Logo
image

বিজেপিক ৱাক-অভাৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৭ জানুৱাৰীঃ বিনা প্ৰতিদ্বন্দ্বিতাৰে ৬টা পৰিষদীয় সমষ্টিত বিজেপিৰ প্ৰাৰ্থী জয়লাভ কৰা ডিমা হাচাও স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনক কেন্দ্ৰ কৰি পাহাৰীয়া জিলাখনত প্ৰকৃততে কি হৈ আছে? বিজেপি দলৰ প্ৰাৰ্থীৰ বিৰুদ্ধে যিসকলে প্ৰতিদ্বন্দ্বিতা কৰিছে তাৰে অধিকাংশৰে নিৰ্বাচনী প্ৰচাৰক কেন্দ্ৰ কৰি প্ৰশ্ন উত্থাপিত হৈছে৷ ইয়াৰ আঁৰত শাসকীয় দলৰ ভয়-ভাবুকি নে গোপন বুজাবুজি নে ৱাক অভাৰৰ ৰাজনীতি লুকাই আছে তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে৷ উল্লেখ্য, মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা সদলবলে তিনিদিন ধৰি ডিমা হাচাও জিলাত বাহৰ পাতি শুকুৰবাৰে গুৱাহাটীলৈ উভতি অহাৰ পূৰ্বে ৱাজাও সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাই সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰা নিৰ্দলীয় প্ৰাৰ্থীজনক ‘বহি যাবালৈ’ মুকলি আহ্বান জনায়৷ বিজেপি প্ৰাৰ্থী বিশ্বজিৎ দাউলাগপুৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰা নিৰ্দলীয় প্ৰাৰ্থী পুনুষ নুনিছাক উদ্দেশ্যি মুখ্যমন্ত্ৰীয়ে নিজৰ ভাষণত কয়– তেওঁ সৰু ল’ৰা৷ সেয়ে বহি যাওক৷ নিৰ্বাচনীলৈ দুদিন আছে৷ মই গাঁওবুঢ়াসকলক কৈছোঁ, তেওঁলোকে প্ৰাৰ্থীজনক বুজাই বহাই দিয়ক৷ উল্লেখ্য, বিৰোধী শিবিৰৰ যি ৬জন প্ৰাৰ্থীয়ে নিৰ্বাচনী যুঁজৰ পৰা আদবাটতে পলায়ন কৰি শাসকীয় পক্ষৰে গোপন বুজাবুজি কৰে সেইকেইজন প্ৰাৰ্থীয়ে নিজৰ নিজৰ মনোনয়ন-পত্ৰ প্ৰত্যাহাৰ কৰাৰ পাছতে বেংকক অভিমুখে ৰাওনা  হয় প্ৰমোদ ভ্ৰমণৰ উদ্দেশ্যেৰে৷ বেংককত দীঘলীয়াসময় অতিবাহিত কৰি তেওঁলোক বৰ্তমান ব্যস্ত গোৱাত৷ ইয়াৰে অৱশ্যে ২৩নং হাৰাংগাজাও সমষ্টিৰ পূৰ্বৰ প্ৰাৰ্থী পপিন হোজাই আগতীয়াকৈ প্ৰমোদ ভ্ৰমণৰ পৰা হাফলঙলৈ উভতি আহিছে৷ বৰ্তমান তেওঁ নতুনকৈ ক্ৰয় কৰা স্কৰপিঅ’ বাহন এখন লৈ ঘুৰা-ফুৰা কৰা কাৰ্যক কেন্দ্ৰ কৰি ৰহস্যৰ সৃষ্টি হৈছে৷ উল্লেখ্য, ডিমা হাচাও স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত কংগ্ৰেছ শিবিৰত মোক্ষম আঘাট হানি ছটা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থীয়ে প্ৰত্যাহাৰ কৰিছিল মনোনয়ন-পত্ৰ৷ যাৰ ফলত ৬টা সমষ্টিত বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয় বিজেপি দলৰ প্ৰাৰ্থী৷ জ্ঝনং মাইবং ইষ্টসমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী তাপছ থাউচেন আৰু ২০নং গুণজুন সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী জয়থং লাংমাইলায়ে প্ৰত্যাহাৰ কৰে নিজৰ প্ৰাৰ্থিত্ব৷ ফলত এই দুটা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী মনজয় লাংথাছা আৰু নজিৎ কেম্প্ৰাই বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয়৷ আনহাতে, মনোনয়ন-পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিনা ১০নং মাইবং ৱেষ্ট, ১২নং ৱাজাও, ২৩নং হাৰাংগাজাও আৰু ২৪নং হামৰি সমষ্টিৰ কংগ্ৰেছ আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে মনোনয়ন-পত্ৰ প্ৰত্যাহাৰ কৰে৷ কংগ্ৰেছ আৰু নিৰ্দলীয় প্ৰাৰ্থীৰ মনোনয়ন-পত্ৰ প্ৰত্যাহাৰৰ পাছত ১০নং মাইবং ৱেষ্ট সমষ্টিৰ বিজেপি প্ৰাৰ্থী তথা প্ৰাক্তন মুখ্য কাৰ্যবাহী জে’ল ফেৰৎ নেতা মোহিত হোজাই, ১২নং ৱাজাও সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী বিশ্বজিৎ দাউলাগপু, ২৩নং হাৰাংগাজাও সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী অমেন্দু হোজাই আৰু ২৪নং হামৰি সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী মনজিৎ লাংথাছা বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয়৷ এই ছজন প্ৰাৰ্থীয়ে নিজৰ নিজৰ মনোনয়ন-পত্ৰ প্ৰত্যাহাৰ কৰি বিদেশলৈ ৰাওনা হোৱাৰ বিপৰীতে বিৰোধী শিবিৰৰ অন্য একাংশ প্ৰাৰ্থীৰো নিৰ্বাচনী প্ৰচাৰৰ গুৰুত্ব আৰু তৎপৰতাক লৈ ৰহস্যৰ সৃষ্টি হৈছে৷ এনে বহু প্ৰাৰ্থীয়ে নিজৰ নিজৰ নিৰ্বাচনী প্ৰচাৰ একেবাৰে সীমিত কৰি পেলাইছে৷ আনকি বহু প্ৰাৰ্থীক এতিয়া নিৰ্বাচনী প্ৰচাৰত দেখিবলৈ পোৱাটো দুৰূহ হৈ পৰিছে৷