Logo
image

ভোটকেন্দ্ৰ হেৰুৱাই খালেকৰ ধুবুৰীত আজমলক প্ৰত্যাহ্বান

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৬ জানুৱাৰীঃ লোকসভাৰ আগন্তুক নিৰ্বাচনত বৰপেটা নে ধুবুৰী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব কংগ্ৰেছ সাংসদ আব্দুল খালেকে? দলীয় টিকট বিচাৰি ৰাজীব ভৱনত আবেদন পত্ৰ দাখিলৰ সময়ত প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰা সমষ্টিৰ নাম উল্লেখ নকৰাকৈয়ে নিজৰ আবেদন দাখিল কৰিছিল বৰপেটা সমষ্টিৰ সাংসদ খালেকে৷ উল্লেখ্য যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ সময়ত সাংসদ খালেকে প্ৰতিনিধিত্ব কৰি থকা বৰপেটা লোকসভা সমষ্টিৰ তেওঁৰ গাঁওখন কৰ্তন কৰি ধুবুৰী লোকসভা সমষ্টিত সন্নিবিষ্ট কৰা হয়৷ ফলত খালেক ধুবুৰী লোকসভা সমষ্টিৰ ভোটাৰ হৈ পৰে৷ সেয়ে শেহতীয়াভাৱে ধুবুৰী লোকসভা সমষ্টিত অধিক তৎপৰ হৈ পৰিছে বৰপেটাৰ সাংসদজন৷ আক্ৰমণ আৰু সমালোচনাৰ লক্ষ্য কৰি লৈছে ধুবুৰীৰ এ আই ইউ ডি এফৰ সাংসদ বদৰুদ্দিন আজমলক৷ বিশেষকৈ আজমলৰ ব্যৰ্থতাক লৈ সমালোচনা মুখৰ হৈ পৰিছে আব্দুল খালেক৷ তেন্তে লোকসভাৰ আগন্তুক নিৰ্বাচনত আজমলৰ বিৰুদ্ধে ধুবুৰীত আব্দুল খালেকে প্ৰতিদ্বন্দ্বিতা কৰিব নেকি? আজি সংবাদ মাধ্যমৰ আগত ইয়াৰে ইংগিত দি সাংসদজনে কয়–দলে মোক য’ত খেলিবলৈ কয় মই তাতে নিৰ্বাচন খেলিম৷ সমষ্টিৰ নাম দিয়া নাই আবেদন কৰাৰ সময়ত৷ কিন্তু মই নিৰ্বাচন খেলিম বুলি কৈছো৷ মই পলোৱা নাই৷ বৰ্তমান মই ধুবুৰী সমষ্টিৰ ভোটাৰ৷ বৰপেটা সমষ্টিৰ সাংসদ৷ ধুবুৰী, বৰপেটা বা অন্য যি সমষ্টিতে খেলিবলৈ দলে ক’ব মই তাতে খেলিম৷ আজমলক ৰাইজে ১৫ বছৰ চালে৷ ১৫ বছৰে তেওঁ ধুবুৰীৰ উন্নয়নৰ বাবে একোৱে নকৰিলে৷ সংখ্যালঘুৰ ট্ৰেড মাৰ্ক লৈ ৰাজনীতি কৰিলেও সংখ্যালঘুৰ সমস্যা সংসদত সঠিকভাৱে উত্থাপন নকৰিলে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শ্ৰুতলিপি মতে সদায় কাম কৰে৷ বিৰোধীদলৰ দলৰ তেওঁ একমাত্ৰ নেতা যিয়ে মুকলিকৈ হিমন্ত বিশ্ব শৰ্মাক শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি ঘোষণা কৰিছে৷ এইবাৰ ধুবুৰীৰ ৰাইজে তেওঁক বিদায় দিয়াৰ সিদ্ধান্ত লৈছে৷ মুখ্যমন্ত্ৰীৰ শ্ৰুতলিপিত চলা লোকক ধুবুৰীৰ ভোটাৰে পুনৰ নিৰ্বাচিত নকৰে৷ ধুবুৰী বিমানবন্দৰ ২ মাহ ধৰি বন্ধ হৈ আছে৷ কেন্দ্ৰীয় অসামৰিক পৰিবহণ মন্ত্ৰীক মই চিঠি লিখিছো৷ ধুবুৰী বিমান বন্দৰত যে কোনো বিমান নাহে সেই কথা তেওঁ কেতিয়াবা কৈছেনে? ধুবুৰীৰ জুইশালা কাৰখানা যে বন্ধ হৈ আছে তাক পুনৰ আৰম্ভ কৰাৰ বাবে তেওঁ চেষ্টা কৰিছে নেকি? টেঙা আম এবাৰহে বেচিব পাৰি৷ আজমলে তিনিবাৰ টেঙা আম বিক্ৰী কৰিলে৷

ইখনৰ পাছত সিখন জনসভা আজমলৰ

‘আমাৰ অসম’ৰ নগৰবেৰাৰ প্ৰতিবেদকঃ সমষ্টি পুনৰ্গঠনৰ পিছতে বৰপেটা জিলাৰ বাঘবৰ আৰু চেঙা সমষ্টিৰ বৃহৎ এলেকা ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত হোৱাত এই অঞ্চলত সঘন সভা-সমিতি কৰি ভোটাৰ ৰাইজক আকৰ্ষিত কৰাৰ প্ৰয়াস অব্যাহত ৰাখিছে বদৰুদ্দিন আজমলে৷ কিছুদিন পূৰ্বে সাংসদ আজমলে জিলাখনৰ বিভিন্ন প্ৰান্তত ছখনকৈ ৰাজনৈতিক জনসভা অনুষ্ঠিত কৰাৰ ধাৰা অব্যাহত ৰাখি  আজমলে পুনৰ দুদিনীয়া কাৰ্যসূচীৰে বাঘবৰ সমষ্টিৰ দক্ষিণপাৰৰ চৰাঞ্চলত একাধিক কাৰ্যসূচীত অংশগ্ৰহণ কৰে৷ বৃহস্পতিবাৰে সমষ্টিটোৰ বাঘমাৰা চৰত এখন জনসভাত উপস্থিত হৈ নিশা চৰ-চাপৰিৰ বিভিন্ন অঞ্চল ভ্ৰমণ কৰি এটা পৰিয়ালৰ ঘৰত কটাই আজি পুনৰ ৰাজনৈতিক কাৰ্যসূচী আৰম্ভ কৰে৷ এনে কাৰ্যসূচীৰ মাজতে সাংবাদিকক দিয়া সাক্ষাৎকাৰত কেইবাটাও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে আজমলে৷ ‘হিট এণ্ড ৰাণ’ মটৰ ভেহিকেল আইন সন্দৰ্ভত আজমলে কয় যে, চৰকাৰে এই আইন কৰাৰ পূৰ্বে ট্ৰাক চালক ইউনিয়ন আৰু পৰিবহণ ইউনিয়নৰ সৈতে আলোচনা কৰি এনে আইন বনাব লাগিছিল৷ তেওঁৰ মতে, দুৰ্ঘটনা হঠাতে হয়, এনে ক্ষেত্ৰত অভিযুক্তক ১০ বছৰ জে’ল দিয়াৰ উপৰিও ১০ লাখ টকা জৰিমনা বিহিলে সেই পৰিয়ালটোৰ কি হব? সাধাৰণ উপাৰ্জনকাৰী এজন চালকে ১০ লাখ টকাৰ জৰিমনা আদায় দিয়াটো  অসম্ভৱ৷ হিট এণ্ড ৰান আইন সন্দৰ্ভত চৰকাৰে এটা ভুল সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি নিজৰ মত ব্যক্ত কৰিছে  আজমলে৷ আজি বাঘবৰৰ কদমতোলাত এখন মাদ্ৰাছাৰ আধাৰশিলা স্থাপন কৰি আজমলে কয়– শেহতীয়াকৈ ৰাজ্য চৰকাৰে যি ১০০০খন মাদ্ৰাছা স্কুলক মধ্য ইংৰাজী বিদ্যালয়লৈ পৰিৱৰ্তন কৰিছে সেয়া কেৱল মুখ্যমন্ত্ৰীয়ে আৰ এছ এছৰ নেতাক সন্তুষ্ট কৰিবলৈহে কৰিছে৷ বিজেপি আৰ এছ এছে ভাল পোৱা কাম কৰিবলৈ এতিয়া বাধ্য মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা৷ এয়া এক ৰাজনৈতিক চমক৷ ২০২৪ৰ নিৰ্বাচনত ধুবুৰীৰ পৰা আজমলক উৎখাত কৰা হ’ব বুলি বৰপেটাৰ সাংসদ আব্দুল খালেকে কৰা মন্তব্যৰ প্ৰত্যুত্তৰত আজমলে কয়– আব্দুল খালেকে নিজেই এইবাৰ প্ৰাৰ্থিত্ব নাপাব৷ খালেকক কটাক্ষ কৰি আজমলে আৰু কয়– খালেক গৰীৱ মানুহ, মোক সমালোচনা কৰি যদি ভাল লাগে আৰু বেছিকৈ সমালোচনা কৰক তেওঁ৷ চৰ-চাপৰি বাসীৰ শিক্ষাৰ ক্ষেত্ৰতো এ আই ইউ ডি এফ দলে এক সুকীয়া পৰিকল্পনা কৰিব বুলি ব্যক্ত কৰে সাংসদ আজমলে৷ সি যি কি নহওক, ২০২৪ৰ নিৰ্বাচন চমু চাপি অহাৰ লগে লগে পুনৰ সাংসদ হ’বলৈ সৰ্বশক্তিৰে নামি পৰিছে আজমলে৷ সাংসদজনক এই অভিযানত সংগ দিয়ে বিধায়ক হাফিজ বছিৰ কাছিমী আৰু আশ্ৰাফুল হুছেইনে৷

কংগ্ৰেছে  দেশবাসীক অন্যায় কৰিছেঃ প্ৰদেশ বিজেপি

‘আমাৰ অসম’ৰ মহানগৰ বাৰ্তাঃ ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ মুখপাত্ৰদ্বয়  ড॰ জুৰি শৰ্মা বৰদলৈ আৰু সুভাষ দত্তই আজি এক সংবাদ মেলৰ জৰিয়তে প্ৰদেশ কংগ্ৰেছক তীব্ৰ ভাষাৰে সমালোচনা কৰে৷ মুখপাত্ৰ জুৰি শৰ্মা বৰদলৈৰ মতে দশক দশক জুৰি কংগ্ৰেছ দলে ভাৰতবৰ্ষক শোষণ কৰাৰ লগতে অন্যায় কৰি আহিছে৷ সেয়ে তেওঁলোকে ন্যায়ৰ কথা ক’লে শোভা নাপায়৷ কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাক তীব্ৰ ভাষাৰে সমালোচনা কৰি মুখপাত্ৰ গৰাকীয়ে কয় যে দেশ বিভাজন কৰা সকলৰ শোভাযাত্ৰাত জনতাই অংশগ্ৰহণ নকৰে, এইটো এটা অৰ্থবিহীন যাত্ৰা৷ কংগ্ৰেছে একমাত্ৰ অসমকে নহয়, সমগ্ৰ দেশবাসীকে অন্যায় কৰি আহিছে৷ মুখপাত্ৰ গৰাকীয়ে কয়, কংগ্ৰেছী নেতা জৱাহৰলাল নেহেৰুৰ দৰে ব্যক্তিয়ে বহু বছৰৰ পূৰ্বেই দেশখনক বিভাজন কৰি থৈ গৈছে৷ সেই কংগ্ৰেছে এতিয়া ভাৰত জোড়ো অথবা ন্যায়ৰ কথা ক’লে লাজ পাওঁ৷ আনহাতে সংবাদ মেলত মুখপাত্ৰ সুভাষ দত্তই কয়, ৰাহুল গান্ধীয়ে অসমত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কেনেধৰণে উন্নয়ন কৰিছে সেয়া চাবলৈ আহিব৷ অসমত কংগ্ৰেছ চৰকাৰ থকাৰ সময়ত ৰাহুল গান্ধীৰ দৰে কংগ্ৰেছী নেতাসকলে অসমলৈ দুদিন থকাকৈয়ো আহিবলৈ সাহস কৰা নাছিল৷ এতিয়া বিজেপিৰ দিনত আঠদিন থকাকৈ অসমলৈ আহিব বিচাৰিছে৷  ৰাহুল গান্ধীয়ে এতিয়া অসমলৈ আহি পূৰ্বৰ কংগ্ৰেছ চৰকাৰে অসমৰ সমাজ জীৱনৰ কাৰণে যিসমূহ উন্নয়নমূলক কাম কৰা নাছিল সেইসমূহ সমাধান হোৱা দেখিবলৈ পাব৷ তেওঁ লগতে কয় যে কংগ্ৰেছ দলৰ চৰকাৰ থাকোঁতে ২০০৪ চনৰ পৰা ২০১০ চনলৈকে অসমে খাৰুৱা তেলৰ ৰয়েিŒI× বাবদ পাবলগীয়া ধন ৭৭৭০ কোটি টকা বন্ধ কৰি ৰাখিছিল, এয়া কংগ্ৰেছ চৰকাৰে অসমৰ প্ৰতি কৰা অন্যায় আছিল৷ তেওঁ কয়– শেহতীয়াকৈ তৃণমূল কংগ্ৰেছে পাহাৰীয়া জিলাত কংগ্ৰেছশূন্য বুলি সমালোচনা কৰিছিল, ইফালে হোটেল লিলিত বহিও তেওঁলোকে ঐক্যৰ কথা কয়৷ কংগ্ৰেছ আৰু এ আই ইউ ডি এফ একোট মুদ্ৰাৰ ইপিঠি-সিপিঠি বুলি মন্তব্য কৰে মুখপাত্ৰজনে৷ কংগ্ৰেছ দলে বিৰোধী দল আৰু বিৰোধী ঐক্যক ধূলিসাৎ কৰি বদৰুদ্দিন আজমলৰ লগত মিত্ৰতা কৰিব৷ কংগ্ৰেছ দলে ন্যায় যাত্ৰা কৰাতকৈ পাপ মোচন যাত্ৰা কৰক আৰু এই যাত্ৰা তেওঁলোকে আমগুৰিৰ পৰাই আৰম্ভ কৰক৷ আমগুৰিৰ পবিত্ৰ ভূমিত থিয় হৈ কওক যে আমাৰ নেতাসকলে পাপ কৰিছে, সেয়ে আমি অসমৰ ৰাইজৰ ওচৰত ক্ষমা খুজিবলৈ আহিছোঁ৷ ৰাহুল গান্ধীক আধুনিক ভাৰতবৰ্ষৰ বিচ্ছিন্নতাবাদী বুলি কটাক্ষ কৰি মুখপাত্ৰ দত্তই কয়– যিজনে উত্তৰ-পূৰ্বাঞ্চলক ভাৰতবৰ্ষৰ ভিতৰত নাই বুলি টুইট কৰিব পাৰে সেইজনেই হৈছে আধুনিক ভাৰতৰ বিচ্ছিন্নতাবাদী৷