ সময়ত অৰ্থাৎ ২০১৯ চনত উক্ত বিলখন আইনত পৰিণত কৰে৷ এই সংশোধনীত চালক-কৰ্মচাৰী আৰু সাধাৰণ গাড়ী মালিকৰ ক্ষতিকাৰক বহু বিষয় সন্নিবিষ্ট কৰে৷ ‘হিট এণ্ড ৰান’ নামেৰে আন এক আইন গৃহমন্ত্ৰী অমিত শ্বাহে উত্থাপন কৰে৷ ‘হিট এণ্ড ৰান’ আইনৰ অৰ্থ হৈছে যে এজন চালকৰ দ্বাৰা যদি এক দুৰ্ঘটনা হয় আৰু তাত কোনো পথচাৰী অথবা বাইক চালক আহত অথবা মৃত্যু হয় আৰু পাচত যদি চালকজনে পলায়ন কৰে, তেনেহ’লে তেওঁৰ ১০ বছৰ পৰ্যন্ত কাৰাবাস আৰু ১০ লাখ টকা পৰ্যন্ত জৰিমনা হ’ব৷ যদি পলায়ন নকৰি ওচৰৰ থানাত খবৰ আৰু আহত হোৱা লোকক চিকিৎসালয়লৈ লৈ যায় তেনেহ’লে তেওঁৰ শাস্তি আধা হ’ব৷ যদিহে চালকজনৰ কোনো ধৰণৰ দোষ নতুবা ভুল নাথাকে তথাপিও তেওঁৰে শাস্তি হ’ব৷ এনে উদাহৰণো পোৱা যায় যে যিকোনো এটা দুৰ্ঘটনা ঘটিলে চালকজনৰ দোষ নাথাকিলেও তাত থকা ৰাইজৰ একাংশই চালকজনক প্ৰথমতে মাৰপিট আৰম্ভ কৰে৷ আনকি এই মাৰপিটত চালকৰ মৃত্যু পৰ্যন্ত হয়৷ ইফালে যৌথ মঞ্চৰ বিষয়ববীয়া এ ৰেজ্জাক আহমেদে কয় যে এয়া আন্দোলনৰ আৰম্ভণিহে৷ চৰকাৰে আকোঁৰগোজ হৈ থাকিলে পৰৱৰ্তী সময়তো এই আন্দোলন অব্যাহত থাকিব৷ যৌথ মঞ্চৰ বিষয়ববীয়া ৰবীন্দ্ৰনাথ কুমাৰ দত্তই কয় যে এই আইনৰ বাবে চালকসকলে এতিয়া বাহন চলাবলৈ ভয় কৰা হৈছে৷ এইখন এখন ক’লা আইন৷  সংবাদমেলত মটৰ শ্ৰমিক যৌথ মঞ্চৰ নেতৃত্বই লগতে কয় যে চৰকাৰে বাট-পথ উন্নত কৰাৰ দায়িত্ব এৰি কেবল চালকক দোষী সাব্যস্ত কৰাৰ এক প্ৰৱণতা লৈছে৷ পথৰ ওপৰেৰে পাৰ হৈ যোৱা এডাল সাপ নতুবা ভেকুলীকো নমৰা চালকে কেতিয়াও ভুলক্ৰমেও দুৰ্ঘটনা কৰি মানুহ মৰাৰ কথা নাভাবে৷ কেতিয়াবা মানুহক বচাব গৈ চালকৰ নিজৰ গাড়ীৰ নিয়ন্ত্ৰণ হেৰুৱাই নিজৰে মৃত্যু হয়৷ গুৱাহাটী-শিলচৰ পথৰ প্ৰায় ৩০ কিঃমিঃ পথ অৱস্থা এনে হৈছে ট্ৰাক নতুবা বাছবোৰ যিকোনো মুহূৰ্তত দুৰ্ঘটনাত পতিত হোৱা আশংকা থাকে৷ একেদৰে ডিব্ৰুগড়লৈ যোৱা অথবা লখিমপুৰলৈ যোৱা বহু পথ আজিও দুৰ্গম৷ উন্নয়নৰ ঢাক-ঢোল বজোৱা চৰকাৰে নিজৰ দায়িত্ব পালনৰ সলনি শ্ৰমিক-কৰ্মচাৰীক দোষাৰোপ কৰা পৰম্পৰা পৰিত্যাগ কৰিব লাগে৷ ন্যায় সংহিতাৰ পৰা চালক বিৰোধী হিট এণ্ড ৰান বিষয়টো প্ৰত্যাহাৰ কৰক৷ ইফালে প্ৰতিবাদী মটৰ শ্ৰমিক যৌথ মঞ্চৰ নেতৃত্বৰ সৈতে বৃহস্পতিবাৰে নিশা পৰিবহণ বিভাগৰ আয়ুক্তই এখন বৈঠকত মিলিত হয় যদিও চৰকাৰৰ উক্ত বৈঠকত নোলাল কোনো সমাধান সূত্ৰ৷ চৰকাৰৰ ফালৰ পৰা যৌথ মঞ্চৰ নেতৃত্বক ঘোষিত কাৰ্যসূচীৰ সন্দৰ্ভত পৰিবহণ আয়ুক্তই আলোচনাৰ প্ৰস্তাৱ দিছিল যদিও যৌথ মঞ্চৰ নেতৃত্বই আন্দোলন প্ৰত্যাহাৰক লৈ আলোচনাত বহিবলৈ অসন্মতি প্ৰকাশ কৰে৷ অৱশ্যে পৰিবহণ আয়ুক্তই প্ৰতিবাদকাৰীসকলক পানী, গাখীৰ, এম্বুলেন্সকে ধৰি জৰুৰীকালীন সেৱাৰ বাহনসমূহৰ চলাচল নিশ্চিত কৰিবলৈ আহ্বান জনায়৷ 

এই আইনে সকলো চালকৰে সৰ্বনাশ কৰিব

‘আমাৰ অসম’ৰ যোৰহাটৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় ন্যায় সংহিতাত ‘হিট এণ্ড ৰাণ’ ধাৰা সংযোজন কৰি দুৰ্ঘটনা সংঘটিত কৰা চালকক ১০ বছৰ কাৰাদণ্ড আৰু ৭ লাখ টকাৰ ক্ষতিপূৰণ আদায় কৰাৰ শাস্তিৰ ব্যৱস্থা কৰিছে৷ তাৰ বিৰুদ্ধে দেশজুৰি ট্ৰাক চালক সকলে প্ৰতিবাদ আৰম্ভ কৰাৰ লগতে আজি আৰু কাইলৈ উত্তৰ পূৰ্বাঞ্চল জুৰি পৰিবহণ চালকসকলে সম্পূৰ্ণ কৰ্মবিৰতি পালন কৰিব৷ তাৰ অংশ হিচাপে যোৰহাট জিলাতো সকলো মাল পৰিবহণৰ লগত জড়িত চালকসকলে কৰ্মবিৰতি কৰি চৰকাৰক এই ক’লা ধাৰা বাতিল কৰাৰ দাবী জনাব৷ কালি যোৰহাট জিলা মাল পৰিবহণ চালক সন্থাৰ এক সংবাদমেলত সন্থাৰ সভাপতি মনজিত কলিতা, সাধাৰণ সম্পাদক গোবিন বৰা আৰু ট্ৰাক চালক সন্থাৰ সদস্য তথা বীৰ লাচিত সেনাৰ যোৰহাট জিলাৰ মুখ্য সচিব সুদীপ্ত দত্তই এই কথা জানিবলৈ দিয়ে৷ সংবাদমেলত তেওঁলোকে কয় যে চৰকাৰৰ এই নতুন ন্যায় সংহিতাৰ ‘হিট এণ্ড ৰাণ’ ধাৰাই চালকসকলক দুফালৰ পৰা বলি সজাব বিচাৰিছে৷ ধাৰাটোত কোৱা হৈছে যে দুৰ্ঘটনা কৰি গাড়ীখন ৰখাই আহতজনক সহায় কৰিলে শাস্তি লাঘৱ হ’ব৷ কিন্তু দুৰ্ঘটনা সংঘটিত হ’লে জনতাই দোষী-নিৰ্দোষী বিচাৰ নকৰি চালকক প্ৰহাৰ কৰাটো সাধাৰণ ঘটনা হৈ পৰিছে৷ কোনো চালকে দুৰ্ঘটনা কৰো বুলি নকৰে৷ যদি দুৰ্ঘটনা সংঘটিত হয় তেন্তে দোষ লাঘৱ কৰিবলৈ গণৰোষৰ বলি হ’ব আৰু পলায়ন কৰিলেও শাস্তি কঠোৰ হ’ব৷ এনে অন্যায় আৰু পক্ষপাতিত্বমূলক ধাৰা বাতিল কৰিবলৈ তেওঁলোকে দাবী জনোৱাৰ লগতে সকলোকে এই ক্ষেত্ৰত সহায় কৰাৰ আহ্বান জনাই কয় যে সংশ্লিষ্ট ধাৰাটোৱে কেৱল ট্ৰাক চালককে নহয় সকলো চালকক সামৰি ল’ব৷ এই আইনে সকলো চালকৰে সৰ্বনাশ কৰিব৷ সেয়ে সকলো ৰাইজক এই ধাৰাৰ বিৰুদ্ধে যুঁজ কৰিবলৈ তেওঁলোকে আহ্বান জনায়৷

গুৱাহাটীৰ বেতকুছিত পেট্ৰ’লিয়াম মজদুৰৰ বিক্ষোভ

‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদকঃ গুৱাহাটী মহানগৰীৰ বেতকুছিস্থিত আই অ চি এলৰ টাৰ্মিনেলৰ সন্মুখত উত্তাল প্ৰতিবাদ৷ প্ৰতিবাদ সাব্যস্ত কৰে নৰ্থ ইষ্ট পেট্ৰ’লিয়াম মজদুৰ ইউনিয়নে৷ কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা ভাৰতীয় ন্যায় সংহিতা আইনৰ বিৰোধিতাৰে এই প্ৰতিবাদ সাব্যস্ত কৰে ইউনিয়নটোৱে৷ শীঘ্ৰেই এই আইন কঠোৰতাক শিথিল নকৰিলে অনিৰ্দিষ্টকাললৈ ধৰ্মঘট কৰিবলৈ বাধ্য হ’ব বুলিও হুংকাৰ দিয়ে নৰ্থ ইষ্ট পেট্ৰ’লিয়াম মজদুৰ ইউনিয়নে৷ এই আইন সম্পূৰ্ণ চালক বিৰোধী বুলিও মন্তব্য কৰে চালকসকলে৷ উল্লেখ্য যে, এই আইনত স্পষ্টকৈ উল্লেখ আছে বহুকেইটা নীতি নিৰ্দেশনা৷ কোনো লোকৰ দুৰ্ঘটনাত মৃত্যু হ’লে বাহনৰ চালকে ভুগিব লাগিব ৫ বছৰ সশ্ৰম কাৰাদণ্ড৷ লগতে ভৰিব লাগিব ১০ লাখ টকা পৰ্যন্ত জৰিমনা৷ যদিহে দুৰ্ঘটনা সংঘটিত হোৱাৰ পাচত বাহন চালকে দুৰ্ঘটনাস্থান এৰি পলায়ন কৰে তেনেহ’লে এই দুৰ্ঘটনা ইচ্ছাকৃত বুলি পৰিগণিত হ’ব৷ ইতিমধ্যে এই আইনৰ বিৰুদ্ধে দেশজুৰি আৰম্ভ হৈছে প্ৰতিবাদ৷ এই প্ৰতিবাদ পিচত চৰকাৰে এতিয়া কি পদক্ষেপ হাতত ল’ব সেয়া সময়তহে হ’ব লক্ষণীয়৷

মটৰ শ্ৰমিকৰ আন্দোলনলৈ সমৰ্থন ডাম্পাৰ চালক সন্থাৰ

‘আমাৰ অসম’ৰ কলাইগাঁৱৰ প্ৰতিবেদকঃ মটৰ শ্ৰমিকৰ ওপৰত বিজেপি চৰকাৰে জাপি দিয়া ক’লা আইন প্ৰত্যাহাৰৰ দাবীত অসমৰ মটৰ শ্ৰমিকসমূহৰ যৌথ মঞ্চৰ আহ্বানত ৫আৰু ৬জানুৱাৰীত আহ্বান জনোৱা ৪৮ঘণ্টীয়া কৰ্মবিৰতি আন্দোলনক সমৰ্থন জনাইছে সদৌ অসম ডাম্পাৰ চালক সন্থাই৷ আজি ওদালগুৰি জিলাৰ কলাইগাঁৱত অনুষ্ঠিত সদৌ অসম ডাম্পাৰ চালক সন্থাৰ  জৰুৰী সভাত সভাপতি খগেন্দ্ৰ চন্দ্ৰ ডেকাৰ সভাপতিত্বত এই সিদ্ধান্ত গ্ৰহণ কৰে৷ সভাত কালি দেৰগাঁৱৰ বালিজানত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত চালক নুৰ আলমৰ মৃত্যুত শোকপ্ৰকাশ কৰি মৌন প্ৰাৰ্থনা জনায়৷

আইন বাতিল নকৰাপৰ্যন্ত চলিব আন্দোলন 

‘আমাৰ অসম’ৰ ডবকাৰ প্ৰতিবেদকঃ সমগ্ৰ ৰাজ্যৰ লগতে হোজাই জিলাতো শুকুৰবাৰৰ পৰা ৪৮ঘণ্টীয়া কৰ্মবিৰতি পালন কৰিব গাড়ী চালকসকলে৷ ডবকাত অনুষ্ঠিত এক সংবাদ মেলত সদৌ অসম মটৰ চালক সংস্থাৰ হোজাই জিলা সমিতিৰ সভাপতি-সম্পাদককে আদি কৰি কৰ্মকৰ্তাসকলে সদৰি কৰিছে এই কথা৷ এই সময়চোৱাত হোজাই জিলাৰ সকলো চালককে গাড়ী-মটৰ চলোৱাৰ পৰা বিৰত থাকিবলৈ আহ৩ান জনায় সংস্থাটোৰ নেতৃত্বই৷ ইয়াৰ মাজতে ৰাজপথলৈ ওলাই আহি চিঞৰ-বাখৰ কৰা, গাড়ী-মটৰসমূহ ভঙা-চিঙা কৰি অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নকৰিবলৈ সকলো চালককে আহ্বান জনায় সংস্থাটোৰ নেতৃত্বই৷ যেতিয়ালৈকে চৰকাৰে এই আইনখন বাতিল নকৰে তেতিয়ালৈকে পৰ্যায়ক্ৰমে গণতান্ত্ৰিকভাৱে আন্দোলন কৰি যাব বুলি সংবাদ মেলত অৱগত কৰে সংস্থাটোৰ নেতৃত্বই৷