Logo
image

দুৰ্ঘটনাৰ পাছতেই সলনি হ’ল কয়লা ট্ৰাকৰ ই-বিল, ঠিকনা

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৬ জানুৱাৰীঃ দেৰগাঁৱৰ বালিজানত ৰাষ্ট্ৰীয় ঘাইপথত বুধবাৰে কাহিলীপুৱা সংঘটিত অসমৰ ইতিহাসৰ অন্যতম শিহৰণকাৰী বাছ-ট্ৰাকৰ দুৰ্ঘটনাটোক লৈ আজিও প্ৰতিক্ৰিয়া অব্যাহত আছে৷ গোলাঘাটৰ কমাৰবন্ধাৰ বছা ভৰলুৱা গাঁৱৰ পৰা ঢলা-শদিয়ালৈ অহা বনভোজ দলক কঢ়িয়াই অনা এখন বাছৰ সৈতে বিপৰীত দিশৰ পৰা অহা কয়লা বোজাই কৰাৰ ট্ৰাকৰ মুখামুখি সংঘৰ্ষত ১২জনকৈ যাত্ৰীৰ শোকাৱহ মৃত্যু হোৱাৰ লগতে আন কেইবাজনো যাত্ৰীয়ে আজিও হাস্পতালৰ বিছনাত জীৱন মৃত্যুৰে যুঁজ দি আছে৷ এই ভয়ংকৰ দুৰ্ঘটনাটোত বাছখনৰ চালক আৰু ট্ৰাকখনৰ চালকৰো ঘটনাস্থলীতে মৃত্যু হয়৷ দুৰ্ঘটনাটোৰ পাছতেই বনভোজ দলৰ বাছখনৰ ফিটনেছ, বীমা আৰু প্ৰদূষণৰ প্ৰমাণ পত্ৰৰ ম্যাদ ওকলি যোৱাৰ তথ্য উন্মোচন হোৱাৰ সমান্তৰালভাৱে দুৰ্ঘটনাত পতিত ট্ৰাকখনত বোজাই কৰা কয়লাৰ বৈধতাক লৈ কেতবোৰ বিস্ফোৰক তথ্য পোহৰলৈ আহিছে৷ দুৰ্ঘটনাটোত এ এছ ০১ পি চি ০৬৪৮ নম্বৰৰ ট্ৰাকখনৰ মালিক তথা চালক নুৰ আলম হকৰ মৃত্যু হৈছে৷ ট্ৰাকখন পঞ্জীয়ন আছিল নুৰ আলমৰ পিতৃ আব্দুল বাৰিকৰ নামত৷ কিন্তু অসমত কয়লাৰ সৰবৰাহ বিভাগীয়ভাৱে বন্ধ থকাৰ সময়ত ট্ৰাকখনত ক’ৰ পৰা কোনে, কিমান পৰিমাণৰ কয়লা সৰবৰাহ কৰিছিল তাক লৈ প্ৰশ্ন উঠিছে৷ আনকি এজেপি দলৰ নেতা লুৰীণজ্যোতি গগৈয়েও কয়লাখনি ছিণ্ডিকেট চক্ৰই প্ৰেৰণ কৰা চোৰাং কয়লা আছিল নেকি তাক লৈ তদন্তৰ দাবী জনাইছে৷ অৱশ্যে দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনত বোজাই কৰা কয়লাৰ উৎসৰ সন্দৰ্ভত আৰক্ষী অধীক্ষকৰ পৰা আৰম্ভ কৰি পৰিবহণ আয়ুক্তলৈ সকলো দায়িত্ববাহী বিষয়াই মৌনতা অৱলম্বন কৰাৰ সময়তে সংবাদ মাধ্যমৰ অনুসন্ধানত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য৷ দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতেই কয়লা ট্ৰাকখনৰ ইনভইচ, ইৱে বিল আৰু গন্তব্যস্থানৰ ঠিকনা সলনি হোৱাৰ তথ্য উন্মোচন হৈছে৷ ১৪ চকীয়া এ এছ ০১ পি চি ০৬৪৮ নম্বৰৰ ট্ৰাকখন তিনিচুকীয়াৰ পৰা গুৱাহাটী অভিমুখে আহি থকা পথতে ৩ জানুৱাৰীৰ পুৱা প্ৰায় চ্ছ্ৰ.৩০ বজাত দেৰগাঁৱত দুৰ্ঘটনাত পতিত হৈছিল৷ ট্ৰাকখন দুৰ্ঘটনাত পতিত হোৱাৰ পূৰ্বে অৰ্থাৎ ২ জানুৱাৰীত উক্ত ট্ৰাকখনৰ নম্বৰৰ বিপৰীতে বোজাই কৰা কয়লাৰ এখন ইৱে বিল প্ৰস্তুত হৈছিল৷ তথ্য অনুসৰি তিনিচুকীয়াৰ তিৰাপৰ মেৰ্চাছ এছ বি এণ্টাৰপ্ৰাইজৰ পৰা ২ জানুৱাৰীৰ বিয়লি ৫ বজাতে এ এছ ০১ পি চি ০৬৪৮ নম্বৰৰ ট্ৰাকখনৰ নামত ৫৬.৫৩ টন কয়লা বোজাই কৰাৰ ইৱে বিলখন প্ৰস্তুত হৈছিল৷ এই ইৱে বিলত কয়লাখিনি ধুবুৰীৰ গোলকগঞ্জৰ অজয় কুমাৰ মণ্ডলৰ নামৰ এজন ব্যক্তিৰ ঠিকনালৈ প্ৰেৰণ কৰা দেখুওৱা হৈছিল৷ ইৱে বিলত অজয় কুমাৰ মণ্ডলৰ প্ৰতিষ্ঠানৰ জি এছ টি নম্বৰো সন্নিবিষ্ট আছিল৷ কিন্তু কয়লা সৰবৰাহৰ নথিত অজয় কুমাৰ মণ্ডলৰ নাম থাকিলেও ব্যৱসায়ীজনে কয়লা ব্যৱসায়ৰ লগত জড়িত থকাৰ কথা সংবাদ মাধ্যমৰ আগত অস্বীকাৰ কৰিছে৷ ব্যৱসায়ীজনে নিজকে গেছ এজেন্সীৰ ব্যৱসায়ৰ লগত জড়িত বুলিহে জানিবলৈ দিছে৷ কিন্তু কয়লা পৰিবহণত তেওঁৰ নাম আৰু জি এছ টি নম্বৰ কেনেকৈ ব্যৱহাৰ হ’ল তাক লৈ আ(ৰ্য প্ৰকাশ কৰিছে৷ আনহাতে নিয়ম অনুসৰি এখন ১৪ চকীয়া ট্ৰাকত ৩০ টন ওজনৰহে যিকোনো বোজা কঢ়িয়াব পাৰে৷ কিন্তু ৩০ টন ওজন কঢ়িয়াবলগীয়া ট্ৰাকখনৰ নামত কেনেকৈ ৫৬.৫৩ টন কয়লাৰ ইৱে বিল প্ৰস্তুত হ’ল তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে৷ ইয়াতকৈ আশ্চৰ্যজনক বিষয়টো হৈছে ট্ৰাকখন ৩ জানুৱাৰীৰ পুৱা ৪.৩০ বজাত দুৰ্ঘটনাত পতিত হোৱাৰ পাছতেই পুনৰ ট্ৰাকখনৰ নম্বৰত কয়লাৰ আন এখন ইৱে বিল জাৰি হয়৷ সেইদিনা অৰ্থাৎ ৩ জানুৱাৰীৰ বিয়লি ২ বজাত প্ৰস্তুত হোৱা নতুন ইৱে বিল খনত কয়লাৰ ওজন ২৯.১৯ টন দেখুওৱা হৈছে৷ একেটা প্ৰতিষ্ঠান তিনিচুকীয়াৰ মেচাৰ্ছ এছ বি এণ্টাৰপ্ৰাইজে নতুন ইৱে বিলখনত দ্বিতীয়বাৰ কয়লাখিনি প্ৰেৰণ কৰাৰ স্থান হিচাপে উল্লেখ কৰিছে বঙাইগাঁৱৰ বেলতলা বালাপাৰাৰ এটা ইটা ভাটাৰ নাম৷ অৰ্থাৎ একেখন ট্ৰাকৰ নামতে একেখিনি কয়লাৰ বিপৰীতে ৪৮ ঘণ্টাৰ ভিতৰতে দুখনকৈ ইৱে বিল প্ৰস্তুত কৰাৰ লগতে গন্তব্য স্থানৰ ঠিকনা সলনি কৰা কাৰ্যই স্বাভাৱিকতেই ৰহস্যৰ সৃষ্টি কৰিছে৷ অৱশ্যে আৰক্ষীৰ তদন্ততহে ক’লা হীৰাৰ উক্ত ক’লা কাহিনী পোহৰলৈ আহিব৷

বালিজানৰ দুৰ্ঘটনাত আহত ১৮জন এতিয়াও 

জেএমচিত চিকিৎসাধীন

‘আমাৰ অসম’ৰ যোৰহাটৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ দেৰগাঁও বালিজানত ৩ জানুৱাৰীৰ পুৱা সংঘটিত ভয়াৱহ পথ দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা ৩১ জন আহত লোকৰ ভিতৰত বৰ্তমান ১৮ জন এতিয়াও চিকিৎসাধীন হৈ আছে৷ ইয়াৰে এজনৰ অৱস্থা সংকটজনক৷ উল্লেখ্য, আজি ৭ জন আহত লোকক চিকিৎসালয়ৰ পৰা নিজ গৃহলৈ যাবলৈ দিয়া হয়৷ উল্লেখ্য, কালিও চিকিৎসালয়ৰ পৰা আন দুজনক ঘৰলৈ যাবলৈ দিয়া হৈছিল৷ আনহাতে ৪ জনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ স্থানান্তৰ কৰা হৈছে৷ জেএমচিৰ অধীক্ষক ডাঃ পূৰ্ণিমা বৰুৱাই জনোৱা মতে বৰ্তমান চিকিৎসালয়খনত ১৮ জন আহত লোকৰ চিকিৎসা চলি আছে আৰু তাৰে এজনৰ অৱস্থা সংকটজনক৷ তেওঁৰ চিকিৎসাৰ বাবে অসম চৰকাৰৰ তৎপৰতাত আজি গুৱাহাটীৰ পৰা ডাঃ বিকে বৈশ্য নামৰ নিউৰ’ছাৰ্জনজন যোৰহাটলৈ আহিছে৷ ডাঃ বৰুৱাই জনোৱা মতে চিকিৎসা মহাবিদ্যালয়লৈ উন্নত চিকিৎসা প্ৰদানৰ বাবে আন দুজনমান বিশেষজ্ঞ চিকিৎসক অহাৰ সম্ভাৱনা আছে৷