Logo
image

মানুহ আজি ‘হিউমেন’ভিড’ত পৰিণত

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ৬ জানুৱাৰীঃ উত্তৰ-পূব ভাৰতৰ প্ৰথমখন ছুপাৰ স্পেচিয়েলিটী হাস্পতাল গুৱাহাটীৰ দিছপুৰস্থিত জিএনআৰচিৰ ৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱস চিকিৎসালয়খনৰ পঞ্চম মহলাত থকা সভাগৃহত শুকুৰবাৰে পালন কৰা হয়৷ জিএনআৰচিৰ মুখ্য পৰিচালন বিষয়া ডাঃ সুব্ৰত দেৱ ভাগৱতীৰ আদৰণী ভাষণৰে আৰম্ভ হোৱা অনুষ্ঠানটোত জিএনআৰচি গ্ৰnপ অৱ হাস্পতালৰ প্ৰতিষ্ঠাপক ডাঃ নোমল চন্দ্ৰ বৰাই সমাজৰ প্ৰতিটো স্তৰৰ বাবে উচ্চমানৰ স্বাস্থ্যসেৱা সহজলভ্য কৰাৰ বাবে হাস্পতালখনে নেতৃত্ব দিয়াৰ প্ৰসংগ উল্লেখ কৰি কয়– ‘ৰোগীৰ চিকিৎসাই মোৰ ধৰ্ম৷  উত্তৰ-পূব ভাৰতৰ স্বাস্থ্যসেৱাৰ মান উন্নত কৰাৰ দৃষ্টিভংগীৰে চিকিৎসা সেৱাই সহানুভূতি আৰু খৰচ বহনক্ষমতা দুয়োটাকে সামৰি ল’ব পৰাত গুৰুত্ব দিছে জিএনআৰচিয়ে৷ প্ৰতিৰোধমূলক ব্যৱস্থাৰে আমি সমাজৰ ৬০-৭০ শতাংশ ৰোগ নোহোৱাকৈ ৰাখিব পাৰোঁ৷ যিকোনো এটি ৰোগৰ প্ৰাৰম্ভিক অৱস্থাতে চিনাক্তকৰণ কৰি চিকিৎসা আৰম্ভ কৰিলে চিকিৎসাৰ সুফল বেছি ভালদৰে পোৱাৰ লগতে পৰিয়ালৰ লোক তথা আত্মীয়-স্বজনৰ কষ্টও বহুখিনি লাঘব হয়৷ তদুপৰি ইয়াৰ ফলত চিকিৎসাৰ ব্যয় যথেষ্ট হ্ৰাস পায়, পৰিয়াল তথা সমগ্ৰ স্বাস্থ্যসেৱাৰ ব্যৱস্থাটোত আৰ্থিকভাবে কম চাপ পৰে৷ সাধাৰণ ৰাইজৰ মাজত নিৰোগী জীৱন যাপন সন্দৰ্ভত সজাগতা সৃষ্টিৰ জৰিয়তেহে এয়া সম্ভৱ৷ ব্যয়সাধ্য স্বাস্থ্য অভিযানৰ জৰিয়তে আমি জিএনআৰচিত এই প্ৰচেষ্টাই অব্যাহত ৰাখিছোঁ৷ আমাৰ স্বাস্থ্যমিত্ৰসকলে এই অভিযানৰ অধীনত সমগ্ৰ অসমতে ঘৰে ঘৰে গৈ সজাগতা সৃষ্টিৰ প্ৰয়াস কৰি আহিছে৷’ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত মুখ্য অতিথিৰূপে উপস্থিত থাকে বিশিষ্ট সাংবাদিক, ‘আমাৰ অসম’ৰ মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামী৷ ভাষণ প্ৰসংগত সাহিত্য অকাদেমি বঁটাপ্ৰাপক প্ৰসিদ্ধ গল্পকাৰগৰাকীয়ে কয়– ‘ক’ভিডৰ পাছত মানুহৰ জীৱনশৈলীয়েই নহয়, মানুহৰ শৰীৰতন্ত্ৰও সলনি হৈ গৈছে৷ মৃত্যু সুলভ হৈ পৰিছে– কৰ্মৰত অৱস্থাত, আনন্দ-স্ফূৰ্তি কৰা অৱস্থাত, ‘জীম’ত কচৰৎ কৰা অৱস্থাত ঢলি পৰিছে মানুহ৷ আচলতে ক’ভিডৰ পাছত মানুহ পূৰ্বৰ মানুহ হৈ থকা নাই, মানুহ যেন এতিয়া হিউমেন আৰু ক’ভিডৰ হাইব্ৰিড– হিউমেন’ভিড! মানুহ যেন হিউমেন’ভিডত পৰিণত হৈছে৷ মানুহৰ প্ৰতিৰোধ ক্ষমতাৰ পৰিৱৰ্তন হৈছে, মানসিকতা সলনি হৈছে, আৰু সলনি হৈছে সামাজিকতা৷ এতিয়া চিকিৎসা সেৱা আৰু আগৰ দৰে সহজলভ্য হৈ থকা নাই৷ চৰকাৰী চিকিৎসা সেৱাও আশানুৰূপ নহয়৷ যাৰ বাবে মন্ত্ৰী-বিধায়কৰ দৰে বহু সাধাৰণ মানুহেও চৰকাৰী চিকিৎসা সেৱাৰ ওপৰত ভৰসা নকৰি ব্যক্তিগত খণ্ডৰ চিকিৎসালয়লৈ ঢাপলি মেলে৷ দেৰগাঁৱৰ বাছ দুৰ্ঘটনাৰ পাছত যোৰহাট মেডিকেল কলেজৰ পৰা আহত লোকক গুৱাহাটী মেডিকেল কলেজলৈ আনিবলগীয়া হৈছে৷ যোৰহাটৰ মেডিকেল কলেজত আহত লোকৰ চিকিৎসাৰ সুব্যৱস্থা নথকাৰ বাবেই আহতক গুৱাহাটীলৈ আনিবলগীয়া হৈছে৷ ইয়াৰ বিপৰীতে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ প্ৰতি মানুহৰ আস্থা বৃদ্ধি পাইছে৷ জিএনআৰচিৰ প্ৰতিষ্ঠাপক ডাঃ নোমল চন্দ্ৰ বৰাই বহু প্ৰত্যাহ৩ান নেওচি নিজৰ একাগ্ৰতা, পাৰদৰ্শিতাৰে চিকিৎসালয়খনক আজি এই পৰ্যায়লৈ নিবলৈ সক্ষম হৈছে৷’ এই অনুষ্ঠানতে ডাঃ নিপাংক গোস্বামীক ‘একাডেমিক এক্সিলেঞ্চ এণ্ড মেক্সিমাম ছাৰ্জিকেল ট্ৰিটমেণ্ট বঁটা’ আৰু ডাঃ ইনামূল হকক ‘বেষ্ট পেচেণ্ট আউটকাম বঁটা’ৰে সন্মানিত কৰা হয়৷ নিজৰ নিজৰ ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা আৰু বিভিন্ন আন্তঃবিভাগীয় প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব অৰ্জন কৰা জিএনআৰচিৰ আন আন চিকিৎসক আৰু চিকিৎসাকৰ্মীকো এই অনুষ্ঠানতে বঁটা প্ৰদান কৰা হয়৷ অনুষ্ঠানত সন্মানীয় অতিথিৰূপে উপস্থিত থকা অসম বিধানসভাৰ যুটীয়া সচিব ইন্দ্ৰজিৎ মজুমদাৰে অনুপ্ৰেৰণামূলক ভাষণ প্ৰদান কৰে৷ অনুষ্ঠআনৰ আৰম্ভণিতে জিএনআৰচিৰ কৰ্মচাৰীসকলে নাম-প্ৰসংগ পৰিৱেশন কৰে৷