Logo
image

আজমলৰ বিষবাষ্পঃ ৰাম মন্দিৰ মুকলি অনুষ্ঠানকলৈ বিতৰ্কিত মন্তব্য, ২০ৰ পৰা ২৫ জানুৱাৰীলৈ মুছলমানক ৰে’ল যাত্ৰা নকৰিবলৈ পৰামৰ্শ

ডিজিটেল সংবাদ, নগৰবেৰাৰ প্ৰতিবেদকঃ ২০২৪ ৰ সাধাৰণ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ কাম আৰম্ভ কৰিছে ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ তথা এআইইউডিএফৰ সভাপতি মৌলনা বদৰুদ্দিন আজমলে। পুনৰ সাংসদ নিৰ্বাচিত হোৱাৰ লক্ষ্যৰে ৰাজ্যৰ বৰ্ষীয়ান ৰাজনীতিক গৰাকীয়ে যিকোনো প্ৰকাৰে ধৰ্মীয় সংখ্যালঘু মুছলমান ভোটাৰসকলক আবেগিক কৰাৰ উদ্দেশ্যে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি আৰম্ভ কৰিছে। শুকুৰবাৰে বাঘবৰৰ কদমতোলা পঞ্চায়তৰ ছয়সীমানাত এখন মাদ্ৰাছাৰ আধাৰশিলা স্থাপন কৰি উপস্থিত ৰাইজক সম্বোধন কৰি আজমলে প্ৰদান কৰা চৰম সাম্প্ৰদায়িক ও আপত্তিজনক ভাষণে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ভাষণত বদৰুদ্দিন আজমলে কয় যে ভাৰতবৰ্ষত মুছলমানৰ ওপৰত তাহানিৰ পৰাই শত্ৰুতা চলি আছে। মহাৰাষ্ট্ৰত সংঘটিত শেহতীয়া ঘটনাৱলী সন্দৰ্ভত আজমলে কয় যে এতিয়া ভাৰতবৰ্ষত কেৱল মছজিদ, মাদ্ৰাছা ভঙাৰ ৰাজনীতি চলিছে। ২২ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰিব৷ ২০ ৰ পৰা ২৫ তাৰিখ পৰ্যন্ত মুছলমান লোকসকলক ৰে'ল ভ্ৰমণ নকৰিবলৈ আহ্বান জনাইছে আজমলে। এই সময়ছোৱাত এক অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হোৱাৰ শংকা ব্যক্ত কৰিছে আজমলে। 

আজমলৰ অভিযোগ যে বিজেপিয়ে এক ডাঙৰ পৰিকল্পনা কৰিছে আৰু দেশৰ মুছলমান লোকসকলে বিজেপিৰ এই পৰিকল্পনাত ভৰি দিব নালাগে। শান্তি-শৃংখলা বজাই ৰখাৰ স্বাৰ্থতে মুছলমান লোকসকলক এই সময়ছোৱাত ৰে'ল ভ্ৰমণ কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায় বদৰুদ্দিন আজমলে। আজমলৰ মতে বিজেপি মুছলমান লোকৰ আটাতকৈ ডাঙৰ শত্ৰু৷ বিজেপি আজানৰ শত্ৰু, মছজিদ-মাদ্ৰাছাৰ শত্ৰু। লগতে আজমলে কয় যে বিজেপি মুছলমান জীয়ৰী-নাৰীৰ পৰ্দাৰ শত্ৰু, তালাকৰ শত্ৰু আৰু ইছলামিক আইন-কানুনৰ শত্ৰু । সেয়ে মুছলমান লোকসকলক সাৱধানে থাকিবলৈ আহ্বান জনায় বদৰুদ্দিন আজমলে। 

এনেদৰে চৰম সাম্প্ৰদায়িক ও প্ৰৰোচনামূলক ভাষণ প্ৰদানৰ লগতে সাংসদ বদৰুদ্দিন আজমল পুনৰ এবাৰ কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে। স্থানীয় লোকৰ সন্মুখত ভাষণত তেওঁ কয়, "অসমত ডিটেনশ্বন কেম্পৰ জন্মদাতা হল তৰুণ গগৈ চৰকাৰ। 'ডি' ভোটাৰ সমস্যা, এন আৰ চিৰ সমস্যাৰ জন্মদাতা কংগ্ৰেছ দল আৰু চৰকাৰ হোৱাৰ পাছতো মুছলমান লোকসকলে নিৰ্বাচনৰ সময়ত কংগ্ৰেছকে ভোট দিবলৈ পাগল হৈ পৰে। নিৰ্বাচন আহিলেই কংগ্ৰেছৰ ললীপপ খাই সকলো পাহৰি যায় মুছলমান সকলে। 

নিজৰ ৰাজনৈতিক মুনাফাৰ বাবেই বাঘবৰৰ ধৰ্মীয় সংখ্যালঘু মুছলমান বসতি প্ৰধান অঞ্চলত চৰম সাম্প্ৰদায়িক ভাষণ প্ৰদান কৰাৰ অভিযোগ উত্থাপিত হৈছে বদৰুদ্দিন আজমলৰ বিৰুদ্ধে৷ এই কাৰ্যসূচীত বদৰুদ্দিন আজমলক সংগ দিয়ে দলৰ বিধায়ক বছিৰ কাছিমী আৰু আশ্ৰাফুল হুছেইনে। ২০২৪ ৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে পুনৰ এবাৰ সাংসদ নিৰ্বাচিত হ'বলৈ সম্প্ৰতি এনেদৰে উঠি পৰি লাগিছে বদৰুদ্দিন আজমল।