Logo
image

নলবাৰীত অগপৰ বৃহৎ বুথ কৰ্মী সন্মিলন, লোকসভাত অগপৰ প্ৰতিনিধিত্ব নিশ্চিত বুলি ঘোষণা অতুল বৰাৰ

ডিজিটেল সংবাদ, নলবাৰীঃ অসম গণ পৰিষদ দলৰ দলীয় কৰ্মীসকলৰ ব্যাপক উৎসাহ- উদ্দীপনাৰ মাজেৰে ২০ সহস্ৰাধিক দলীয় কৰ্মীৰ উপস্থিতত সোমবাৰে অসম গণ পৰিষদৰ বৰপেটা লোকসভা সমষ্টিৰ বুথ কৰ্মী সন্মিলন নলবাৰী চহৰৰ মুকুন্দ কাকতি বাছ আস্থান খেলপথাৰত অনুষ্ঠিত হয়। সন্মিলনৰ আৰম্ভনিতে দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা আৰু কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তৰ লগতে কেন্দ্ৰীয় নেতৃত্বক ঘগ্ৰাপাৰৰপৰা নলবাৰী চহৰলৈ সহস্ৰাধিক মটৰ চাইকেল সমদলৰে আদৰি অনা হয়। সন্মিলনখনিত সভাপতি অতুল বৰাই ২০২৪ বৰ্ষক অসম গণ পৰিষদৰ অধিক ৰাজনৈতিক শক্তি বৃদ্ধিৰ বৰ্ষ হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনায়। 

দলৰ নিষ্ঠাৱান কৰ্মকৰ্তাসকলে দেখুওৱা উৎসাহ আৰু অকুণ্ঠ সঁহাৰিত অভিভূত হৈ সভাপতি বৰাই কয় যে অগপই ১৯৮৫ চনৰ পৰা ধৰি অহা আঞ্চলিকতাবাদৰ ধ্বজাখন এতিয়া নতুনকৈ অধিক বিস্তাৰিত আৰু অধিক সুদৃঢ় কৰাৰ সময় আহি পৰিছে। কৰ্মকৰ্তাসকলক নিজৰ মনোবল বৃদ্ধি কৰি আৰু সক্ৰিয়তাৰে আগন্তুক লোকসভাকে ধৰি সকলো নিৰ্বাচনী যুঁজৰ বাবে পূৰ্ণপ্ৰস্তুতি চলাবলৈ আহ্বান জনায়। লগতে তেওঁ কয় যে বুথসমূহ কৰ্মকৰ্তাসকলৰ বাবে ৰাজনৈতিক ঠিকনা, বুথ শক্তিশালী হ'লেহে দল শক্তিশালী হ'ব আৰু সেয়েহে সুখে-দুখে ৰাইজৰ সৈতে থাকি তৃণমূলত জনসংযোগ বৃদ্ধিৰে সাংগঠনিক ভেটি মজবুত কৰিব লাগিব। সভাপতি বৰাই কংগ্ৰেছ, এ আই ইউ ডি এফ একেটা মুদ্ৰাৰ ইপিঠি-সিপিঠি আৰু দুইটাই অসমৰ জাতীয় জীৱনৰ বাবে চিৰশত্ৰু বুলি কৈ অসমৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে এই দলসমূহক ৰোধ কৰিবই লাগিব বুলি দৃঢ়তাৰে কয়। তাৰ বাবে অগপৰ কৰ্মকৰ্তাসকলক একত্ৰিতভাৱে তৃণমূল পৰ্যায়ত দলীয় কাম-কাজ তীব্ৰতৰ কৰিবলৈ সভাত আহ্বান জনায়। বৰাই এই লোকসভা নিৰ্বাচনৰ জৰিয়তে দলে লোকসভাত প্ৰতিনিধিত্ব নিশ্চিত কৰিব বুলিও ঘোষণা কৰাৰ লগতে মিত্ৰজোঁটক সৰ্বতোপ্ৰকাৰে সহযোগ তথা সমৰ্থন জনাবলৈ ৰাইজক আহ্বান জনায়। 

সন্মিলনত দলৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই কয় যে, অসম গণ পৰিষদৰ সৈতে সম্পৃক্ত হৈ আছে প্ৰতিগৰাকী অসমীয়াৰ প্ৰাণৰ স্পন্দন, অসম গণ পৰিষদ শক্তিশালী হোৱা মানেই জাতীয় স্বাৰ্থ সুৰক্ষিত হোৱা, খিলঞ্জীয়া জনগণৰ অধিকাৰ সুনিশ্চিত হোৱা৷ কাৰ্য্যকৰী সভাপতি মহন্তই লগতে কয় যে সমাগত লোকসভা নিৰ্বাচনত বিৰোধীক পৰাভূত কৰি মিত্ৰজোঁটৰ বিজয় ৰথ অপ্ৰতিৰোধ্য কৰাৰ বাবে কৰ্মীসকলে পূৰ্ণোদ্যমেৰে আত্মনিয়োগ কৰিব লাগিব ৷ দলটো শক্তিশালী কৰাৰ বাবে বুথসমূহ পূৰ্ণ সক্ৰিয় কৰি জনসম্পৰ্ক বৃদ্ধি কৰিবলৈয়ো কাৰ্যকৰী সভাপতিগৰাকীয়ে কৰ্মীসকলক আহ্বান জনায়। সন্মিলনত দলৰ জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰী, উপ-সভাপতি কুমাৰ দীপক দাস, আক্ৰাম হুছেইন, সুনীল ডেকা, ড০ ৰঞ্জিত ডেকা, ডা০ তাৰা প্ৰসাদ দাস, সাধাৰণ সম্পাদক বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, ডা০ কমলাকান্ত কলিতা, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, ভূপেন ৰায়, মনোজ শইকীয়া, প্ৰবীন হাজৰিকা, সত্যব্ৰত কলিতা, নুৰুল হুছেইন, সম্পাদক চিত্তৰঞ্জন বৰ্মন, দিলীপ কুমাৰ দাস, সম্পাদক প্ৰচাৰ ড০ তপন দাস, প্ৰাক্তন বিধায়ক গুণীন্দ্ৰ নাথ দাস, প্ৰাক্তন বিধায়ক ড০ মনোৰঞ্জন দাস, ধৰ্মেশ্বৰ ৰয় প্ৰমুখ্যে কেন্দ্ৰীয় সমিতিৰ বিভিন্ন দায়িত্বত থকা বিষয়ববীয়াসকল, অগপৰ বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত জিলা, বিধানসভা, মণ্ডল আৰু আঞ্চলিক সমিতিসমূহৰ বিষয়ববীয়াসকল, দলৰ কেউটা ভাতৃ-ভগ্নী সংগঠনৰ সভাপতি, সভানেত্ৰী আৰু বিষয়ববীয়াসকল, বুথ সমিতিৰ সভাপতিসকল আৰু কৰ্মকৰ্তাসকল উপস্থিত থাকে।কৰ্মী সন্মিলনৰ আৰম্ভণিতে জাতীয় শ্বহীদৰ পৰিয়ালবৰ্গক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সন্মিলনত উদ্দেশ্য বাখ্যা কৰে সাধাৰণ সম্পাদক ভূপেন ৰায়ে।