Logo
image

কাজিৰঙাত চকু অগপৰঃ কংগ্ৰেছ-ইউডিএফ এৰি আঞ্চলিকতাবাদী শিবিৰত ৫ শতাধিকৰ যোগদান

ডিজিটেল সংবাদ, নগাঁওঃ ধৰ্মীয় সংখ্যালঘু ভোটাৰে ভাগ্য নিৰ্ণয় কৰা কলিয়াবৰ লোকসভা সমষ্টি ভাঙি সমষ্টি পুনৰ গঠনত হিন্দু ভোটাৰৰ প্ৰাধান্য থকা অঞ্চল সংযোজন কৰি কাজিৰঙা লোকসভা সমষ্টি গঠন কৰা হ'ল। হিন্দু ভোটাৰে আগন্তুক নিৰ্বাচনত ভাগ্য নিৰ্ণয় কৰিবলগীয়া কাজিৰঙাত এতিয়া চকু অগপৰ৷ সমষ্টিটোত আগন্তুক নিৰ্বাচনত অগপৰ শক্তিশালী যুৱ নেতা মণিমাধৱ মহন্তই প্ৰতিদ্বন্দিতা কৰিব বুলি চৰ্চা আৰম্ভ হৈছে। 

সেই চৰ্চাক যেন প্ৰাণ দিলে নগাঁৱত অনুষ্ঠিত দলটোৰ এখন সভাই। আঞ্চলিক দলটোৱে শনিবাৰে নগাঁৱত নিৰ্বাচনৰ ৰণডংকা বজায়৷ অগপৰ নগাঁও জিলা সমিতিৰ কাৰ্যালয় চৌহদত এক যোগদান সমাৰোহ অনুষ্ঠিত হয়। নৱগঠিত কাজিৰঙা সংসদীয় সমষ্টি সমিতিৰ উদ্যোগত অনুষ্ঠিত এক সভাত পাঁচ শতাধিক কংগ্ৰেছ- এআইইউডিএফৰ নেতা-সদস্যই অগপত যোগদান কৰে। অগপৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি তথা ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই দললৈ আগমন ঘটা লোকসকলক আদৰণি জনায়। 

নগাঁও জিলা অগপৰ সভাপতি মণিমাধৱ মহন্তৰ সভাপতিত্বত অনুষ্ঠিত সভাত অংশগ্ৰহণ  কৰি মন্ত্ৰী কেশৱ মহন্তই কয় যে অগপ অসমৰ একমাত্ৰ আঞ্চলিক দল, যিয়ে সদায় আঞ্চলিকতাবাদক শক্তিশালী কৰাৰ কামত আত্মনিয়োগ কৰি আহিছে। অসমৰ বিকাশ আৰু উন্নয়নৰ বাবে অগপই জন্মলগ্নৰে পৰা কাম কৰি আহিছে। সমাগত লোকসভা নিৰ্বাচনৰ কথা উল্লেখ কৰি মহন্তই কয় যে এইবাৰ অগপই ভাল ফলাফল প্ৰদৰ্শন কৰিব। এইবাৰ লোকসভাত অগপৰ প্ৰতিনিধি থাকিব। তৃণমূল পৰ্যায়ৰ পৰা অগপ দলৰ সংগঠন শক্তিশালী কৰাৰ কামত সকলোকে ঐক্যবদ্ধভাৱে কাম কৰিবলৈ মহন্তই আহ্বান জনায়। বিৰোধী ঐক্য ইণ্ডিয়া এলায়েন্সৰ প্ৰসংগত মহন্তই কয় যে ৰাজনীতিত দুয়ে দুয়ে যোগ কৰিলে চাৰি নোলায়। দেশত এন ডি এৰ পৰ্যায়লৈ যোৱাৰ ক্ষমতা বৰ্তমান কাৰো নাই। অসমতো নাই।

সভাত প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱা, অগপৰ ভাতৃ সংগঠন অসম কৃষক পৰিষদৰ সভাপতি পৰেশ বৈশ্য, অগপৰ সম্পাদক নুৰুল চুলতান, মহিলা নেত্ৰী মামণি বৰাকে ধৰি কেইবাজনো শীৰ্ষ নেতাই ভাষণ প্ৰদান কৰি অগপৰ সংগঠন শক্তিশালী কৰিবলৈ দলীয় কৰ্মীসকলক আহ্বান জনায়। সভাত এআইইউডিএফৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক মহম্মদ আলিৰ নেতৃত্বত বিন্নাকান্দি সমষ্টি সমিতিৰ ৩ শতাধিক এআইইউডিএফৰ নেতা-কৰ্মী আৰু চামগুৰি সমষ্টিৰ শীৰ্ষ কংগ্ৰেছ নেতা মজিবুৰ  ৰহমানৰ নেতৃত্বত ২ শতাধিক কংগ্ৰেছ কৰ্মীয়ে অগপ দলত যোগদান কৰে। এই যোগদান কাৰ্যসূচীয়ে কাজিৰঙা সংসদীয় সমষ্টিত অগপৰ স্থিতি শক্তিশালী কৰি তুলিলে বুলি ৰাজনৈতিক মহলত চৰ্চা লাভ কৰিছে।