Logo
image

এছমা জাৰি, আজি ঘূৰিব চকা

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৬ জানুৱাৰীঃ দিছপুৰৰ সৈতে আলোচনাৰ পাছতেই মটৰ শ্ৰমিক সংগঠনৰ যৌথ মঞ্চই ৪৮ ঘণ্টীয়া চালকৰ ধৰ্মঘট ২৪ ঘণ্টালৈ হ্ৰাস কৰিলে৷ ভাৰতীয় ন্যায় সংহিতাৰ চালক বিৰোধী ধাৰাৰ বিৰোধিতাৰে মটৰ শ্ৰমিকসকলে সাব্যস্ত কৰা প্ৰতিবাদক ব্যৰ্থ কৰাৰ লক্ষ্যৰে চৰকাৰে বিভিন্ন কৌশল হাতত লৈছিল যদিও পৰিবহণ আয়ুক্তৰ সৈতে হোৱা বৈঠকৰ পাছতেই চালকসকলে আন্দোলন প্ৰত্যাহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ লক্ষণীয়ভাৱে মটৰ শ্ৰমিক সংগঠনৰ যৌথ মঞ্চই শুকুৰবাৰে পুৱাৰে পৰা ৪৮ ঘণ্টীয়া কৰ্মবিৰতি ঘোষণা কৰি বাণিজ্যিক বাহনৰ চকা বন্ধৰ সিদ্ধান্ত লোৱাত ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে ততাতৈয়াকৈ  বৃহস্পতিবাৰে নিশা অত্যাৱশ্যকীয় সেৱা নিয়ন্ত্ৰণ আইনৰ অধীনত তেল আৰু গেছ খণ্ডৰে জড়িত শ্ৰমিক, বিষয়া, চালকৰ আন্দোলনত নিষিদ্ধ ঘোষণা কৰে৷ গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত মুখ্য সচিবে জাননী যোগে ৬ মাহৰ বাবে তৈলখণ্ডৰ শ্ৰমিক-কৰ্মচাৰীৰ আন্দোলনত নিষেধাজ্ঞা আৰোপ কৰিছিল৷ কিন্তু চৰকাৰৰ এই কঠোৰ জাননীৰ পাছতো শুকুৰবাৰে তেল আৰু গেছ খণ্ডৰে জড়িত ট্ৰাক-ট্ৰেংকাৰ চালকসকলে প্ৰতিবাদত চামিল হৈ কেন্দ্ৰীয় চৰকাৰৰ নতুন চালক বিৰোধী আইনৰ মুকলি বিৰোধিতা কৰে৷ অৱশ্যে চৰকাৰৰ সৈতে আলোচনাৰ অন্তত মটৰ শ্ৰমিক সংগঠনৰ যৌথ মঞ্চই ধৰ্মঘট প্ৰত্যাহাৰ কৰিছে৷ ভাৰতীয় ন্যায় সংহিতাৰ হিট এণ্ড ৰান সম্পৰ্কীয় চালক বিৰোধী দুটাকৈ ধাৰা প্ৰত্যাহাৰৰ দাবীত অসমৰ মটৰ শ্ৰমিক সংগঠনৰ যৌথ মঞ্চই শুকুৰবাৰে পুৱা পাঁচ বজাৰ পৰা ৪৮ ঘণ্টীয়া কৰ্মবিৰতি ঘোষণা কৰিছিল৷ মটৰ শ্ৰমিকৰ এই প্ৰতিবাদত গুৱাহাটীৰ লগতে ৰাজ্যৰ প্ৰতিখন জিলাতে সকলোধৰণৰ বাণিজ্যিক যান-বাহনৰ চলাচল স্তব্ধ হৈ পৰিছিল৷ এক কথাত ৰাজহুৱা পৰিবহণ ব্যৱস্থা স্থবিৰ হৈ পৰাত সৰ্বসাধাৰণ ৰাইজে আহুকালত পৰিবলগীয়া হয়৷ কেন্দ্ৰীয় চৰকাৰৰ এই নতুন আইনখনৰ হিট এণ্ড ৰান ধাৰাৰ শাস্তিৰ বিৰোধিতাৰে সৰ্বভাৰতীয় ট্ৰাৰ্কাছ এছ’চিয়েশ্বনেও ইতিপূৰ্বে দেশজুৰি ধৰ্মঘট ৰূপায়ণ কৰিছিল যদিও কেন্দ্ৰীয় চৰকাৰৰ সৈতে হোৱা বৈঠকৰ অন্তত ট্ৰাক চালকসকলে আন্দোলন প্ৰত্যাহাৰ কৰিছিল৷ অৱশ্যে কেন্দ্ৰৰ এই চালক বিৰোধী আইনখনৰ বিৰোধিতাৰে অসমতো মটৰ শ্ৰমিকসকলে ধাৰাবাহিক প্ৰতিবাদৰ লগতে শুকুৰবাৰৰ পৰা ৪৮ ঘণ্টীয়া কৰ্মবিৰতি পালন কৰে৷ দিবা-নৈশ বাছৰ পৰা আৰম্ভ কৰি মালবাহী ট্ৰাক, ট্ৰেংকাৰ, শ্বেয়াৰ টেক্সি, অট’ৰিক্সা আদিৰ সকলো বাণিজ্যিক বাহনৰ চলাচল বন্ধ ৰাখি চালকসকলে শুকুৰবাৰে পুৱা পাঁচ বজাৰ পৰা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে৷ অৱশ্যে এই প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত বৃহস্পতিবাৰে নিশা পৰিবহন আয়ুক্তই মটৰ শ্ৰমিক যৌথ মঞ্চৰ নেতৃত্বৰ সৈতে আলোচনাত মিলিত হৈছিল যদিও সেই আলোচনাত কোনো সমাধান সূত্ৰ নোলাল৷ যাৰ বাবে শুকুৰবাৰে ধৰ্মঘটৰ মাজতে পৰিবহণ আয়ুক্ত অংকুৰ জৈনৰ লগত পুনৰ মটৰ শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চৰ বৈঠক অনুষ্ঠিত হয়৷ দীঘলীয়া আলোচনাৰ অন্তত পৰিবহণ আয়ুক্তই মটৰ শ্ৰমিকসকলৰ দাবীসমূহক কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰাৰ লিখিত প্ৰতিশ্ৰুতি দিয়াত মটৰ শ্ৰমিক সংগঠনৰ যৌথ মঞ্চই আন্দোলন ৪৮ ঘণ্টাৰ পৰিৱৰ্তে ২৪ ঘণ্টালৈ হ্ৰাস কৰে৷ অৰ্থাৎ কাইলৈ পুৱাৰে পৰা ৰাজপথত পুনৰ নিয়মীয়াকৈ বাণিজ্যিক যান-বাহনৰ চলাচল আৰম্ভ হ’ব৷ মটৰ শ্ৰমিকৰ আন্দোলন স্থগিত ৰখাৰ সন্দৰ্ভত যৌথ মঞ্চৰ নেতা বীৰেন শৰ্মাই কয়– ‘ভাৰতীয় ন্যায় সংহিতাৰ বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ বিষয়৷ ইয়াত অসম চৰকাৰৰ কৰণীয় বিশেষ নাথাকে৷ পৰিবহণ আয়ুক্তৰ সৈতে হোৱা আলোচনাত কেন্দ্ৰীয় গৃহ সচিবে জাৰি কৰা এটা বিবৃতি নেতৃত্বক অৱগত কৰিছে৷ য’ত কেন্দ্ৰীয় চৰকাৰে আইনখন বলৱৎ কৰাৰ পূৰ্বে হিট এণ্ড ৰানৰ বিষয়টোক লৈ সকলো পক্ষৰ সৈতে আলোচনা কৰিব বুলি কোৱা হৈছে৷ পৰিবহণ আয়ুক্তই অসমৰ মটৰ শ্ৰমিকসকলৰ দাবীক ৰাজ্য চৰকাৰৰ জৰিয়তে কেন্দ্ৰলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিব বুলিও লিখিত প্ৰতিশ্ৰুতি দিছে৷ সেয়েহে ৪৮ ঘণ্টীয়া ধৰ্মঘট মটৰ শ্ৰমিক সংগঠনৰ নেতৃৰ্ত্বই স্থগিত ঘোষণা কৰি ২৪ ঘণ্টীলৈ হ্ৰাস কৰে৷ অনাগত দিনত যদি চৰকাৰে চালক বিৰোধী আইনখনৰ ধাৰা কাৰ্যকৰী কৰে, তেনেহ’লে অসমৰ মটৰ শ্ৰমিকসকলে পুনৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হ’ব৷’ ইফালে দিবা-নৈশ বাছ চালক সন্থাৰ নেতা ৰূপম দত্তই কয়–‘আমাৰ স্পষ্ট কথা আইনখন বাতিল হ’ব লাগিব৷ পৰিবহণ বিভাগক বৈঠকত এইটোৱেই দাবী জনোৱা হৈছে৷ চৰকাৰে আইনখন অসমত বলৱৎ নহয় বুলি আশ্বাস দিছে৷ যদিহে এই আইনখন বাতিল নহয়, তেনেহ’লে অনাগত দিনত আজিতকৈ অধিক ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু থাকক চৰকাৰ৷’ লক্ষণীয়ভাৱে চালকৰ প্ৰতিবাদত শুকুৰবাৰৰ দিনটোত পুৱাতেই কাৰ্যালয়, বিদ্যালয়কে ধৰি দূৰ-দূৰণিলৈ যাবৰ বাবে ওলাই অহা শ শ লোকে বাহনৰ অভাৱত গন্তব্যস্থলীলৈ যাব নোৱাৰি ঘৰমুৱা হ’বলগীয়া হয়৷ অনহাতে, যাত্ৰী কঢ়িওৱা বাণিজ্যিক বাহনসমূহ নথকাৰ সুযোগ গ্ৰহণ কৰি একাংশ ব্যক্তিগত বাহনৰ চালকে যাত্ৰীৰ পৰা অধিক হাৰত ভাড়া আদায় কৰাও পৰিলক্ষিত হৈছে৷ উল্লেখ্য ভাৰতীয় ন্যায় সংহিতা আইনৰ বিৰোধিতাৰে ৫ আৰু ৬ জানুৱাৰীত ৪৮ ঘণ্টাৰ বাবে কৰ্মবিৰতি ঘোষণা কৰিছিল ব্যক্তিগত খণ্ডৰ সকলো ৰাজহুৱা পৰিবহণ সংস্থাই৷ ভাৰতীয় ন্যায় সংহিতাত দুটাকৈ চালক বিৰোধী ধাৰা সংযোজন কৰাৰ অভিযোগ কৰিছে চালকসকলে৷ এই নতুন আইন অনুসৰি এজন চালকে যদি কোনো লোকক খুন্দা মাৰে তেন্তে চালকে লোকজনক কাষৰ চিকিৎসালয়লৈ নিয়াৰ লগতে নিকটৱৰ্তী আৰক্ষী থানা নতুবা দণ্ডাধীশৰ ওচৰত আত্মসমৰ্পণ অথবা অৱগত কৰিব লাগিব৷ যদি আৰক্ষী থানাত আত্মসমৰ্পণ নকৰে তেন্তে চালকজনে জামিনবিহীন গোচৰত গ্ৰেপ্তাৰ হৈ ১০ বছৰৰ কাৰাদণ্ডৰ লগতে ৭ লাখ টকাৰ ক্ষতিপূৰণ প্ৰদান কৰিব লাগিব৷ সেয়ে ক্ষুব্ধ চালকসকলে এই আইনৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূৰ্যচী ৰূপায়ণ কৰে৷