Logo
image

পুল্লৰীৰ মৃত্যু সুৰা নহয়, বাৰত ড্ৰাগ্‌ সেৱনৰ সন্দেহ আৰক্ষীৰ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৭ জানুৱাৰীঃ নৱবৰ্ষৰ উদ্‌যাপনৰ নামত গুৱাহাটীৰ পাব বাৰত চলিছিল নেকি ড্ৰাগৰ পাৰ্টী৷ আই আই টি গুৱাহাটীৰ এগৰাকী ছাত্ৰীৰ মহানগৰীৰ হোটেল চিটী পেলেচত মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতেহএই প্ৰশ্নৰ উদয় ঘটিছে৷ কিয়নো ৩১ ডিচেম্বৰৰ নিশা গুৱাহাটীৰ ৰুদ্ৰাক্ষ মলৰ এক্সোৰ’ পাবত পাৰ্টী কৰা তেলেংগানাৰ পুল্লৰী ঐশ্বৰ্য্য নামৰ ছাত্ৰীগৰাকীৰ পিছদিনা হোটেল চিটী পেলেচত মৃত্যু হোৱাৰ ঘটনাৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনে এই সন্দেহ দুুগুণলৈ বৃদ্ধি কৰিছে৷ আইআইটি গুৱাহাটীৰ ইলেক্ট্ৰনিকছ বিভাগৰ ছাত্ৰীগৰাকীৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত ছাত্ৰীগৰাকীয়ে সুৰাপান কৰা নাছিল বুলি প্ৰকাশ পাইছে৷ কিন্তু হোটেল কতৃৰ্পক্ষই নিচাসক্ত অৱস্থাত ছাত্ৰীগৰাকী হোটেললৈ অহা বুলি জানিবলৈ দিয়াত আৰক্ষীয়ে এক্সোৰ’ পাবত ছাত্ৰীগৰাকীয়ে পাৰ্টীত অত্যাধিক ড্ৰাগ সেৱন কৰাৰ সন্দেহ কৰিছে৷ অৱশ্যে ছাত্ৰীগৰাকীৰ ভিচাৰাৰ ফৰেনছিক প্ৰতিবেদনতহে এই কথা স্পষ্ট হ’ব যদিও তদন্তকাৰী আৰক্ষীয়ে ছাত্ৰীগৰাকীৰ ড্ৰাগৰ অভাৰডজৰ বাবেই মৃত্যু হোৱা বুলি প্ৰায় নিশ্চিত হৈছে৷ লক্ষণীয়ভাৱে আইআইটিৰ হোষ্টেলৰ গুৱাহাটীৰ পাবত উপস্থিত হোৱা ছাত্ৰীগৰাকীৰ সৈতে মৃত্যুৰ আগ মুহূৰ্তলৈ থকা আন তিনিজন সহপাঠীৰ স্বাস্থ্য পৰীক্ষাৰ প্ৰতিবেদন আৰক্ষীয়ে ৰাজহুৱা কৰিব নিবিচৰা কাৰ্যক লৈ ৰহস্যৰ সৃষ্টি হৈছে৷ সঁচাকৈয়ে যদি ছাত্ৰীগৰাকীয়ে থাৰ্টী ফাষ্টৰ্ৰ পাৰ্টীৰ ড্ৰাগ সেৱন কৰিছিল তেনেহ’লে ৰুদ্ৰাক্ষ মলৰ এক্সোৰ’ পাবলৈ ড্ৰাগ ক’ৰ পৰা আহিছিল তাক লৈ প্ৰশ্ন উত্থাপন হৈছে৷ গুৱাহাটীৰ আৰক্ষী আয়ুক্তই প্ৰতিখন বাৰ-পাবত ড্ৰাগৰ প্ৰচলনত শেন চকু ৰখা বুলি দাবী কৰি অহাৰ পাছতো ড্ৰাগৰ ক’লা বেহাই আৰক্ষীৰ গোপন মিতিৰালিৰ আন এক অধ্যায়ৰো যেন উন্মোচন কৰিছে৷