Logo
image

সভাত উপস্থিত যুৱতীৰ মুখত লিপ্‌ষ্টিক! নাৰাজ আজমল

‘আমাৰ অসম’ৰ বৰপেটাৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৮ জানুৱাৰীঃ ৰাজহুৱা সভাত পুনৰ বিতৰ্কিত মন্তব্য এ আই ইউ ডি এফৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমলৰ৷ অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কালত ২০-২৫ জানুৱাৰীলৈ মুছলমান লোকক ৰে’ল-বাছ আদিত ভ্ৰমণ নকৰিবলৈ কৈ সাম্প্ৰদায়িক মন্তব্য কৰা মৌলনা বদৰুদ্দিন আজমলে এইবাৰ মুছলমান ছাত্ৰীৰ ওঁঠত লিপ্‌ষ্টিক আৰু  মেকআপ দেখি খঙতে ৰাজহুৱাভাবে কৰিলে কেইবাটাও বিতৰ্কিত মন্তব্য৷ আজি বৰপেটা জিলাৰ কলগাছিয়াত আজমল চুপাৰ ৪০ৰ এটা শাখা মুকলি অনুষ্ঠানত উপস্থিত থকা বদৰুদ্দিন আজমলে ভাষণ আৰম্ভ কৰাৰ সময়তে মুছলমান ছাত্ৰীৰ ওঁঠত লিপষ্টিক আৰু মেকআপ দেখি খঙত ফাটি পৰে৷ খঙত অগ্নিশৰ্মা হৈ পৰা আজমলে ভাষণ নিদিও বুলি কৈ শিক্ষাৰ্থীসকলক আক্ৰমণৰ লক্ষ্য কৰি লয়৷ ছাত্ৰীসকলক উদ্দেশ্যি আজমলৰ প্ৰশ্ন– কিয় ছাত্ৰীসকলে ওঁঠত লিপষ্টিক লগাইছে? কিয় চিনেমাৰ দৰে মেকআপ কৰি আহিছে৷ এয়া শিক্ষানুষ্ঠানৰ সভা বুলি উল্লেখ কৰি আজমলে কয়, এয়া দুলহন বিচাৰি অহা সভা নহয়৷ ইয়াত তোমালোকে দুলহন বিচাৰি আহিছা নেকি বুলিও ছাত্ৰী শিক্ষাৰ্থীসকলক প্ৰশ্ন কৰে আজমলে৷ ইপিনে দেশজুৰি হিজাব বিতৰ্ক চলি থকাৰ সময়তে ৰাজহুৱা সভাত আজমলৰ মন্তব্য, বোৰ্খা নিপিন্ধিলেও মুছলমান ছোৱালীয়ে হিজাব পিন্ধিব লাগে৷ মেকআপ কৰা আৰু লিপষ্টিক লগোৱা ছোৱালীবোৰৰ চালচলন বেয়া হৈছে৷ এতিয়া মোবাইলৰ যুগত ল’ৰা-ছোৱালীৰ চাল-চলন সলনি হৈছে বুলি ৰাজহুৱাভাৱে কৈ আজমলে পিতৃ-মাতৃসকলক এই ক্ষেত্ৰত সন্তানৰ প্ৰতি চকু ৰাখিবলৈ উপদেশ দিয়ে৷ ইপিনে আজমল চুপাৰ ৪০ত কোচিং লৈ বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰু অন্যান্য চিকিৎসা মহাবিদ্যালয় হাস্পতালত অধ্যয়ন কৰি চিকিৎসক হোৱা মুছলমান ছাত্ৰসকলক আজমলৰ ৰাজহুৱা আহ্বান হিজাব নিপিন্ধা, দোপাত্তা নোলোৱা, লিপষ্টিক লগোৱা ছোৱালীক বিয়া নাপাতিবা৷ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক উপস্থিত থকা শিক্ষানুষ্ঠান উদ্বোধনী সভাত বদৰুদ্দিন আজমলৰ এনেবোৰ বিতৰ্কিত বক্তব্যই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷