Logo
image

ৰণসজ্জা আৰম্ভ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১০ জানুৱাৰীঃ ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ প্ৰস্তুতিয়ে পূৰ্ণতা পোৱাৰ সমান্তৰালভাৱে শাসকীয় দল বিজেপিয়েও আৰম্ভ কৰিছে ৰণসজ্জা৷ অৰ্থাৎ ২০২৪ চনৰ লোকসভা নিৰ্বাচনক লৈ কাৰ্যতঃ শাসক-বিৰোধীয়ে অসমত আৰম্ভ কৰি দিলে ৰণসজ্জা৷ মঙলবাৰে নিশা গুৱাহাটীত উপস্থিত হয় বিজেপিৰ ৰাজ্যিক সভাপতি জেপি নাড্ডা৷ কাইলৈ বুধবাৰে পুৱা তেঁও গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’বলগীয়া বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকত ভাগ ল’ব৷ ১১ জানুৱাৰীত দলীয় কাৰ্যসূচীত ভাগ লৈ অৰুণাচল অভিমুখে ৰাওনা হ’ব৷  বিহুৰ পাছত  অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ৷ তেওঁ ২০ জানুৱাৰীত গুৱাহাটীত এক প্ৰকল্পৰ শুভাৰম্ভ অনুষ্ঠানত ভাগ ল’ব৷ ইতিমধ্যে কংগ্ৰেছৰ শীৰ্ষ নেতা কেচি বেনুগোপাল ইতিমধ্যে গুৱাহাটীত উপস্থিত হৈছে৷ ৰাহুল গান্ধীৰ নেতৃত্বত অসম তথা উত্তৰ পূৰ্বাঞ্চলত আৰম্ভ কৰিবলগীয়া ভাৰত জোড়ো ন্যায় যাত্ৰাৰ প্ৰস্তুতি তুংগত উঠিছে৷  কংগ্ৰেছৰ ‘যুৱৰাজ’জনৰ নেতৃত্বত ওলাব লগীয়া ভাৰত জোড়ো ন্যায় যাত্ৰা সফল কৰি তুলিবলৈ মঙলবাৰে নিচেই পুৱাতে অনুষ্ঠিত কৰা হৈছে প্ৰস্তুতি কমিটীৰ বৈঠক৷ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা কেচি বেনুগোপাল, জিতেন্দ্ৰ সিং, কানহায়া কুমাৰ, লীলজি দেশাই, মহিমা সিং, পৃথিৱীৰাজ সাথে,  বিকাশ উপাধ্যায়, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেবব্ৰত শইকীয়া, সাংসদ গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈ, আব্দুল খালেক আদিয়ে ভাগ লয় ভাৰত জোড়ো ন্যায় যাত্ৰাৰ প্ৰস্তুতি বৈঠকত৷ গুৱাহাটীৰ আজাৰাৰ জ্যোতিভৱনত অনুষ্ঠিত কৰা হয় উক্ত বৈঠক৷ বৈঠকত ভাৰত জোড়ো ন্যায় যাত্ৰা সফল কৰি তুলিবলৈ ২৫খন উপসমিতি গঠন কৰা৷ পৰৱৰ্তী সময়ত উক্ত ২৫খন কমিটীৰ অধ্যক্ষসকলক লৈ আন এখন বৈঠক অনুষ্ঠিত কৰা হয়৷ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্ব তথা ৰাজ্যিক নেতৃত্বই  ভাৰত জোড়ো ন্যায় যাত্ৰা সফল কৰি তুলিবলৈ হ’লে ২৫খন উপসমিতি অধ্যক্ষসকলে কোনোধৰণৰ আগবাঢ়িব লাগিব সেই সন্দৰ্ভত পৰামৰ্শ দিয়ে৷  বৈঠকৰ অন্তত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা কেচি বেনুগোপালে সংবাদমেলত কয়– ১৪ জানুৱাৰীত মণিপুৰৰ ইম্ফলৰ পৰা মুম্বাইলৈ উলিওৱা হ’ব ভাৰত জোড়ো ন্যায় যাত্ৰা৷ ১৪ জানুৱাৰীত ইম্ফলত ভাৰত জোড়ো ন্যায় যাত্ৰা উদ্বোধন কৰিব কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই৷ হিংসা, দুৰ্নীতি, স্বজন-তোষণ, নিবনুৱা সমস্যা, কৃষকৰ সমস্যা আদিৰ ক্ষেত্ৰত ন্যায় প্ৰতিষ্ঠাৰ বাবে ৭-৮ দিন উৰি অসমত পদযাত্ৰা কৰিব ৰাহুল গান্ধীয়ে৷ তেওঁ আৰু কয়– অসমৰ আজিৰ তাৰিখত নিবনুৱা সমস্যা ১০ শতাংশ বৃদ্ধি পাইছে৷ এই হাৰে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছে৷ আজিৰ প্ৰজন্মই নহয়, সমগ্ৰ দেশবাসী দেশৰ ভৱিষ্যত কি হ’ব তাক লৈ সন্দীহান হৈ পৰিছে৷ এয়া এখন কল্যানকাৰী দেশ এখনৰ বাবে ভয়ংকৰ কথা৷ আনহাতে বৈঠকত ভাগ লৈ যুৱ নেতা কানহায়া কুমাৰে কয়– ভাৰত জোড়ো ন্যায় যাত্ৰাক লৈ কংগ্ৰেছে চিন্তা কৰাৰ কোনো কাৰণ নাই৷ দেশৰ জনগণে আকোৱালী লৈছে এই যাত্ৰাক৷ এতিয়া  বৰষুণ আহিছে, কেৱল  পানী ধৰি ৰখাহে কাম কংগ্ৰেছ কৰ্মীসকলৰ৷ আমাৰ কাম মাত্ৰ আমাৰ যাত্ৰাৰ বাৰ্তা ৰাইজৰ ওচৰলৈ লৈ যোৱা৷ নিৰ্বাচনৰ লক্ষ্য লৈ এই যাত্ৰা নহয়৷ যাত্ৰাৰ লক্ষ্য যদি নিৰ্বাচন হ’লহেঁতেন তেতিয়াহ’লে মণিপুৰৰ পৰা আৰম্ভ কৰা নহ’লহেঁতেন৷ উল্লেখ্য,  লখিমপুৰত কেবিনেটৰ দিনাই অৰ্থাৎ ১৮ জানুৱাৰীত অসমত উপস্থিত হ’ব কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা ৰাহুল গান্ধী৷ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ শীৰ্ষক পদযাত্ৰা উলিয়াবলৈ অসমত উপস্থিত হ’ব কংগ্ৰেছৰ অন্যতম শীৰ্ষ নেতাজন৷ ১৪ জানুৱাৰীৰ পৰা ২৫ জানুৱাৰীলৈ অসম তথা উত্তৰ-পূৰ্বাঞ্চলত কংগ্ৰেছ দলে ৰাষ্ট্ৰীয় নেতা ৰাহুল গান্ধীৰ নেতৃত্বত আৰম্ভ কৰিব ভাৰত জোড়ো ন্যায় যাত্ৰা৷  কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা ৰাহুল গান্ধীৰ নেতৃত্বত অহা ১৪ জানুৱাৰীৰ পৰা মনিপুৰৰ পৰা এই যাত্ৰাৰ শুভাৰম্ভ কৰা হ’ব৷  ৰাহুল গান্ধীৰ নেতৃত্বত ২৫ জানুৱাৰীলৈ অসমত ভাৰত জোড়ো ন্যায় যাত্ৰা অব্যাহত ৰাখিব৷ অসমত উজনি অসমৰ লগতে নামনি অসমৰ মুঠ ১৭খন জিলাত এই যাত্ৰা কৰিব৷ ৰাহুল গান্ধীয়ে মুঠ ৮৩৩ কিলোমিটাৰ যাত্ৰা কৰিব৷

সমষ্টিলৈ আহিব ৰাহুল, ক্ষুব্ধ আজমল

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ ধুবুৰীলৈ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা ৰাহুল গান্ধী আহিব বুলি শুনিয়েই ক্ষুব্ধ হৈ পৰিছে ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমল৷ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতাজনে ধুবুৰীৰ চাপৰত সভা অনুষ্ঠিত কৰাৰ বাবে ক্ষুব্ধ আজমলে ৰাহুল গান্ধীক কটাক্ষ কৰিছে৷ তেওঁ কয়– ৰাহুল গান্ধী বিয়া নপতা ধুনীয়া ল’ৰা৷ গতিকে অসমলৈ আহিলে তেওঁক চাবলৈ ছোৱালীয়ে ভিৰ কৰিবই৷ কিন্তু তেওঁলোকে কংগ্ৰেছক ভোট নিদিয়ে৷ ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ক কটাক্ষ কৰি আজমলে মঙলবাৰে সংবাদ মাধ্যমৰ আগত কয়–মোৰ এলেকালৈ অৰ্থাৎ চাপৰলৈ ৰাহুল গান্ধীক লৈ আহি আছে কংগ্ৰেছে৷ চাপৰত দুদিন ৰাখিব ৰাহুলক৷ তাৰ কাৰণে প্ৰস্তুতি লাগিবই৷ কিন্তু তেওঁ ইমান ডাঙৰ ‘লীডাৰ’ হোৱা নাই৷ ৰাহুল গান্ধী আহিলে তেওঁৰ চকু পৰক বুলি আহিব কিছুমান ছোৱালী৷ যদি চকু পৰে তাইৰ জীৱন সফল হৈ যাব৷ গতিকে ৰাহুল গান্ধী অহা সভাত ভিৰ বহুত হ’ব৷ কিন্তু ভোট মানুহে নিদিয়ে৷ মুঠতে কংগ্ৰেছ হাৰিব৷ কংগ্ৰেছে এটা বা ডেৰটা চিট যে আছিল সেইটোৱে পাব৷ বাকী আধা চিটো পাব নোৱাৰিব৷ পূৰ্বে ভাৰত জোড়ো যাত্ৰা কৰিছিল৷ নিৰ্বাচনত কি হ’ল? সকলো উল্টা হৈ গ’ল৷ মইতো ভাবিছিলো মোৰ বাংলাটো দুদিনৰ বাবে ৰাহুল গান্ধীক দি দিম৷ বেচেৰাই বহু কষ্ট কৰি আছে৷ দুদিন জিৰণি ল’লে ভাল পাব৷

আজমলক সাম্প্ৰদায়িক মন্তব্য প্ৰদান কৰাৰ পৰা বিৰত থকাৰ আহবান

‘আমাৰ অসম’ৰ কোক্‌ৰাঝাৰ বিশেষ প্ৰতিনিধিঃ অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কালত ২০- ২৫ জানুৱাৰীলৈ মুছলমান অৰ্থাৎ ধৰ্মীয় সংখ্যালঘু লোকসকলক ৰে’ল-বাছ আদিত যাতায়াত নকৰিবলৈ কৈ সাম্প্ৰদায়িক মন্তব্য কৰা এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলক এইবাৰ উভতি ধৰিছে সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমচুই৷ প্ৰকাশ যে আজি কোকৰাঝাৰৰ সংবাদ মাধ্যমৰ আগত উপ, এবিএমছুৰ সভাপতি মইনুদ্দিন আলীয়ে আজমলৰ এই ভাষ্য কেতিয়াও গ্ৰহণ কৰিব নোৱাৰে বুলি স্পষ্ট কৰি দিয়ে৷ ছাত্ৰ নেতাজনে লগতে ধুবুৰী লোকসভা সমষ্টিৰ ৰাইজে তেওঁক সময়ে সময়ে কিছুমান সাম্প্ৰদায়িক আৰু তুলুঙা মন্তব্য কৰি মানুহৰ মাজত বিভাজন সমাজত অস্থিৰতা আনিবলৈ ভোট দি জয়যুক্ত কৰোৱা নাই৷ অসমৰ ৰাইজে এআইইউডিএফৰ পৰা এনেধৰণৰ মন্তব্য বা কৰ্ম কাণ্ড বিচৰা নাই৷ এআইইউডিএফৰ ১৬জন বিধায়ক আৰু এজন সাংসদ জয়ী কৰাৰ মূল কাৰণটো হৈছে ধৰ্মীয় সংখ্যালঘু ৰাইজৰ জনসাধাৰণৰ উন্নয়ন সাধন কৰিব লাগে৷ কিন্তু জনসাধাৰণৰ আশা আকাংক্ষালৈ পিঠি দি আজমলে কেৱল সাম্প্ৰদায়িক মন্তব্যৰ সমাজবোৰ ভাগ ভাগ কৰাৰ ৰাজনীতি কৰি অহা পৰিলক্ষিত হৈছে৷ গতিকে এবিএমচুই কেতিয়াও এইবোৰ কাৰ্যৰ সমৰ্থন নকৰে৷ ভাৰত চৰকাৰে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত মুছলমানৰ প্ৰৱেশ নিষিদ্ধ কৰা নাই, ৰে’ল বাছত যাত্ৰা কৰাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰা নাই৷ গতিকে আজমলে সাম্প্ৰদায়িকতাৰ ৰাজনীতি কৰাটো বন্ধ কৰিব লাগে৷ তেওঁ ৰাজনীতি কৰক উন্নয়ন সাধন কৰক কিন্তু সাম্প্ৰদায়িক মন্তব্য দি যাতে সমাজলৈ বিভেদ নানে তাৰ বাবে আহ্বান জনায়৷ তদুপৰি বিলিকিচ বানুক দেশৰ উচ্ছতম ন্যায়ালয়ে দিয়া ৰায়দানক লৈ এবিএমচুৰ নেতাজনে সন্তুষ্টি প্ৰকাশ কৰে৷ তেওঁ ইয়াৰ দ্বাৰা আইনৰ প্ৰতি জনসাধাৰণৰ বিশ্বাস বৃদ্ধি পাব আৰু অদূৰ ভৱিষ্যতে এনে ধৰ্ষণ কাণ্ডৰ অভিযুক্তই উচিত শাস্তি পাব বুলি আশা প্ৰকাশ কৰে৷