Logo
image

নিলাম হ'ল আণ্ডাৰৱৰ্ল্ড ডন ডাউদ ইব্ৰাহিমৰ সম্পত্তিঃ সংৰক্ষিত মূল্যতকৈ ১৩০০ গুণৰো অধিক ধন খৰছ কৰি ডাউদৰ সম্পত্তি ক্ৰয় কৰা কোন এইজন অজয় শ্ৰীবাস্তৱ?

ডিজিটেল ডেস্কঃ আণ্ডাৰৱৰ্ল্ড ডন আৰু মুম্বাই আক্ৰমণৰ অভিযুক্ত ডাউদ ইব্ৰাহিমৰ সম্পত্তি ৫ জানুৱাৰীত নিলাম কৰা হয়৷ ডাউদ ইব্ৰাহিম মালিকাধীন ভূমি ২ কোটিৰো অধিক টকাত ক্ৰয় কৰিলে এজন অধিবক্তাই৷ ১৭১ বৰ্গ মিটাৰ ভূমিৰ বাবে অধিবক্তাজনে সংৰক্ষিত মূল্যতকৈ ১৩০০ গুণৰো অধিক ধন পৰিশোধ কৰে। 

চোৰাং ব্যৱসায়ী আৰু বৈদেশিক মুদ্ৰা প্ৰৱঞ্চক (সম্পত্তি জব্দ) আইনৰ অধীনত চলোৱা নিলামত মহাৰাষ্ট্ৰৰ ৰত্নগিৰি জিলাস্থিত ডাউদ মালিকাধীন ৪টা স্থানৰ সম্পত্তি নিলামৰ বাবে মুকলি কৰা হৈছিল, যাৰ সংৰক্ষিত মূল্য আছিল ১৯.২২ লাখ টকা৷ ইয়াৰে দুটা সম্পত্তিত কোনো নিবিদা লাভ কৰা নহ'ল৷ আনহাতে এটা সম্পত্তি বিক্ৰী হ'ল ২ কোটিৰো অধিক টকাত৷

হিন্দুস্তান টাইমছৰ প্ৰতিবেদন অনুসৰি, দুটা সম্পত্তিৰ বাবে কোনো নিবিদা লাভ কৰা নহ'ল৷ আনহাতে আন দুটাৰ বাবে ক্ৰমান্বয়ে ৩ আৰু ৪টা নিবিদা লাভ কৰা হয়। ইয়াৰে এটা সম্পত্তি ১৭০.৯৮ বৰ্গ মিটাৰৰ ভূমি ২.০১ কোটি টকাত নিলাম হয়। ইয়াৰ সংৰক্ষিত মূল্য আছিল ১৫,৪৪০ টকা। আনহাতে নিলাম হোৱা দ্বিতীয়টো সম্পত্তি ১,৭৩০ বৰ্গ মিটাৰ ভূমিৰ সংৰক্ষিত মূল্য আছিল ১,৫৬,২৭০ টকা। এই ভূমি নিলাম হয় ৩.২৮ লাখ টকাত।

শুকুৰবাৰে হোৱা নিলামত ডাউদৰ ভূমি সম্পত্তি ক্ৰয় কৰা অজয় শ্ৰীবাস্তৱ পেছাত এজন অধিবক্তা। অজয় শ্ৰীবাস্তৱে ইয়াৰ পূৰ্বেও এটা নিলামত ডাউদৰ মালিকানাধীন এটা সম্পত্তি ক্ৰয় কৰিছিল। জানিব পৰা মতে, অজয় শ্ৰীবাস্তৱ এজন শিৱসেনা দলৰ নেতা। তেওঁ ক্ৰয় কৰা নতুন সম্পত্তিত এখন সনাতন ধৰ্ম বিদ্যালয় নিৰ্মাণৰ পৰিকল্পনা কৰিছে৷

ডাউদৰ সম্পত্তি ক্ৰয়ৰ পিছত অজয় শ্ৰীবাস্তৱে কয়, "মই ইমান ব্যয়বহুল সম্পত্তি ক্ৰয় কৰাৰ কাৰণ হৈছে, মই জ্যোতিষশাস্ত্ৰত বিশ্বাস কৰোঁ৷ এই ভূমিৰ জৰীপ সংখ্যা মোৰ জন্ম তাৰিখৰ সৈতে মিল খায়। ইয়াৰ উপৰি, মই যোৱা নিলামতো ভূমি কিনিছিলোঁ। মই এই ভূমিত এখন সনাতন ধৰ্ম বিদ্যালয় নিৰ্মাণ কৰিব বিচাৰোঁ।" লগতে তেওঁ কয় যে ডাউদৰ সম্পত্তি ক্ৰয়ৰ আঁৰত তেওঁৰ উদ্দেশ্য হৈছে, জনতাৰ মাজত এইটো প্ৰমাণ কৰা যে বৰ্তমান ডাউদৰ কোনো প্ৰভাৱ নাই। যিয়ে দেশৰ বিৰুদ্ধে কাম কৰিব, তেওঁ পৰিণামৰ সন্মুখীন হ'ব লাগিব৷ তেওঁৰ সম্পত্তি জব্দ হ'ব আৰু বিক্ৰী হ'ব লাগিব, যিবোৰ মানুহে ক্ৰয় কৰিবলৈ ইচ্ছুক৷