Logo
image

লখিমপুৰত কেবিনেটৰ দিনাই পাবহি ৰাহুলো

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৯ জানুৱাৰীঃ লখিমপুৰত কেবিনেটৰ দিনাই অৰ্থাৎ ১৮ জানুৱাৰীত অসমত উপস্থিত হ’ব কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা ৰাহুল গান্ধী৷ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ শীৰ্ষক পদযাত্ৰা উলিয়াবলৈ অসমত উপস্থিত হ’ব কংগ্ৰেছৰ অন্যতম শীৰ্ষ নেতাজন৷ উল্লেখ্য, ১৪ জানুৱাৰীৰ পৰা ২৫ জানুৱাৰীলৈ অসম তথা উত্তৰ-পূৰ্বাঞ্চলত কংগ্ৰেছ দলে ৰাষ্ট্ৰীয় নেতা ৰাহুল গান্ধীৰ নেতৃত্বত আৰম্ভ কৰিব ভাৰত জোড়ো ন্যায় যাত্ৰা৷  কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা ৰাহুল গান্ধীৰ নেতৃত্বত অহা ১৪ জানুৱাৰীৰ পৰা মনিপুৰৰ পৰা এই   যাত্ৰাৰ শুভাৰম্ভ কৰা হ’ব৷ ১৮ জানুৱাৰীত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন কেবিনেটৰ বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে৷  ৰাহুল গান্ধীৰ নেতৃত্বত ২৫ জানুৱাৰীলৈ অসমত ভাৰত জোড়ো ন্যায় যাত্ৰা অব্যাহত ৰাখিব৷ অসমত উজনি অসমৰ লগতে নামনি অসমৰ মুঠ ১৭খন জিলাত এই যাত্ৰা কৰিব৷  ৰাহুল গান্ধীয়ে মুঠ ৮৩৩ কিলোমিটাৰ যাত্ৰা কৰিব৷  ৯ জানুৱাৰীত গুৱাহাটীত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক [ সাংগঠনিক] কে চি বেণুগোপাল আৰু অসমৰ তত্ত্বাবধায়ক জীতেন্দ্ৰ সিঙে উপস্থিত হ’ব৷ ন্যায় যাত্ৰাৰ বাবে ২৫খন উপ সমিতি গঠন কৰা হ’ব৷ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক [সাংগঠনিক] কে চি বেণুগোপাল আৰু অসমৰ তত্ত্বাবধায়ক জীতেন্দ্ৰ সিঙৰ উপস্থিতিত সভা অনুষ্ঠিত কৰি এই উপ সমিতি গঠন কৰা হ’ব৷  ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা প্ৰসংগত কটাক্ষ কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই৷ তেওঁ কয়– অন্যায় কৰি ন্যায় যাত্ৰা প্ৰহাৰ কৰি ক্ষমা বিচৰাৰ দৰে৷ কংগ্ৰেছে নিজে অন্যায়, ভ্ৰষ্টাচাৰ কৰি কৰি এতিয়া ন্যায় বিচাৰিছে৷ কংগ্ৰেছৰ দিনত কিমান ‘ঘোটালা’ আছিল অসমৰ প্ৰতিজন লোকে জানে৷

ৰাহুল গান্ধী এজন ৰাজনৈতিক পৰ্যটকঃ মাৰ্ঘেৰিটা

‘আমাৰ অসম’ৰ তেজপুৰৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ ‘কংগ্ৰেছ নেতা ৰাহুল গান্ধী এজন ৰাজনৈতিক পৰ্যটক৷ নিৰ্বাচন আহিলে কংগ্ৰেছে অসমলৈ মনত পেলায়৷’– এই মন্তব্য ৰাজ্যসভাৰ বিজেপি সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ৷ তেজপুৰত এক অনুষ্ঠানত অংশলোৱা সাংসদ মাৰ্ঘেৰিটাই সংবাদমাধ্যমৰ আগত কয়– অসমলৈ ৰাহুল গান্ধী আহিব, আমি তেওঁক স্বাগতম জনাম কাৰণ গান্ধীৰ পৰিয়ালে হওক বা কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই নিৰ্বাচনৰ সময়ত বা অন্য ডাঙৰ ঘটনা হ’লে ৰাজনৈতিক পৰ্যটক হিচাবে অসমলৈ আহে৷ বৰ্তমান অসমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত পাঁচশ শতাংশ পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে৷ ৰাহুল গান্ধীক আমিও সুধিম যে কোনটো ন্যায়ৰ কথা তেওঁ কৈছে৷ ১৯৭৯ ৰ পৰা ১৯৮৫ লৈ কংগ্ৰেছৰ নেতৃত্বত ৮৫৬জন লোকক গুলীয়াই হত্যা কৰা হৈছিল৷ সেইটো ন্যায় লাগে, ভাৰতৰ অভিন্ন অংগ মিজোৰামত জাহাজৰে বোমা পেলোৱা হৈছিল, সেইটো ন্যায় লাগে নে বি টি এ ডি ত কংগ্ৰেছৰ দিনত গোষ্টীগত সংঘৰ্ষ হোৱাৰ ন্যায় লাগে৷ ইয়াৰ উপৰি ৰাহুল গান্ধীৰ ককা জৱাহৰলাল নেহৰুৱে চীনা আক্ৰমণৰ সময়ত অসমক এৰি দিছিল যে তাৰ ন্যায় লাগে৷ ৰাহুল গান্ধীয়ে অসমলৈ আহিবলৈ লাজ কৰিব লাগে কাৰণ ভাৰত জোড়ো যাত্ৰাৰ বিষয়ে সামাজিক মাধ্যমত লিখি ৰাহুল গান্ধীয়ে কাশ্মীৰৰ পৰা কন্যাকুমাৰী লৈ আৰু গুজৰাটৰ পৰা পশ্চিম বংগলৈহে লিখিছিল৷ পশ্চিম বংগৰ পিছত যে উত্তৰ পূৰ্বাঞ্চলৰ সাতখন ৰাজ্য আছে সেই কথা গান্ধীয়ে নাজানে ৷ আনহাতে সাংসদ বদৰুদ্দিন আজমলৰ কথা কোনো মুছলমান ধৰ্মৰ লোকে নুশুনে আৰু তেওঁৰ কথাত গুৰুত্ব দিয়াৰো প্ৰয়োজন নাই৷ অহা লোকসভা নিৰ্বাচনত বিজেপি য়ে ৰাজ্যৰ ১২খন আসন লাভ কৰিব বুলিও তেওঁ মন্তব্য কৰে৷

এইবাৰ বিজেপিৰ চোতাল বৈঠক

‘আমাৰ অসম’ৰ ৰঙিয়াৰ বিশেষ প্ৰতিবেদকঃ টিফিন বৈঠকৰ পাছত এইবাৰ প্ৰদেশ বিজেপিয়ে অনুষ্ঠিত কৰিব চোতাল বৈঠক৷ প্ৰতিটো ভোটাৰ তালিকাৰ পৃষ্ঠাৰ প্ৰমুখকলৈ অনুষ্ঠিত হ’ব এই চোতাল বৈঠক৷ ইয়াৰ বাবে বিধানসভা ভিত্তিত বিজেপিয়ে গঠন কৰিছে ৩জনীয়া সমিতি৷ এই বৈঠকৰ মূল উদ্দেশ্য হ’ল ভোটাৰৰ চোতালে চোতালে গৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপক্ষে  ভোট ভিক্ষা কৰা, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ আঁচনিসমূহ জনসাধাৰণৰ সন্মুখত তুলি ধৰা৷ উল্লেখ্য, আগন্তুক লোকসভা নিৰ্বাচনত ৰাজ্যিক বিজেপি কেনেদৰে আগবাঢ়িব এই সন্দৰ্ভত ৰূপ ৰেখা প্ৰস্তুতিৰ বাবে ৰাজ্যিক বিজেপিয়ে ধাৰাবাহিকভাৱে অনুষ্ঠিত কৰিছে বৈঠক৷ ৰাজ্যিক বিজেপিয়ে লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্যৰাখি চোতাল বৈঠককে ধৰি ৭০ দিনীয়া বিশেষ কৰ্মসূচী প্ৰস্তুত কৰি উলিওৱা বুলি জানিব পৰা গৈছে৷ সোমবাৰে ৰঙিয়াত ৮টা মৰ্চাৰে বৈঠকত বহে ৰাজ্যিক নেতৃত্ব৷ কাৰ্যতঃ ‘টিছৰী বাৰ মোদী চৰকাৰ, অব কি বাৰ ৪০০ পাৰ [ চাৰচ’] পাৰ’৷  এই শ্লোগানৰেই নিৰ্বাচনৰ সাজু হৈছে বিজেপি দল৷ ‘থাকিব নালাগিব সুৰুঙা৷ বিৰোধিক দিয়া নহব কোনো সুযোগ৷’ এই বাৰ্তাৰেই ৰঙিয়াৰ হৰদত্ত-বীৰদত্ত ভৱনত অনুষ্ঠিত সংযুক্ত সন্মিলনত নিৰ্বাচনৰ বাবে সাজু কৰিছে বিজেপিৰ ৮টাকৈ মৰ্চা৷ লগতে তৈয়াৰ হৈছে সত্তৰ দিনীয়া কৰ্মসূচীৰ ৰূপৰেখা৷  যুৱ ভোটাৰক আকৰ্ষিত কৰিবলৈ যুৱ মৰ্চাৰ নেতৃত্বত ২৪ জানুৱাৰীৰ পৰা নৱ ভোটাৰ সন্মিলন অনুষ্ঠিত হ’ব৷ ইফালে মহিলা মৰ্চাৰ নেতৃত্বত বিধানসভা সমষ্টি ভিত্তিক হব হিতাধিকাৰী সন্মিলন৷ এই আঁচনিৰ বাৰ্তা লৈ মহিলা ভোটাৰৰ মাজলৈ যাব মহিলা মৰ্চা৷ কেবল সেয়াই নহয় মহিলা মৰ্চাই স্থাপন কৰিব চেল্‌ফি পইণ্ট৷ ইয়াৰোপৰিও বিজেপি দলটোৱে গাঁৱৰ চোতালে চোতালে বৈঠক অনুষ্ঠিত কৰিব৷ বহিব বিজেপিৰ বৈঠক৷ ভোটাৰ তালিকাৰ পৃষ্ঠা প্ৰমুখকলৈ হবলগীয়া এই বৈঠকক নাম দিয়া হৈছে চোতাল বৈঠক হিচাবে৷ মুঠৰ ওপৰত নিৰ্বাচনৰ বাবে সাজু হৈছে গেৰুৱা বাহিনী৷ ইয়াৰ লগে লগে ৯ জানুৱাৰীত অনুষ্ঠিত হ’ব বৰ্ধিত বিষয়ববীয়া বৈঠক৷ লগতে ১০ জানুৱাৰীত ৰাজ্যিক কাৰ্যনিবাহক আৰু ১১ জানুৱাৰীত অনুষ্ঠিত হব বিজেপিৰ নিৰ্বাচনী পৰিকল্পনা সমিতিৰ বৈঠক৷ আজি প্ৰতিটো মৰ্চাক দায়িত্ব দি ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই আগন্তুক নিৰ্বাচনত মোডী ডাঙৰীয়াই পুনৰ চৰকাৰ গঠন কৰিব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে৷ আজিৰ সন্মিলনত পল্লৱ লোচন দাসকে ধৰি প্ৰতিটো মৰ্চাৰ বিষয় ববীয়া উপস্থিত থাকে৷