Logo
image

আজান শুনি ভাষণ বন্ধ ৰাখিলে মন্ত্ৰী শুক্লবৈদ্যই

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৫ জানুৱাৰীঃ কেৱল অসম বা ভাৰতবৰ্ষ নহয়, ধৰ্মক লৈ হোৱা সংঘাতে অশান্ত কৰি তুলিছে সমগ্ৰ বিশ্বক৷ বিভিন্ন ৰাজনৈতিক দলে ৰাজনৈতিক মুনাফা আদায়ৰ বাবে অস্ত্ৰৰূপে ব্যৱহাৰ কৰি আহিছে ধৰ্মক৷ তেনে সময়ত বিজেপিৰ জ্যেষ্ঠ নেতা, মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ধৰ্মৰ উৰ্ধলৈ গৈ প্ৰদৰ্শন কৰে বিশেষ সৌজন্যতা৷ দক্ষিণ শালমাৰা-মানকাচৰৰ হাটশিঙিমাৰিত এটা অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত আছিল মন্ত্ৰী পৰিমল শুক্লবৈদ্য৷ মাছৰ খাদ্য প্ৰস্তুতকৰণ উদ্যোগ এটা উদ্বোধন কৰিবলৈ গৈছিল মন্ত্ৰী শুক্লবৈদ্য৷ যথা সময়ত উদ্যোগ উদ্বোধনৰ পাছত মন্ত্ৰী শুক্লবৈদ্যই মীনপালকসকলক উদ্দেশ্যি ৰাজহুৱা সভাত ভাষণ দিবলৈ আৰম্ভ কৰে৷ ভাষণ আৰম্ভ কৰাৰ ক্ষন্তেক পাছতে মগৰিৱৰ আজান আৰম্ভ হয়৷ আজানৰ ধবনি শুনাৰ লগে লগে তেওঁ ভাষণ বন্ধ কৰি নিজৰ আসনত বহে৷ অৱশ্যে আজান শেষ হোৱাৰ পাছত তেওঁ পুনৰ ভাষণ আৰম্ভ কৰে৷ সভাত থকা সকলে মন্ত্ৰী শুক্লবৈদ্যই এনে সৌজন্যতা প্ৰদৰ্শন কৰা কাৰ্যৰ শলাগ লয়৷ ৩১ ডিচেম্বৰৰ দিনা অগপ সভাপতি মন্ত্ৰী অতুল বৰায়ো আজানৰ বাবে বন্ধ কৰিছিল মত বিনিময় অনুষ্ঠান৷ ৩১ ডিচেম্বৰত অগপই দীৰ্ঘদিন ধৰি সাংবাদিকৰে মত বিনিময় অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে৷ সেই মতে মত বিনিময় অনুষ্ঠান আৰম্ভ কৰাৰ কিছু সময় পাছতে আৰম্ভ কৰা হৈছিল আজান৷ আজানৰ বাবে মন্ত্ৰী বৰাই কিছু সময়ৰ বাবে বন্ধ ৰাখিছিল বক্তৃতা৷ পূৰ্বে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও কেইবাবাৰো এনেধৰনে সৌজন্যতা প্ৰদৰ্শন কৰি আহিছে৷