Logo
image

স্থলপথেৰে ‘বিমানযাত্ৰা’ লক্ষ্য সন্নিকট

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৭ জানুৱাৰীঃ আকাশী পথেৰে নহয়, স্থলপথেৰে বহু প্ৰত্যাহ্বান নেওচি অৱশেষত গুৱাহাটীৰ প্ৰৱেশদ্বাৰত  উপস্থিত ‘উইংছ অৱ হাজৰিকা’৷ ১১৮ ফুট দীঘল দৈত্যাকাৰ ইণ্ডিয়ান এয়াৰলাইন্‌ছৰ বিশেষ বিমানখনক কঢ়িয়াই অনা ১০০ ফুট দৈৰ্ঘৰ ট্ৰেইলাৰখন মুম্বাইৰ পৰা আহি শুকুৰবাৰে অসম সীমান্তত প্ৰৱেশ কৰাৰ পাছত শনিবাৰে কামৰূপৰ চাংসাৰিত উপস্থিত হয়৷ ১৬ ডিচেম্বৰত মুম্বাই আন্তৰ্জাতিক বিমান বন্দৰৰ পৰা শিৱসাগৰৰ ভটিয়াপাৰলৈ বুলি অনা ইণ্ডিয়ান এয়াৰলাইন্‌ছৰ এয়াৰ বাছ ৩২০ অৱসৰপ্ৰাপ্ত বিমানখন কঢ়িয়াই অনা ট্ৰেইলাৰখন প্ৰায় কুৰি দিন যাত্ৰাৰ অন্তত গুৱাহাটীৰ প্ৰৱেশদ্বাৰত উপস্থিত হ’লেও এতিয়াও যেন আছে সমুখত কেইবাটাও বৃহৎ প্ৰত্যাহ্বান৷ এই প্ৰত্যাহ৩ান অতিক্ৰম কৰিব পাৰিলেহে গন্তব্যস্থান শিৱসাগৰত উপস্থিত হ’ব পাৰিব বিমানখন৷ উল্লেখ্য, শিৱসাগৰৰ যুৱ ব্যৱসায়ী হৰি প্ৰসন্ন হাজৰিকাই ৰেস্তোৰাঁ খোলাৰ পৰিকল্পনাৰে ক্ৰয় কৰি আনিছে ইণ্ডিয়ান এয়াৰলাইন্‌ছৰ বিকল বিমানখন৷ ভাৰতত মুঠ ৬খন এনে এৰ’প্লেন ৰেস্তোৰাঁ আছে যদিও উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত শিৱসাগৰৰ ভটিয়াপাৰত প্ৰথমবাৰলৈ নতুনকৈ এই ৰেস্তোৰাঁখন সংযোজন কৰিবলৈ সাজু হৈছে যুৱ ব্যৱসায়ীজেন৷ অৱশ্যে নিলামত এয়াৰ বাছ ৩২০ বিমানখন ক্ৰয় কৰিলেও বিমানখনৰ দামৰ সন্দৰ্ভত ৰাজহুৱাকৈ প্ৰকাশ কৰাৰ পৰা বিৰত আছে ব্যৱসায়ী হৰিপ্ৰসন্ন হাজৰিকা৷ পূৰ্বে গুজৰাটত একে উদ্দেশ্যৰে এনে এখন বিমান ১.৪ কোটি টকাত ক্ৰয় কৰিছিল এজন ব্যৱসায়ীয়ে৷ সেই সূত্ৰে হৰিপ্ৰসন্ন হাজৰিকায়ো প্ৰায় ডেৰ কোটি টকাৰে ইণ্ডিয়ান এয়াৰলাইন্‌ছৰ বিমানখন ক্ৰয় কৰা বুলি অনুমান কৰা হৈছে৷ অৱশ্যে ১৬ ডিচেম্বৰত মুম্বাইৰ বিমানবন্দৰৰ পৰা ট্ৰেইলাৰত অসম অভিমুখে আনি থকা এই বিমানখন প্ৰথমে বিহাৰৰ এখন উৰণ সেতুৰ তলত লাগি ধৰে৷ ফলত ট্ৰেইলাৰৰ চকাৰ পাম্প খুলি উৰণ সেতুৰ তলেৰে পাৰ কৰা হয়৷ কিন্তু ইয়াৰ পাছতো বিপদে লগ এৰা নাছিল৷ পুনৰ বিহাৰত ৰাষ্ট্ৰীয় ঘাইপথৰ ৰে’ল লাইনৰ ওপৰৰ এখন দলঙৰ ৰেলিঙৰ বাবে তিনিদিন আবদ্ধ হৈ পৰে ট্ৰেইলাৰখন৷ ফলত ট্ৰেইলাৰখনৰ চকা খুলি কেৱল ৰিঙত চলাই দলঙৰ ওপৰত থকা ৰেলিঙৰ তলেৰে পাৰ কৰা হয় সুকলমে৷ ইয়াৰ পাছতেই শুকুৰবাৰে ট্ৰেইলাৰখন অসমত প্ৰৱেশ কৰাৰ পাছত শনিবাৰে সন্ধিয়া চাংসাৰিত উপস্থিত হয়৷ কিন্তু গুৱাহাটীৰ মাজেৰে পাৰ হৈ যাবলগীয়া ট্ৰেইলাৰখন শৰাইঘাট দলঙৰ ওপৰৰ ৰেলিং আৰু যোৰাবাটৰ অকোঁৱা-পকোৱা পথৰ বাবে সমস্যাৰ সন্মুখীন হোৱাৰ আশংকা কৰা হৈছে৷ অৱশ্যে বিমানখন কঢ়িয়াই অনা ট্ৰেন্সপ’ৰ্ট এজেন্সিটোৱে গুৱাহাটী পাৰ হওঁতে বিশেষ একো অসুবিধা নহয় বুলি জানিবলৈ দিছে যদিও কাজিৰঙাৰ ৰাষ্ট্ৰীয় ঘাইপথত থকা চিচি টিভি কেমেৰা সংযুক্ত তোৰণক লৈ চিন্তিত হৈ পৰিছে প্ৰতিষ্ঠানটো৷ অৱশ্যে এই প্ৰত্যাহ৩নকো নেওচি সুকলমে গন্তব্যস্থানত উপস্থিত হোৱাৰ আশা ব্যক্ত কৰিছে ব্যৱসায়ী হৰি প্ৰসন্ন হাজৰিকাই৷ ইফালে, শ্ৰীৰামপুৰ গেটেৰে আহি চাংসাৰিত উপস্থিত হোৱাৰ সময়ত অসমৰ ৰাজপথত হাজাৰ হাজাৰ মানুহে বিমানখন প্ৰত্যক্ষ কৰাৰ বাবে ভিৰ কৰা পৰিলক্ষিত হয়৷ ৰাইজৰ উৎসাহ দেখি ব্যৱসায়ী হৰিপ্ৰসন্ন বিভিন্ন স্থানত হাজৰিকাই ট্ৰেইলাৰখন ৰখাই ৰাইজক ফটো, ছেল্‌ফি উঠাৰো সুযোগ দিয়ে৷