Logo
image

১৭ জানুৱাৰীত গুৱাহাটীলৈ আহিব ইছৰোৰ অধ্যক্ষ এছ সোমনাথ

ডিজিটেল সংবাদ, গুৱাহাটীঃ প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ আমন্ত্ৰণ মৰ্মে ১৭ জানুৱাৰীত গুৱাহাটীলৈ আহিব চন্দ্ৰৰ দক্ষিণ গোলাৰ্ধত চন্দ্ৰযান-৩ ৰ সফল অৱতৰণ কৰোৱা বিজ্ঞানী দলৰ প্ৰমুখ বিজ্ঞানী তথা ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ অধ্যক্ষ ডঃ শ্ৰীধৰ পানিকাৰ সোমনাথ। উক্ত দিনা প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ে আয়োজন কৰা সম্বৰ্ধনা আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত-বিনিময় অনুষ্ঠানত আন্তৰ্জাতিক খ্যাতিসম্পন্ন বিজ্ঞানীগৰাকীয়ে অংশগ্ৰহণ কৰিব। নতুনকৈ স্থাপন কৰা গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই চন্দ্ৰযান-৩ৰ সফলতাৰ বিজয় উৎসৱ তথা শেহতীয়াকৈ ইছৰোৰ দ্বাৰা আদিত্য এল-১ ৰ সূৰ্যমুখী অভিযান উপলক্ষে এক বিশেষ অনুষ্ঠানৰো আয়োজন কৰিছে। সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক সংবাদ মেলত এই কথা সদৰি কৰে প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক ডঃ যোগেশ কাকতিয়ে ৷ 

উল্লেখ্য যে শংকৰদেৱ শিক্ষা আৰু গৱেষণা ন্যাসৰ দ্বাৰা স্থাপন  কৰা আৰু  ২০২৩ বৰ্ষৰ পৰা স্নাতক শ্ৰেণীৰে শিক্ষাৰম্ভ কৰা প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ে ২০২৪ -২৫ বৰ্ষৰ পৰা নিৰ্ধাৰিত সকলো বিষয়তে স্নাতক, স্নাতকোত্তৰ আৰু পি এইচ ডি পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিছে ৷ অহা শিক্ষাবৰ্ষৰ পৰা মূলকেন্দ্ৰ চন্দ্ৰপুৰৰ হাজংবৰীত স্থায়ীভাৱে শিক্ষাদান আৰম্ভ হ'বলগীয়া বিশ্ববিদ্যালয়খনে সম্প্ৰতি গুৱাহাটীৰ গীতানগৰস্থিত মহানগৰ চৌহদত পাঠদান অব্যাহত ৰাখিছে ৷ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত ১৭ জানুৱাৰীৰ বিয়লি তিনি বজাত অনুষ্ঠিত হবলগীয়া সম্বৰ্ধনা সভাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত-বিনিময় অনুষ্ঠানত মূলত উচ্চতৰ মাধ্যমিক শিক্ষান্ত বৰ্ষ আৰু স্নাতক চূড়ান্ত বৰ্ষৰ বিদ্যাৰ্থীক প্ৰমুখ্য কৰি আয়োজন কৰা অনুষ্ঠানত সকলো শাখাৰ বিদ্যাৰ্থীয়ে অংশগ্ৰহণ কৰিব পাৰিব। বন্তি প্ৰজ্জ্বলন আৰু শিল্পী দিৱস উপলক্ষে মহান শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণেৰে শুভাৰম্ভ হ'বলগীয়া অনুষ্ঠানত উপস্থিত থাকিবলৈ আগতীয়াকৈ পঞ্জীয়ন কৰিব লাগিব ৷ ইয়াৰ বাবে বিশ্ববিদ্যালয়ৰ ৱেবচাইটত ইতিমধ্যে গুগ'ল ফৰমেট বিশ্ববিদ্যালয় কৰ্তৃপক্ষই মুকলি কৰি দিছে ৷ ইচ্ছুক ছাত্ৰ-ছাত্ৰীয়ে অহা ৯ জানুৱাৰীৰ পূৰ্বে সময়ৰ উক্ত গুগ'ল ফৰ্মত আগতীয়াকৈ নিজৰ নাম পঞ্জীয়ন কৰি প্ৰমুখ বিজ্ঞানীগৰাকীৰ সান্নিধ্যৰ সুযোগ লাভ কৰিব পাৰিব । সংবাদ মেলত  বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক স্মৃতিকুমাৰ সিংহ, আয়োজক সমিতিৰ সভাপতি অধ্যাপক পৰিমল চন্দ্ৰ ভট্টাচাৰ্য, বিশ্ববিদ্যালয় পৰিচালনা সমিতিৰ সদস্য ড০ জগদীন্দ্ৰ ৰায়চৌধুৰীয়েও কাৰ্যসূচী সন্দৰ্ভত বক্তব্য দাঙি ধৰে। বিশ্ববিদ্যাল়য়ৰ পঞ্জীয়ক অধ্যাপক যোগেশ কাকতিয়ে সংবাদদাতা সকলক জানিবলৈ দিছে ৷ 

আনহাতে অনুষ্ঠানৰ মিডিয়া প্ৰভাৰী শৈলেন্দ্ৰ পাণ্ডেই পৰিচালনা কৰা সংবাদ মেলত প্ৰচাৰ বিভাগৰ দায়িত্বত থকা লালজী সোণাৰী আৰু মুকুটেশ্বৰ গোস্বামী, জনসংযোগ বিষয়া কংকন গোস্বামী উপস্থিত থাকে।