Logo
image

যান-বাহন নিয়ন্ত্ৰণ আইন কঠোৰভাৱে পালন কৰা হয়নে

নতুন বছৰৰ তৃতীয় দিনটোতে দেৰগাঁৱৰ বালিজানত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাটোত ১২জনকৈ লোকৰ মৃত্যু হোৱা ঘটনাৰ পাছত সৰ্বসাধাৰণৰ মনত স্বাভাৱিকতে ক্ৰিয়া কৰা প্ৰশ্নটো হৈছে– ৰাজ্যখনত যান-বাহন নিয়ম কিমান কঠোৰভাৱে পালন কৰা হয়৷ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, দেৰগাঁৱত দুৰ্ঘটনাগ্ৰস্ত দুয়োখন বাহনৰে বীমা নাছিল৷ আনহাতে, বাছখনৰ ফিটনেছো উকলিছিল৷ কেৱল সেয়াই নহয়, বাছখনৰ স্বত্বাধিকাৰী নগাঁৱৰ নৱজ্যোতি ভৰদ্বাজ আছিল যদিও ২০১৮ চনত তেওঁ বিপিন দত্ত নামৰ আন এজনক বাছখন বিক্ৰী কৰিছিল৷ কিন্তু বেংকৰ ঋণ থকাৰ বাবে দত্তৰ নামত বাছখনৰ পঞ্জীয়ন কৰোৱা হোৱা নাছিল৷ দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ লগতে মালবাহী ট্ৰাকখনৰ গৰাকীয়ে যান-বাহন আইন মানি নচলাকৈ দীৰ্ঘদিন কেনেদৰে ৰাজপথত তেওঁলোকৰ বাহন চলাই আছিল, সেয়া এটা ডাঙৰ প্ৰশ্ন৷ এনেধৰণৰ ঘটনাবোৰে এটা কথা প্ৰতীয়মান কৰে যে চৰকাৰে কঠোৰ আইন বলৱৎ কৰিলেও এচাম প্ৰভাৱশালী চৰকাৰী আমোলা-বিষয়াৰ আশিসধন্য লোকে এনে নিয়ম উলংঘা কৰিও অবাধে ৰাজপথত বাহন চলাচল অব্যাহত ৰাখিব পাৰে আৰু তাৰ ফলত সদায় ভুক্তভোগী হ’বলগীয়া হয় সৰ্বসাধাৰণ ৰাইজ৷ শেহতীয়াভাৱে অসমত চৰকাৰে যান-বাহন আইন যথেষ্ট কঠোৰ কৰা দেখা গৈছে৷ আইন উলংঘাকাৰীক ধৰা পেলোৱাৰ বাবে নিৰ্দিষ্ট কেতবোৰ স্থানত চি চি কেমেৰাৰো ব্যৱস্থা কৰা হৈছে৷ চৰকাৰৰ তথ্যতে প্ৰকাশ যে বিগত বছৰটোত যান-বাহন আইন উলংঘা কৰা লোকৰ পৰা অভিলেখসংখ্যক জৰিমনা সংগ্ৰহ কৰা হৈছে৷ ইয়াৰ অৰ্থ হৈছে চৰকাৰৰ নিৰ্দেশনাক অংগুষ্ঠ প্ৰদৰ্শন কৰি এচাম লোকৰ ৰাজপথক প্ৰতিযোগিতাৰ থলীলৈ ৰূপান্তৰ কৰাৰ মানসিকতা বৃদ্ধি পাইছে৷

অসমৰ বিভিন্ন স্থানত বৰ্তমান ৰাষ্ট্ৰীয় পথ ফ’ৰলেন কৰাৰ কাম চলি আছে৷ নিৰ্মাণকাৰ্য চলি থকাৰ বাবে কোনো কোনো ঠাইত ছিংগল ট্ৰেকত দুয়োফালৰ যান-বাহনৰ আহ-যাহ চলাবলগীয়া হয়৷ নিৰ্দিষ্ট পথ নিৰ্দেশনা নথকাৰ বাবে চালকো বিবুধিত পৰিবলগীয়া হয় আৰু সেয়াও দুৰ্ঘটনাৰ কাৰণ হ’ব পাৰে৷ সেয়ে যি স্থানত ডাইভাৰছন থাকে অথবা আগলৈ পথ বন্ধ থাকে, তেনে স্থানত চালকে দূৰৈৰ পৰা দেখা পোৱাকৈ কাঁড় চিনৰ ব্যৱস্থা থাকিব লাগে, যিটো অসমৰ ভালেমান ৰাজপথত দেখা নাযায়৷ এইক্ষেত্ৰত পৰিবহণ বিভাগো সতৰ্ক হোৱা দৰকাৰ৷ এটা কথা অৱশ্যে অনস্বীকাৰ্য যে অসমত বিগত সময়ছোৱাত অধিকাংশ পথ দুৰ্ঘটনাই চালকৰ ভুলৰ বাবে সংঘটিত হৈছে৷ সেয়েহে দুৰ্ঘটনা সংঘটিত কৰা চালকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা উচিত৷ সেইবাবেই কেন্দ্ৰীয় চৰকাৰে নতুনকৈ প্ৰৱৰ্তন কৰা ‘হিট এণ্ড ৰান’ গোচৰৰ ক্ষেত্ৰত চালকক সৰ্বোচ্ছ ১০ বছৰ কাৰাদণ্ড আৰু ৭ লাখ টকা জৰিমনাৰ শাস্তিৰ বিধানক বহুতেই সমৰ্থন জনাইছে৷ কিন্তু চৰকাৰৰ এই নিয়মৰ বিৰুদ্ধে আন্দোলন কৰাৰ হুমকি দিছে মটৰ শ্ৰমিকসকলে৷ চৰকাৰক প্ৰত্যাহ্বান জনোৱাসকলে এটা কথা মনত ৰখা উচিত যে যান-বাহন চলোৱাত সতৰ্ক হ’লে, নিয়ম-নীতি মানি চলিলে দুৰ্ঘটনাৰ সংখ্যাও হ্ৰাস পাব৷ তেওঁলোকে এটা কথা উপলব্ধি কৰা উচিত যে বাছেই হওক বা আন কোনো যাত্ৰীবাহী বাহনেই, চালকজনৰ ওপৰতে যাত্ৰীসকলৰ জীৱন নিৰ্ভৰ কৰে৷ সেই কথা চালকে কেতিয়াও আওকাণ কৰিব নোৱাৰে৷ দুৰ্ঘটনা সংঘটিত কৰা চালকক জৰিমনা আৰু কাৰাদণ্ড বিহাৰ লগতে এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত একাধিকবাৰ দুৰ্ঘটনা সংঘটিত কৰা চালকৰ অনুজ্ঞাপত্ৰ বাতিল কৰাৰ ব্যৱস্থা কৰিলেও সুফল পোৱা যাব৷

দুৰ্ঘটনা সংঘটিত কৰা চালকৰ বিৰুদ্ধে চৰকাৰৰ শেহতীয়া কঠোৰ স্থিতিক বহুতেই সমৰ্থন জনাইছে৷ কিন্তু চাৰিচকীয়া বাহনৰ লগতে দুচকীয়া বাহনৰ উদণ্ড চালকৰ বিৰুদ্ধেও কঠোৰ আইন প্ৰণয়নৰ প্ৰয়োজনীয়তা আছে৷ এইক্ষেত্ৰত গুৱাহাটীৰ কথাকেই উল্লেখ কৰিব পাৰি৷ নিশা দহ বাজিল নে নাই, এচাম বাইকাৰ্ছে ৰাজপথ ৰেচিং ট্ৰেকৰ দৰে ব্যৱহাৰ কৰাটো প্ৰায়েই দৃষ্টিগোচৰ হয়৷ ফলত পথচাৰীৰ লগতে আন বাহন চালকসকল ভীতিগ্ৰস্ত হ’বলগীয়া হয়৷ গুৱাহাটীৰ ট্ৰেফিক ছিগনেল পইণ্টবোৰত চি চি কেমেৰা স্থাপন কৰাৰ পাছতো এনেবোৰ ঘটনা কেনেদৰে সংঘটিত হয়? নে কেমেৰাৰ ফুটেজ নিয়মিত পৰীক্ষা কৰা নহয়? যদি নহয়, তেন্তে কেমেৰা লগোৱাৰ অৰ্থই ক’ত? নিয়ম-নীতিক ভেঙুচালি কৰি এইদৰে মইমতালি চলোৱা উদণ্ড ৰাইডাৰ্ছবোৰৰ বিৰুদ্ধে ব্যৱস্থা লোৱা নহ’লে স্বাভাৱিকতে  সকলোৱে ভাবিবলৈ বাধ্য হ’ব– চৰকাৰৰ যান-বাহন নিয়ন্ত্ৰণ আইন প্ৰকৃততে কাৰ বাবে?