Logo
image

বিজেপি মুছলমানৰ ডাঙৰ শত্ৰুঃ বদৰুদ্দিন আজমল

ডিজিটেল সংবাদ, নগৰবেৰাৰ প্ৰতিবেদকঃ বিজেপি মুছলমানৰ আটাইতকৈ ডাঙৰ শত্ৰু। আজানৰ শত্ৰু, মছজিদৰ শত্ৰু, মাদ্ৰাছাৰ শত্ৰু, মুছলমানৰ মা-ভনীৰ পৰ্দাৰ শত্ৰু, ইছলামিক আইনৰ শত্ৰু।- এই মন্তব্য এআইইউডিএফ প্ৰধান তথা সাংসদ বদৰুদ্দিন আজমলৰ৷

শুকুৰবাৰে বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত কদমতোলাত ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ বদৰুদ্দিন আজমল উপস্থিত হৈ মাদ্ৰাছা গৃহৰ আধাৰশিলা স্থাপন কৰে। আধাৰশিলা স্থাপনৰ পাছতেই  সভাত অংশ গ্ৰহণ কৰি ভাষণ প্ৰসংগত সাংসদজনে বিজেপি দলক তীব্ৰ ভাষাৰে সমালোচনা কৰে৷ তেওঁ কয় যে বিজেপি মুছলমানৰ আটাইতকৈ ডাঙৰ শত্ৰু। বিজেপি আজানৰ শত্ৰু, মছজিদৰ শত্ৰু, মাদ্ৰাছাৰ শত্ৰু, ইছলামিক আইনৰ শত্ৰু৷

লগতে মাদ্ৰাছা বন্ধ প্ৰসংগতো  তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় সাংসদ আজমলে। ধুবুৰীৰ পৰা বদৰুদ্দিন আজমলক উৎখাত কৰিব বুলি কোৱা বৰপেটাৰ সাংসদ আব্দুল খালেকক উভতি ধৰি তেওঁ কয় যে তেওঁ নিজেই এইবাৰ টিকট নাপায়৷ আব্দুল খালেক দুখীয়া মানুহ, ডাঙৰ ডাঙৰ কথা কৈ যদি অন্তৰত সুখ পায় কৈ থাকক৷ মোৰ কোনো আপত্তি নাই। লগতে তেওঁ নতুনকৈ পৰিবহণ বিভাগে বলৱৎ কৰা আইনৰ বিৰুদ্ধে গৰজি উঠে। সভাত বিধায়ক বছিৰ উদ্দিন কাছিমী, চেঙাৰ বিধায়ক আশ্ৰাফুল হুছেইনকে ধৰি কেইবাজনো দলীয় নেতা-কৰ্মী উপস্থিত থাকে।